• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 20, 2026 7:39 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্দে মাতৰমক লৈ বিজেপিৰ সমালোচনাৰ মাজতে নিজৰ ৮৯ বছৰ পুৰণি সিদ্ধান্তত অটল থকাৰ কথা স্পষ্ট কৰিলে কংগ্ৰেছে। দলীয় সভা আৰু অনুষ্ঠানত বন্দে মাতৰমৰ ছটা স্তৱক গোৱাৰ পৰিৱৰ্তে কেৱল প্ৰথম দুটা স্তৱকহে পৰিৱেশন কৰা হ’ব বুলি কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে জানিবলৈ দিছে।

বুধবাৰে অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত বন্দে মাতৰমক লৈ বিস্তৃতভাৱে আলোচনা হয়। ইয়াৰ পূৰ্বে শনিবাৰে স্বাধীনতাৰ ৮০ বছৰ উদযাপন উপলক্ষে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত সেৱাদলৰ কৰ্মীসকলে বন্দে মাতৰমৰ ছটা স্তৱক পৰিৱেশন কৰিছিল। বিজেপিয়ে অভিযোগ কৰিছিল যে গান পৰিৱেশনৰ মাজতে ছোনিয়া গান্ধীয়ে অসন্তুষ্টি প্ৰকাশ কৰি সেৱাদলৰ কৰ্মীসকলক গান বন্ধ কৰিবলৈ কৈছিল।

Apply Now

ইয়াৰ পিছতে বিষয়টোক লৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিয়ে। সোমবাৰে গোৱাত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত অনুষ্ঠিত দলীয় অনুষ্ঠানতো বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক গোৱা হৈছিল।

চলিত বছৰৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক নিৰ্দেশনাত চৰকাৰী অনুষ্ঠানৰ আৰম্ভণি আৰু শেষত ৰাষ্ট্ৰীয় সংগীতৰ পূৰ্বে বন্দে মাতৰম পৰিৱেশন কৰাৰ কথা উল্লেখ কৰা হৈছিল। ইয়াৰ উপৰি শেহতীয়াকৈ সংসদত ৰাষ্ট্ৰীয় সন্মানৰ অপমান ৰোধৰ আইন সংশোধন কৰা হৈছে। সংশোধিত আইন অনুসৰি বন্দে মাতৰমৰ দৰে ৰাষ্ট্ৰীয় বন্দনা গীতৰ অপমান কৰিলে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা হ’ব পাৰে।

কিন্তু এই বিষয়ত কংগ্ৰেছে নিজৰ পুৰণি সিদ্ধান্ত সলনি নকৰাৰ কথা স্পষ্ট কৰিছে। বুধবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত কেইবাগৰাকীও নেতাই ১৯৩৭ চনত গ্ৰহণ কৰা সিদ্ধান্তটো বাহাল ৰখাৰ পক্ষে মত প্ৰকাশ কৰে। সেই সিদ্ধান্ত অনুসৰি কংগ্ৰেছৰ সভা আৰু অনুষ্ঠানত বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকহে গোৱা হ’ব।

কংগ্ৰেছৰ মতে, সেই সময়ত দলৰ ফালৰ পৰা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতামত বিচাৰি তেওঁলৈ চিঠি প্ৰেৰণ কৰা হৈছিল। জৱাহৰলাল নেহৰুলৈ লিখা চিঠিত ৰবীন্দ্ৰনাথ ঠাকুৰে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক গোৱাটোৱেই উপযুক্ত বুলি পৰামৰ্শ দিছিল।

বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকত দেশমাতৃৰ বন্দনাৰ কথা উল্লেখ আছে। আনহাতে, পৰৱৰ্তী চাৰিটা স্তৱকত ধৰ্মীয় বিষয়ৰ উল্লেখ থকা বাবে বিভিন্ন ধৰ্মৰ লোক উপস্থিত থকা সভা বা অনুষ্ঠানত সেই অংশ পৰিৱেশন নকৰাই উচিত বুলি তেতিয়া কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে সিদ্ধান্ত লৈছিল।

বুধবাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিজেপিৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি কয় যে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ দৰে জাতীয় নেতাসকলে বন্দে মাতৰমৰ যিমানখিনি অংশ গাইছিল, কংগ্ৰেছেও সেই অংশহে পৰিৱেশন কৰিব।

বন্দে মাতৰমক লৈ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বিজেপিৰ হুংকাৰৰ প্ৰসংগত খাৰ্গেই প্ৰশ্ন কৰে, যদি এই বিষয়ত গোচৰ ৰুজু কৰা হয়, তেন্তে প্ৰয়াত জাতীয় নেতাসকলৰ বিৰুদ্ধেও বিজেপিয়ে গোচৰ ৰুজু কৰিব নেকি? বন্দে মাতৰমক লৈ ৰাজনৈতিক বিতৰ্ক চলি থকাৰ মাজতে কংগ্ৰেছৰ এই স্থিতিয়ে বিষয়টো পুনৰ ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰলৈ আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd