ৰাজ্যসভাৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অভিযোগত কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী জাৰি কৰিবলৈ অনুৰোধ জনাইছে।
এই সন্দৰ্ভত দলটোৰ ৰাজ্যসভাৰ মুখ্য সচেতক জয়ৰাম ৰমেশে অধ্যক্ষ জগদীপ ধনকৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ দাবী কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রাক্তন অধ্যক্ষগৰাকীক সন্দর্ভত যি মন্তব্য আগবঢ়াইছিল, সেয়া আগতে কেতিয়াও কৰা হোৱা নাছিল৷ একেদৰে এন ডি এ চৰকাৰৰ এমাহ বৰ্ষপূৰ্তিৰ পূৰ্বে কংগ্ৰেছে ১০টা বিষয় উত্থাপন কৰি কেন্দ্ৰৰ পৰা সঁহাৰি বিচাৰিছে।
লগতে পঢ়কঃ আজি সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে আৰম্ভ হৈছে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ
অধ্যক্ষলৈ লিখা পত্ৰখনত জয়ৰাম ৰমেশে উল্লেখ কৰিছে যে, “মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছো।” ২০২৪ চনৰ ২ জুলাইত ৰাষ্ট্ৰপতিৰ ভাষণৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “তেওঁলোকে যি সংখ্যা দাবী নকৰক কিয়, ২০১৪ চনত আমি যেতিয়া ক্ষমতালৈ আহিছিলো তেতিয়া ৰাজ্যসভাত আমাৰ সংখ্যা অতি কম আছিল আৰু অধ্যক্ষই তেওঁলোকৰ ফালে হালি দিছিল।”
জয়ৰাম ৰমেশে দাবী কৰে যে কাৰো নাম নল’লেও এই মন্তব্য প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ হামিদ আনছাৰীক লক্ষ্য কৰি কৰা হৈছে। তেওঁ লগতে কয় যে পত্ৰখনত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীক লৈ কৰা এই মন্তব্যসমূহ অভাৱনীয় আৰু অপমানজনক। বিশেষাধিকাৰ ভংগৰ অভিযোগত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জয়ৰাম ৰমেশে।
লগতে পঢ়কঃ শ্বুটিঙৰ সময়ত আহত অভিনেত্ৰী উৰ্বশী ৰাউটেলা! ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে হাস্পাতালত
উল্লেখ্য যে ৮ জুনত এন ডি এ চৰকাৰে শপত গ্ৰহণ কৰে। কংগ্ৰেছে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত ১০টা বিষয় তুলি ধৰিছে। দলটোৰ অফিচিয়েল এক্স হেণ্ডেলত লিখিছে, ‘এই এক মাহত কি ঘটিল? ভয়ংকৰ ৰেল দুৰ্ঘটনা, জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ ৮ সেনা জোৱান, ১০ জনৰ মৃত্যু, নীট প্ৰশ্নকাকত ফাদিল, স্নাতকোত্তৰ নীট পৰীক্ষা স্থগিত, UGC-NET পৰীক্ষা স্থগিত, CSIR-UGC-NET পৰীক্ষা স্থগিত, গাখীৰ, দালি, শাক-পাচলি, ৰন্ধন গেছ, টোল বৃদ্ধি, টকাৰ মূল্য হ্ৰাস, যোৱা ৮ মাহত নিবনুৱাৰ হাৰ আৰু পাইকাৰী মুদ্ৰাস্ফীতিৰ ফলত ১৫ মাহৰ অভিলেখ ভংগ হৈছে। চৰকাৰ গঠনৰ এমাহৰ পাছত এই বিষয়টো উত্থাপন কৰি চৰকাৰৰ পৰা সঁহাৰি বিচৰা হৈছে।