নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে নাগৰিকত্ব বিধেয়কৰ বিষয়টো আগন্তুক লোকসভা নিৰ্বাচনত তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই এই কথা প্ৰকাশ কৰি কয়, ‘’আমি আকৌ ক্ষমতালৈ আহিলে নাগৰিকত্ব বিধেয়ক সম্পূৰ্ভাৱে প্ৰত্যাহাৰ কৰা হ’ব।‘’
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমৰ অধ্যক্ষতাত এআইচিচিৰ নিৰ্বাচনী ইস্তাহাৰ কমিটিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিষয়টো ইয়াৰ নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তুলি ধৰা হ’ব। ইয়াৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান আৰু উত্তৰ-পূব পৰিষদ(এন ই চি) আৰু ডনাৰ মন্ত্ৰালয়ক স্বতন্ত্ৰতা প্ৰদানৰ বিষয়টোও আছে।
‘’বিজেপি চৰকাৰে অসমৰ জনসাধাৰণৰ আবেগক লৈ খেলিছে। গুৱাহাটীৰ আছুৰ কাৰ্যালয় বন্ধ কৰি ৰখা হৈছে… কেৱল এয়াই কৰা নাই,’’ বুলি উল্লেখ কৰি বৰাই লগতে অসমৰ পৰিস্থিতিয়ে উত্তৰ-পূৰ্বাঞ্চলত ‘’বিজেপিয়ে ইয়াৰ স্থিতি হেৰুওৱা’’ৰ কথাটোকে দাঙি ধৰিছে বুলি কয়।
বৰাই কয়,’’বিজেপিয়ে এতিয়া ভোট বেংকৰ ৰাজনীতি কৰিছে।‘’
কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সকলো সাধাৰণ সম্পাদক আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হৈছিল। বৰাই জানিবলৈ দিয়ে যে ‘’উক্ত বৈঠকত সকলো ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰা হৈছে।‘’
সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, আগন্তুক লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি কংগ্ৰেছৰ নতুন দিল্লীৰ পৰা শীৰ্ষ নেতাসকলে শীঘ্ৰেই উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ আৰম্ভ কৰিব।‘’