DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বিত ‘বিজেপি ভক্তি’ত গদগদ বিধায়ক শশীকান্ত দাস

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 31, 2021 7:42 pm
237
VIEWS
Share on FacebookShare on Twitter

অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বিত ‘বিজেপি ভক্তি’ত গদগদ বিধায়ক শশীকান্ত দাস।

আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত বিধায়ক দাসক দলৰ পৰা নিলম্বন কৰে। উল্লেখ্য বিজেপি ভক্ত হৈ পৰা শশীকান্ত দাসক চলিগ বৰ্ষৰ ২০ ডিচেম্বৰত কংগ্ৰেছে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক ববিতা শৰ্মাই স্বাক্ষৰ কৰা বিবৃতিত বিধায়ক শশীকান্ত দাসক কংগ্ৰেছৰ পৰা নিলম্বন কৰাৰ কথা কোৱা হৈছে।

শেহতীয়াকৈ বৰ্ষাকালীন অধিৱেশনৰ সময়তে বিধায়ক শশীকান্ত দাসে বিজেপিক একপ্ৰকাৰ মুকলিকৈয়ে সমৰ্থন জনাইছিল।
তেওঁ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতো তেওঁ অতি অনুগতৰ দৰে আচৰণ কৰিছে।

বিধায়কগৰাকীৰ এনে কাৰ্যই দলৰ ভাৱমূৰ্তি বিনষ্ট কৰা বুলি মন্তব্য কৰি কংগ্ৰেছে তেওঁক ২৪ ঘণ্টাৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।

উল্লেখ্য শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে উন্নয়নমূলক কামকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ কথাই এতিয়া বহু ৰহস্যৰ সৃষ্টি কৰিছিল।

তেওঁ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব বুলি কথা ওলাইছিল।

মুখ্য মন্ত্ৰীৰ চৰণ চুই আশীৰ্বাদো লৈছিল বিধায়ক গৰাকীয়ে।

মুখ্য মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ফুলাম গামোচাৰে আদৰাণি জনাইছিল শশীকান্ত দাসক।

ইয়াৰ পাছতে এতিয়া শশীকান্ত দাসৰ বিজেপি গমনৰ বিষয় লৈ ব্যাপক চৰ্চা চলিছিল। শশীকান্ত দাস এইবাৰ প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল।

তেওঁ কৈছিল ” মই সমষ্টিটোৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলোঁ। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কামত বহুত সন্তুষ্ট সেয়েহে নিজৰ সমষ্টিটোৰ উন্নয়নৰ আশাত তেওঁক সাক্ষাৎ কৰো। মই বৰ্তমানো কংগ্ৰেছৰে বিধায়ক কিন্তু উন্নয়নমূলক কামত মই মুখ্যমন্ত্ৰীৰ সদায় সমৰ্থনত আছোঁ।”

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd