• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ ওচৰত “নতশিৰ” মুখ্যমন্ত্ৰীক তুলাধূনা লুৰীণজ্যোতি আৰু APCC ৰ সভাপতি ভূপেন বৰাৰ

‘যোৱা ২৬ জুলাইৰ পৰা প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে মিজোৰাম-অসম সীমান্তক লৈ এটাও টুইট দিয়া নাই’ লুৰীণজ্যোতি গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 28, 2021 8:02 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ ওচৰত নতশিৰ নেকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা?

দিল্লীয়ে উঠ বুলি ক’লে উঠিব আৰু দিল্লীয়ে বহ বুলি ক’লে বহিব নেকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Apply Now

তেনে এক কথাৰে যেন উমান পোৱা গ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যত।

যোৱা ২৬ জুলাইৰ দিনা মিজো আৰক্ষী আৰু উন্মত্ত জনতাৰ গুলিত প্ৰাণ হেৰুৱালে ৬ গৰাকীকৈ আৰক্ষী জোৱানে।

তাৰ পাছতো শান্তি দূতৰ ভুমিকাত অৱতীৰ্ণ হৈ অসম আৰক্ষীয়ে গুলি নচলায় বুলি দাবী কৰা মুখ্যমন্ত্ৰীৰ  মন্তব্য নিশ্চয়কৈ নুই কৰিব নোৱাৰি।

কিন্তু কালি শিলচৰত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰা এক সংবাদমেলত অত্যুক্তি কৰিবলৈ গৈ কৈ পেলালে বহু কথাই। যি কথাই এতিয়া ৰাজ্যৰ চৌদিশে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

মুখ্যমন্ত্ৰীয়ে কৈছিল ‘কেৱল বৰাক উপত্যকাই নহয়, কেন্দ্ৰই বিচাৰিলে বা সংসদত আইন প্ৰণয়ন হ’লে গুৱাহাটী-নলবাৰীলৈকে মিজোৰামক গতালেও মোৰ আপত্তি নাই।‘

বুদ্ধিত বৃহস্পতি, কথাত দম থকা তথা কালৈকো ভয় নকৰা মুখ্যমন্ত্ৰীৰ পৰা এনেধৰণৰ মন্তব্য সচাৰচৰ কোনো অসমীয়াই আশা নকৰে। সেয়েহে হয়তো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৌদিশে।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভুপেন বৰাই।

ভুপেন বৰাৰ মতে ‘অসমৰ সীমান্ত পিছুৱাই অনা হৈছে! মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা স্পষ্ট হৈছে এই কথা মুখ্যমন্ত্ৰীৰ অদূৰদৰ্শিতা-অপৰিপক্কতাৰ বাবে আজি অসমৰ এই অৱস্থা!

প্ৰকৃত স্বৰূপ ওলাই পৰাৰ ভয়ত বিৰোধী দলৰ নেতাক সীমান্ত অঞ্চল পৰিদৰ্শনত বাধা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ তোলে ভুপেন বৰাই।

ইপিনে, মুখ্যমন্ত্ৰীৰ কালিৰ বক্তব্যৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।

মুখ্যমন্ত্ৰীক ৰাজ্যৰ ভৌগলিক অখণ্ডতাৰ কথা সোঁৱৰালে লুৰীণজ্যোতিয়ে। লগতে মুখ্যমন্ত্ৰীৰ বক্তব্য নিৰাশাজনক আৰু লজ্জাজনক আখ্যা দিয়ে।

সীমা সুৰক্ষাৰ দায়িত্বত থকা শ্বহীদ জোৱানৰ প্ৰতি এয়া চুড়ান্ত অপমান বুলিও লুৰীণে কয়।

ইপিনে, নেডাৰ আহ্বায়ক হিচাপেও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চুড়ান্ত ব্যৰ্থ হোৱা বুলি দাবী লুৰীণজ্যোতি গগৈৰ।

লুৰীণে কয় ‘নেডাৰ বৈঠকৰ মূল বিষয় সীমা সুৰক্ষাৰ প্ৰসংগ এৰাই চলিছে মুখ্যমন্ত্ৰীয়ে। উত্তৰ পূৱৰ সমন্বয় ৰক্ষাতো চুড়ান্ত ব্যৰ্থ হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী।২৬ জুলাইৰ পৰা এতিয়ালৈকে এটাও টুইট কৰা নাই প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।‘

মুখ্যমন্ত্ৰী হিচাপে কেন্দ্ৰৰ বিৰুদ্ধে গৰজি উঠাৰ উদাহৰণ দাঙি ধৰিছিল গোপীনাথ বৰদলৈয়ে। কিন্তু এতিয়াৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী যেন ‘কেন্দ্ৰৰ ছাবি দিয়া পুতলা’ কিয়নো ‘বৰাক উপত্যকা, গুৱাহাটী নলবাৰীক মিজোৰামক গতাই দিলেও আপত্তি নাই মুখ্যমন্ত্ৰীৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd