• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিপিএফ, এআইয়ুডিএফ, বিকল্প শক্তিক লগত লৈ ২১ত আমি জিকিম : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 17, 2020 5:28 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত ২০২১ৰ বিধানসভাৰ নিৰ্বাচনক লৈ শাসকীয় বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ। থমকি ৰোৱা নাই বিৰোধী কংগ্ৰেছো।

২০২১ত বিজেপিৰ দৰে মিত্ৰতাৰে নিজৰ চৰকাৰ বনাবলৈ বদ্ধপৰিকৰ কংগ্ৰেছ। এই কথা এক সংবাদমেলযোগে সদৰী কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

Apply Now

গগৈৰ মতে ২০২১ত কংগ্ৰেছক অসমৰ জনসাধাৰণে আকোৱালি ল’ব আৰু জয়ী হৈ চৰকাৰ গঠন কৰিব।

‘২০২১ৰ বিধানসভা নিৰ্বাচনত আমিও মিত্ৰতা কৰিম। বিজেপিয়েও অকলে জিকিব নোৱাৰে। আমি কেৱল এআইয়ুডিএফেই নহয়, চিপিআই, চিপিএম, বিপিএফৰো আহিব আৰু নতুনকৈ গঠন হোৱা বিকল্প শক্তিৰ লগতো মিত্ৰতা কৰিম।‘ গগৈয়ে কয়।

গগৈয়ে লগতে দাবী কৰি কয়, ‘২১ ত মই গাইড হিচাপে থাকিম। খেলো নে নেখেলো এতিয়া নকওঁ। আমি ৮০ খন আসন ল’ব বিচাৰিছো। আমি জিকিম।‘

ইয়াৰোপৰি ‘২১ ত আমি দেখুৱাই দিম’ বুলি উল্লেখ কৰি তেওঁ লগতে বিজেপিক সমালোচনা কৰি কয় ‘বিজেপিয়ে কাম নকৰাকৈ ভোট পাব নেকি? বাঘজানক গুৰুত্ব নিদিব, গুপ্ত হত্যা কৰিব তথাপি উজনি অসমৰ মানুহে বিজেপিক ভোট দিব নেকি?’

গগৈৰ মতে ‘২০২১ ত অসমৰ জনসাধাৰণে ইয়াৰ প্ৰত্যুত্তৰ দিব। ২১ত অসমত বিজেপিয়ে মজা পাব।‘

ইপিনে, ‘কোভিদ চলি থকাৰ সময়তে মানুহৰ ঘৰে ঘৰে গৈ তামোল পান দিবলগীয়া হৈছে কিয়?’ বুলি প্ৰশ্ন কৰি গগৈয়ে কয়, ‘উজনি অসমৰ মানুহে একো বুজিয়েই নাপায় নেকি? বিজেপিয়ে যিখিনি প্ৰবঞ্চনা কৰিলে সেয়া লাহে লাহে ওলাব।‘

তদুপৰি, কংগ্ৰেছৰ আভ্যন্তৰীণ কণ্ডল অথবা মতবিৰোধ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয় ‘এটা দলক নেতাই জিকাই নেকি? প্ৰদ্যুত বৰদলৈয়ে হওঁক, ৰকিবুলেই হওঁক নিজৰ জেগাত অলপ মান পাৱাৰ থাকিব, বাকী নেতাই জিকাব। কংগ্ৰেছ দলটোৰ নেতৃত্বত নিৰ্বাচন হ’ব। সৰ্বানন্দ সোণোৱালে অকলে নিৰ্বাচন জিকাব নেকি? তাত হিমন্ত পাটোৱাৰী সকলোকে লাগিব।‘

আনহাতে, গগৈৰ মতে ‘বিজেপিয়ে হাগ্ৰামাক বেক ষ্টেব মাৰিছে। আগে বেজ হৈ জাৰিলে এতিয়া সাপ হৈ খুটি দিলে।‘

ইপিনে, পূৰ্বতে সঘনে আজমলে আম উপহাৰ দিয়াৰ প্ৰসংগ সংবাদমেলত উত্থাপন কৰাৰ বিষয়ে সাংবাদিক পুনৰাই সোধাত তেওঁ কয় ‘কেৱল আজমলেই ফোন নকৰে, মই দৰকাৰ হ’লে সৰ্বানন্দ হিমন্তকো ফোন কৰো।‘

আনহাতে, যোৱা তিনিদিন ধৰি কিডনিত ষ্ট’ন হৈ ঘৰতে জিৰণি লোৱা হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কত গগৈয়ে খবৰ লৈছে নে নাই বুলি সাংবাদিকে সোধাত গগৈয়ে কয় ‘হিমন্তৰ ইমান ডাঙৰ বেমাৰ হোৱা নাই। এই কথাটোতনো কি খবৰ ল’ম? হিমন্তৰ এইটো পানী খাই ভাল হোৱা বেমাৰ। কিডনীতহে পাথৰ হৈছে, আজি বাহিৰলৈ ওলালেই।‘

সেই একেখন সংবাদমেলতে বিধায়ক-সাংসদৰ পুঁজি কৰ্তন কৰাৰ প্ৰসংগৰ বিৰোধিতা কৰি গগৈয়ে কয় ‘বিধায়ক-সাংসদ পুঁজি বন্ধ কৰি কি লাভ হৈছে? এই পুঁজি বন্ধ কৰি ভুল কৰিছে। এই ফাণ্ডৰ ধনসমূহ ক’ত গ’ল তেন্তে? বিধায়কসকলে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ধন দিছিল, এতিয়া ক’ৰ পৰা দিব? বিদ্যালয়ৰ বাউণ্ডেৰী, টিউবেল ইত্যাদি এতিয়া বিধায়কসকলে ক’ৰ পৰা দিব?’

গগৈৰ মতে ‘বিধায়ক পুঁজি বন্ধ কৰাটো এক মুৰ্খামি। এতিয়া গোটেই উন্নয়ন ব্যৱস্থাটোৱেই নষ্ট হ’ল। কোভিদ হোৱাৰ আগৰ পৰাই ভাৰতৰ অৰ্থনৈতিক অৱস্থা বেয়া। যেতিয়াৰ পৰা বিমুদ্ৰাকৰণ আৰু জিএছটি আৰম্ভ কৰিলে তেতিয়াৰ পৰা অৰ্থনৈতিক ব্যৱস্থা বেয়া হৈ আহিল। ৰাইজৰ পৰা ধন নিয়ে আছে তথাপিও অৱস্থা কিয় ইমান বেয়া?’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd