• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2026 5:07 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 এদিন আগতেই যি ইংগিত পোৱা গৈছিল আৰু সেই পথেই অৱলম্বন কৰিলে কেন্দ্ৰীয় চৰকাৰে। বিতৰ্কিত এফ চি আৰ এ (FCRA) বিধেয়কখন গৃহীত কৰাত কোনো ধৰণৰ খৰখেদা নকৰি মোদী চৰকাৰে ইয়াক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰে। বিৰোধীয়ে বিচাৰিছিল যে এই বিধেয়কখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হওক। কিন্তু সেই দাবী মানি নলৈ বিধেয়কখনৰ ওপৰত অধিক আলোচনাৰ বাবে ইয়াক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয় কেন্দ্ৰই।

 বুধবাৰে লোকসভাত বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ বাবে এক প্ৰস্তাৱ উত্থাপন কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে। লগে লগে সমগ্ৰ বিৰোধী শিবিৰে ইয়াৰ বিৰোধিতা কৰে। অখিলেশ যাদৱে স্পষ্টকৈ কয় যে সমগ্ৰ বিৰোধী শিবিৰে এই বিধেয়কখন প্ৰত্যাহাৰ কৰাটো বিচাৰে আৰু ইয়াক যিকোনো প্ৰকাৰে প্ৰত্যাহাৰ কৰিবই লাগিব। সদনত অখিলেশ আৰু ৰিজিজুৰ মাজত তীব্ৰ বাকবিতণ্ডাও হয়। অখিলেশে অভিযোগ কৰে যে এই চৰকাৰে যিমানবোৰ বিধেয়ক আনিছে সকলোবোৰ সংখ্যালঘু বিৰোধী। ইয়াৰ প্ৰত্যুত্তৰত ৰিজিজুৱে প্ৰত্যাহ্বান জনাই কয় যে এই বিধেয়কখনত এনে এটা চৰ্ত দেখুৱাওক যিটো পোনে পোনে সংখ্যালঘু বিৰোধী। এই বাকবিতণ্ডাৰ মাজতেই ধ্বনি ভোটত প্ৰস্তাৱটো গৃহীত হৈ যায়। অৰ্থাৎ বিধেয়কখন এতিয়া যুটীয়া সংসদীয় সমিতিৰ মজিয়ালৈ গ’ল।

Apply Now

 চলিত বৰ্ষৰ ২৫ মাৰ্চত সংসদত বিধেয়কখন উত্থাপন কৰা হৈছিল যদিও ইয়াৰ ওপৰত এতিয়ালৈকে কোনো আলোচনা হোৱা নাছিল। দৰাচলতে বিধেয়কখন সংসদত উত্থাপন হোৱাৰ পিছৰে পৰা বিৰোধী দলসমূহে ইয়াৰ কেইটামান ধাৰাক লৈ তীব্ৰ আপত্তি দৰ্শাই আহিছে। প্ৰস্তাৱিত সংশোধনী অনুসৰি, যদি কোনো সংস্থা বা ব্যক্তিয়ে বিদেশী অনুদান গ্ৰহণৰ অনুমতি বা লাইচেন্স হেৰুৱায়, তেন্তে তেওঁলোকে নিৰ্মাণ কৰা সম্পত্তি যেনে স্কুল, চিকিৎসালয় বা উপাসনাস্থলী এক নিৰ্দিষ্ট কৰ্তৃপক্ষৰ হাতলৈ গুচি যাব পাৰে। আটাইতকৈ উদ্বেগজনক বিষয়টো হ’ল এই সমগ্ৰ প্ৰক্ৰিয়াটো প্ৰায় স্বয়ংক্ৰিয়ভাৱে হ’ব, য’ত কোনো ন্যায়াধীশৰ পৰ্যালোচনাৰ সুবিধা নাথাকিব। এইখিনিতেই বিৰোধী দলসমূহৰ মূল আপত্তি।

 আনহাতে কেন্দ্ৰীয় চৰকাৰৰ বক্তব্য হ’ল যে দেশৰ স্বাৰ্থতেই এই বিধেয়কখন অনা হৈছে, যাতে বিদেশী ধন ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু বিচ্ছিন্নতাবাদী কামত ব্যৱহাৰ কৰিব পৰা নাযায়। চৰকাৰে স্পষ্ট কৰি দিছে যে জনকল্যাণৰ বাবে বিদেশী ধন পোৱাত তেওঁলোকে কোনো ধৰণৰ বাধা সৃষ্টি কৰা নাই। যোৱা কেইবাদিনো ধৰি কেথলিক চাৰ্চৰ লগতে ইয়াৰ লগত জড়িত বিভিন্ন অংশীদাৰসকলৰ সৈতে খোদ অমিত শ্বাহে বৈঠকত মিলিত হৈছে। সকলো ধৰ্মীয় সংস্থাক বুজোৱা হৈছে যে এই বিধেয়কখনত আপত্তি কৰিবলগীয়া একো নাই। আমেৰিকা আৰু জাৰ্মানীকে ধৰি যিবোৰ দেশে এই বিধেয়কখনক লৈ উদ্বেগ প্ৰকাশ কৰিছিল, তেওঁলোককো নতুন দিল্লীয়ে উচিত উত্তৰ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

August 12, 2026 6:08 pm
বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

August 12, 2026 6:01 pm
বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

August 12, 2026 5:07 pm
অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

August 12, 2026 4:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

August 12, 2026 6:08 pm
বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

August 12, 2026 6:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd