• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

By-election campaign তামুলপুৰত তীব্ৰতৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ; মুখ্যমন্ত্ৰীক উভতি ধৰিলে কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ দাহালে

‘’বিপিএফ আৰু ইউ পি পি এল দলে বড়ো জনগোষ্ঠীক বঞ্চিত কৰি আহিছে। বিজেপিয়ে বড়ো সকলক দুভাগ কৰি দুৰ্বল কৰিছে‘’

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
October 19, 2021 12:21 pm
Congress campaign in Tamulpur byelection

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

By-election campaign উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিত ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে। এটা দলে আনটো দলক সমালোচনা কৰি গৰম কৰি তুলিছে ৰাজনৈতিক প্ৰেক্ষাপট। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নামি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বহু হাইপ্ৰফাইল নেতা৷

মিত্ৰজোঁটৰ হাইভল্টেজ নেতাই তামুলপুৰৰ মিত্ৰজোঁট সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ প্ৰচাৰ কাৰ্য্য চলোৱাৰ সমান্তৰালভাৱে কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ দাহালৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত নামি পৰিছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুণ বৰা আদিয়ে।

ইপিনে দেওবাৰে কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ দাহালে তামুলপুৰ সমষ্টিৰ চাৰিসীমা চিনি নাপায় বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠি মুখ্যমন্ত্ৰীক উভতি ধৰিলে দাহালে।

Apply Now

দাহালে কয়, ‘’মুখ্যমন্ত্ৰীৰ দৰে পদত থাকি যি তি কথা কৈ মুখ্যমন্ত্ৰীৰ পদমৰ্যদা লাঘৱ নকৰিব। মুখ্যমন্ত্ৰীৰ পদ এৰি অসমৰ চুকে কোণে যাওক। আপুনি চাৰিসীমা চিনি পায় নে ভাস্কৰ দাহালে চিনি পায় গম পাব।‘’

মুখ্যমন্ত্ৰীয়ে দাহালক সমষ্টিৰ বাহিৰৰ মানুহ বুলি কটাক্ষ কৰাৰ পিচত ভাস্কৰ দাহালে চিৰাং অসমৰ ভিতৰত নপৰে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ৷

Also Read: গোলাঘাট জিলাত সকলো সাপ্তাহিক গৰু-ম’হৰ বজাৰ সাময়িকভাৱে বন্ধ ঘোষণা

 চিৰাংৰ আমটেঙা অসমৰ নহয় যদি পৃথক ৰাজ্য ঘোষণা কৰক  বুলি উল্লেখ কৰি দাহালে কয় যে মুখ্যমন্ত্ৰীৰ মুখত এনে মন্তব্য অশোভনীয়।

‘’মুখ্যমন্ত্ৰী গৰাকীক ক্ষমা খুজিবলৈও দাবী জনায় দাহালে৷  দতমাৰ পৰা গৈ ইউ জি ব্ৰহ্মই যদি ছাপাগুৰিত নিৰ্বাচন খেলিব পাৰে মই তামুলপুৰত কিয় খেলিব নোৱাৰো,’’- দাহালৰ প্ৰশ্ন ৷ 

আনহাতে, ভাস্কৰ দাহালৰ হৈ সোমবাৰে নিৰ্বাচনী প্ৰচাৰত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই কয়, ‘’বিপিএফ আৰু ইউ পি পি এল দলে বড়ো জনগোষ্ঠীক বঞ্চিত কৰি আহিছে। বিজেপিয়ে বড়ো সকলক দুভাগ কৰি দুৰ্বল কৰিছে।‘’

Also Read: হাজো আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী; জব্দ বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেট

তেওঁ কয়, ‘’বড়ো জনগোষ্ঠীটোৰ লোকে এতিয়া বুজিছে যে তেওঁ লোকক এতিয়া অস্ত্ৰ আৰু পণ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি বিজেপিয়ে তেওঁ লোকক বন্ধকত থৈ ৰাজনীতি কৰিছে।‘’

বিজেপি ফাঁকিবাজ দল বুলি উল্লেখ কৰি বৰাই লগতে কয় যে মূল্য বৃদ্ধিক লৈ বিজেপি চিন্তিত নহয়। বিজেপি ধনী লোকৰ দল পুঁজিপতিৰ হৈ  কাম কৰা দল।

মূল্য বৃদ্ধিক লৈ বিজেপিৰ ভৱেশ কলিতা, দিলীপ শইকীয়াই উপলুঙা সুচক মন্তব্য কৰাৰো অভিযোগ তোলে বৰাই।

Also Read: New Covid cases Assamৰাজ্যৰ কোভিড পৰিস্থিতিক লৈ আশ্বস্ত হোৱাৰ থল আছেনে? নতুনকৈ কিমান বাঢ়িল সংক্ৰমণ?

আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি বৰাই কয়, ‘’যি গৰাকী মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল, সেইজন মুখ্যমন্ত্ৰীয়ে ৰঙা দলিচা পাৰি ভবানীপুৰ সমষ্টিত মাটিৰ দালালক লৈ আহিলে।‘’

বৰাকত অসমীয়া ভাষাক অপমান কৰা কাৰ্য্যক দুৰ্ভাগ্যজনক আখ্যা দি বৰাই সকলোকে শান্তিপুৰ্ণ ভাৱে বসবাস কৰিবলৈ আহ্বান জনায়।

দীপক কুমাৰ পাঠক, তামুলপুৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd