আজি বিজেপি চৰকাৰক প্ৰতাৰক আখ্যা দি তেওঁলোকৰ বিৰুদ্ধে কংগ্ৰেছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতাৰণা দিৱস পালন কৰিছিল অসম প্ৰদেশ কংগ্ৰেছে।
বিজেপি চৰকাৰৰ বানপানী নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি ব্যৰ্থ হোৱাৰ অভিযোগত প্ৰতাৰণা বিৰোধী পালন কৰিছিল প্ৰদেশ কংগ্ৰেছে।
তাৰ পাছতে ছ’চিয়েল মেডিয়াত কংগ্ৰেছৰ এই প্ৰতাৰণা দিৱসৰ বিৰোধিতা কৰি হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মী-সমৰ্থক তথা আইটি চেলে। আনকি কংগ্ৰেছ কিয় প্ৰতাৰক সেই বিষয়েও উল্লেখ কৰিছে আইটি চেলৰ কৰ্মীসকলে।
বিজেপি যুৱ মৰ্চাৰ আইটি চেলৰ আহ্বায়ক পৰাণ জ্যোতি পাচনিয়ে এইক্ষেত্ৰত কংগ্ৰেছ কিয় প্ৰতাৰক তাৰ দুটা কাৰণ বাখ্যা কৰি লিখি কয় ‘২লাখ ৮৪ হাজাৰ চৰকাৰী ঘৰৰ ভুৱা হিতাধিকাৰীৰ নাম, ৯লাখ শিশুখাদ্য তালিকাত ভুৱা শিশুৰ নাম, ৩ লাখ ৬০ হাজাৰ ভুৱা ৰেচন কাৰ্ড, ৪ লাখ ৫০ হাজাৰ ভুৱা job কাৰ্ডৰে চলিছিল কংগ্ৰেছৰ চৰকাৰ। এতিয়া ৰাইজেই কওক প্ৰতাৰক কোন?’
আন এগৰাকী বিজেপি সমৰ্থক ৰোস্তম টেৰনে ফেইচবুকত লিখি কয় ‘৮৫৫ গৰাকী অসমীয়াক গুলীয়াই হত্যা কৰা জাতিদ্ৰোহী, প্ৰতাৰক কংগ্ৰেছ দলে পাতিছে “প্ৰতাৰণা দিবস”!!!’
ইপিনে, সৌৰভজ্যোতি বৰা নামৰ আন এগৰাকী বিজেপি সমৰ্থকে ফেইচবুকত লিখি কয় ‘অসমত এটাও বাংলাদেশী নাই বুলি কোৱা তৰুণ গগৈৰ চৰকাৰৰ কংগ্ৰেছ দলে প্ৰতাৰণা দিৱস পাতিছে।‘
নপুৰ বাণিক জয়শ্ৰী যোগী নাথ বিদ্যুৎ দত্ত আৰু পাৰ্থজিৎ হাজৰিকা নামৰ অন্য দুগৰাকী বিজেপি সমৰ্থকে লিখি কয় ‘প্ৰতাৰক কোন? দেশত “জৰুৰী কালীন অবস্থা” ঘোষণা কৰি গণতন্ত্ৰক হত্যা কৰা স্বৈৰাচাৰী কংগ্ৰেছ দলে পাতিছে “প্ৰতাৰণা দিৱস”!!’
আনহাতে, প্ৰিয়ংকা তালুকদাৰ নামৰ আন এগৰাকী ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে লিখি কয় ‘১৯৬২ চনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক চীনক গতাই দিব বিচৰা কংগ্ৰেছৰ প্ৰতাৰণা দিৱস, প্ৰতাৰক কংগ্ৰেছ।‘
ইয়াৰোপৰি, আন এগৰাকী ফেইচবুক ব্যৱহাৰকাৰীয়ে ফেইচবুকত লিখি কয় ‘তৰুণ গগৈৰ চৰকাৰৰ দিনত বানপানীৰ সময়ত বানপীড়িতক সহায় কৰাৰ পৰিবৰ্তে “আমেৰিকাটো বানপানী হয়” বুলি টুলুঙা মন্তব্য দিয়া কংগ্ৰেছে প্ৰতাৰণা দিৱস পাতিছে।‘
কংগ্ৰেছৰ প্ৰতাৰণা দিৱসৰ পাছতেই এইদৰেই এতিয়া প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ লগতে কংগ্ৰেছৰ দিনৰ কাম-কাজৰ সমালোচনা কৰি ছ’চিয়েল মেডিয়া তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে।