• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ,দুই কংগ্ৰেছী বিধায়ককে ধৰি প্ৰতিবাদকাৰীক আটক

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 23, 2022 2:47 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ই ডিৰ দৰে চৰকাৰী সংস্থা ব্যৱহাৰ কৰি আক্ৰোশমূলকভাৱে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ নিকা ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে ৷ বিজেপি চৰকাৰৰ এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰি তোলে ৷

প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাধা নেমানি জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় যদিও দুই কংগ্ৰেছ বিধায়ক আব্দুল বাতিন খণ্ডকাৰ আৰু প্ৰদীপ সৰকাৰসহ প্ৰতিবাদকাৰীসকলক পিচত আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে ৷ উল্লেখ্য যে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ ইডিয়ে চমন জাৰি কৰাৰ পিচতে দেশজুৰি কংগ্ৰেছ দলৰ কৰ্মীসকলে প্ৰতিবাদত নামি পৰিছে ৷

Apply Now

বঙাইগাঁৱতো জিলা কংগ্ৰেছৰ উদ্যোগত শুকুৰবাৰে ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ কংগ্ৰেছ দলে প্ৰতিবাদী সমদল উলিয়ায় যদিও পৌৰ সভা কাৰ্যালয়ৰ সন্মুখত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে ৷ ইয়াকে লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয় আৰু প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাধা নেমানি তথা বেহু ফালি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷

প্ৰতিবাদকাৰীসকলে বিজেপি গ’ বেক, বিজেপি চৰকাৰ হায় হায় আদি চৰকাৰ বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ মূল বন্ধ গেটৰ ওপৰেৰে পাৰ হৈ চৌহদত প্ৰবেশৰ চেষ্টা চলায় প্ৰতিবাদকাৰীসকলে ৷ এনে অৱস্থাত আৰক্ষী আৰু চি আৰ পি এফৰ দলে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে ৷ পিচলৈ পৰিৱেশ অধিক উত্তাল হৈ পৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি থানালৈ নিব বিচাৰে যদিও ইয়াকে লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয় ৷

অৱশ্যে আৰক্ষীয়ে পিচত অধিক কঠোৰ হৈ বিধায়কসহ প্ৰতিবাদকাৰীসকলক আটক কৰি টানি ঢুহি, ঠেলি হেঁচি আৰু দাঙি বাছত উঠাই থানালৈ লৈ যায় ৷ বিধায়ক প্ৰদীপ চৰকাৰে কয় যে বিজেপিৰ এই গুণ্ডাগিৰিৰাজ আমি নেমানো ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যিদৰে আক্ৰোশমূলকভাৱে চৰকাৰ চলাই আছে আমি তাৰ তীব্ৰ প্ৰতিবাদ কৰিছো ৷ লগতে কংগ্ৰেছ দলৰ সভানেত্ৰীক ইডিয়ে চমন জাৰি কৰা কাৰ্যৰো প্ৰতিবাদ কৰি আগলৈ যাতে তেনে নকৰে তাৰ বাবে বিজেপি চৰকাৰক সকিয়াই দিয়ে ৷ একেদৰে বিজেপিৰ এনে আক্ৰোশমূলক কাৰ্যৰ কংগ্ৰেছ দলে প্ৰতিবাদ কৰি যাব বুলি কৈ ইয়াৰ বাবে জেললৈ যাবলৈকো দলৰ লাখ লাখ কৰ্মী সাঁজু আছে বুলি কয় ৷

প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি আবুল কাছেম, প্ৰদেশ কংগ্ৰেশৰ উপ সভানেত্ৰী বালিকা পেগু, সাধাৰণ সম্পাদক বিতোপন শইকীয়াৰ লগতে যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ বিষয়ববীয়া তথা দলৰ শতাধিক নেতা- কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কপাৰ পূৰ্বে দলৰ কাৰ্যালয়ত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ সভাত বিধায়ক আব্দু্ল বাতিন খণ্ডকাৰে বৰ্তমান দেশত এক অঘোষিত জৰুৰীকালীন অৱস্থা চলি থকা বুলি মন্তব্য কৰি বৰ্তমানৰ বিজেপি চৰকাৰে দেশৰ তদন্তকাৰী সংস্থাসমূহক বিৰোধী ৰাজনৈতিক দলবোৰক ৱশ কৰিবলৈহে ব্যৱহাৰ কৰি থকা বুলি অভিযোগ কৰে ৷ সভাত বিভিন্নজনে বক্তব্য ৰাখে ৷ সভাত নৱ নিযুক্ত জিলা কংগ্ৰেছৰ সভাপতি আবুল কাছেমক সম্বৰ্ধনাও জনোৱা হয় ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd