• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত পচন্দৰ মানুহ নাই কংগ্ৰেছৰ : প্ৰায় ‘চূড়ান্ত’ ৰমেন বৰঠাকুৰৰ নাম

চৰ্চাত আহিছিল গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ নামো

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 20, 2019 6:59 am
Ramen Borthakur

ৰমেন বৰঠাকুৰ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায়বোৰ সমষ্টিত প্ৰাৰ্থীৰ নাম এক প্ৰকাৰৰ চূড়ান্ত হ’লেও হাইপ্ৰফাইল গুৱাহাটী সমষ্টিত উপযুক্ত মুখৰ সন্ধান পোৱা নাই কংগ্ৰেছে। কেইবাগৰাকী প্ৰাৰ্থীয়ে টিকট বিচাৰি আৱেদন জনালেও তেওঁলোকৰ বাহিৰৰ কেইবাজনৰ নামো চৰ্চালৈ আহিছিল যোৱা দুদিনত। কিন্তু বিভিন্ন কাৰণত প্ৰাৰ্থীৰ ক্ষেত্ৰত সিদ্ধান্তত উপনীত হ’ব পৰা নাই দলটোৰ নেতৃত্ব। ইয়াৰ ভিতৰত আছে ঘাইকৈ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ নাম। চলিহাই পূৰ্বে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ড০ ভূপেন হাজৰিকাক পৰাজিত কৰিছিল।

শেহতীয়া এটা গোপন সূত্ৰৰ মতে, টিকট বিচাৰি প্ৰথম দিনটোতে আৱেদন কৰাসকলৰ মাজৰে ৰমেন বৰঠাকুৰৰ নামেই এতিয়া সৰ্বাধিক সম্ভাৱনাময় নাম হৈ পৰিছে গুৱাহাটীৰ বাবে। বৰঠাকুৰৰ লগতে জ্যেষ্ঠ কংগ্ৰেছী বলিন বৰদলৈ আৰু ববিতা শৰ্মায়ো টিকট বিচাৰি আবেদন জনাইছিল যদিও আৰু তিনিওজনৰ নাম কংগ্ৰেছৰ ৰাজ্যিক পৰ্য্যায়ৰ পেনেলত অন্তৰ্ভুক্ত হৈছিল যদিও বৰঠাকুৰেই টিকট পোৱা এক প্ৰকাৰৰ নিশ্চিত।

Apply Now

ৰমেন বৰঠাকুৰ বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু জ্যেষ্ঠ মুখপাত্ৰৰ দায়িত্বত আছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ৰমেন বৰঠাকুৰৰ নাম পেনেলত অন্তৰ্ভুক্ত নকৰা বুলি ভাবি ১৭ মাৰ্চৰ দিনা বৰঠাকুৰৰ বহুসংখ্যক সমৰ্থকে ৰুক্মিণীগাঁওস্থিত এন আৰ এল পেট্ৰ’ল পাম্পৰ পৰা বেলতলাস্থিত ৰিপুণ বৰাৰ বাসগৃহলৈকে সমদল কৰি গুৱাহাটীত বৰঠাকুৰক প্ৰাৰ্থিত্ব দিবৰ বাবে দাবী জনাইছিল। বৰায়ো পেনেলত বৰঠাকুৰৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি তথা তেওঁৰ নামো প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত বিবেচনা কৰা হ’ব বুলি আশ্বাস দিছিল বৰঠাকুৰৰ সমৰ্থকসকলক।

আনহাতে, বিজেপিৰ পৰা কুইন ওজাই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে চৰ্চা হৈছে যদিও এতিয়াও গেৰুৱা দলটোৱেও আনুষ্ঠানিক ঘোষণা কৰিব পৰা নাই চূড়ান্ত প্ৰাৰ্থীৰ নাম।

কংগ্ৰেছে যোৱা ১৫ তাৰিখে ৫টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল।প্ৰথমখন তালিকাত কৰিমগঞ্জত স্বৰূপ দাস, শিলচৰত সুস্মিতা দেব, কলিয়াবৰত গৌৰব গগৈ, যোৰহাটত সুশান্ত বৰগোঁহাই আৰু ডিব্ৰুগড়ত পৱন সিং ঘাটোৱাৰক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে। সেইদৰে দলটোৱে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ, মঙলদৈত ভুৱনেশ্বৰ কলিতা, লখিমপুৰত অনিল বৰগোহাঁই, তেজপুৰত এম জি কে ভানু আৰু ডিফুত বৰ্তমানৰ সাংসদ বীৰেন সিং ইংতিৰ প্ৰাৰ্থিত্ব নিশ্চিত কৰিছে।

গুৱাহাটীত প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকায়ো নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ইতিপূৰ্বে সংবাদমেলযোগে ঘোষণা কৰিছে। ফলত বিজেপিৰ কুইন ওজা আৰু ৰমেন বৰঠাকুৰৰ মাজতে মূল যুঁজ হ’লেও উপমন্যু হাজৰিকাই ভোটৰ হৰণ-ভগন কৰাটো নিশ্চিত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd