• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

হাইটিৰ পাছত এইবাৰ জাৰ্ছী বিতৰ্কত মহম্মদ ছালাহৰ ইজিপ্ত। ছালাহৰ দলৰ সাতটা তৰা থকা জাৰ্ছীত আপত্তি দৰ্শাইছে ফিফাই। প্ৰথমখন খেলত নমাৰ আগতেই এই জাৰ্ছী সলনি কৰিব লাগিব ইজিপ্তে। ফুটবলৰ নিয়ন্ত্ৰক সংস্থাটোৱে এই কথা স্পষ্টকৈ জনাই দিছে। সাতবাৰৰ আফ্ৰিকা চেম্পিয়ন দলটোৰ জাৰ্ছীত দুটা সালসলনি কৰাৰ নিৰ্দেশ দিছে ফিফাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2026 10:48 am
106
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইটিৰ পাছত এইবাৰ জাৰ্ছী বিতৰ্কত মহম্মদ ছালাহৰ ইজিপ্ত। ছালাহৰ দলৰ সাতটা তৰা থকা জাৰ্ছীত আপত্তি দৰ্শাইছে ফিফাই। প্ৰথমখন খেলত নমাৰ আগতেই এই জাৰ্ছী সলনি কৰিব লাগিব ইজিপ্তে। ফুটবলৰ নিয়ন্ত্ৰক সংস্থাটোৱে এই কথা স্পষ্টকৈ জনাই দিছে। সাতবাৰৰ আফ্ৰিকা চেম্পিয়ন দলটোৰ জাৰ্ছীত দুটা সালসলনি কৰাৰ নিৰ্দেশ দিছে ফিফাই।

প্ৰকৃততে ইজিপ্তৰ জাৰ্ছীৰ সন্মুখৰ প্ৰতীক বা বেজটোৰ ওপৰত সাতটা তৰা আঁকি থোৱা আছে। এই তৰাকেইটা ইজিপ্তে তেওঁলোকৰ সাতবাৰৰ আফ্ৰিকা কাপ অফ নেছনছ জয়ৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে। কিন্তু ফিফাৰ নিয়ম অনুসৰি বিশ্বকাপৰ জাৰ্ছীত আন কোনো প্ৰতিযোগিতা জয়ৰ বাবে তৰা ব্যৱহাৰ কৰিব নোৱাৰি। কেৱল কোনো দলে বিশ্বকাপ জিকিলেহে তেওঁলোকে জাৰ্ছীৰ প্ৰতীকৰ ওপৰত তৰা ব্যৱহাৰ কৰিব পাৰে। যিদৰে ব্ৰাজিলে নিজৰ জাৰ্ছীত পাঁচটা তৰা ব্যৱহাৰ কৰে। যিহেতু ইজিপ্তে বিশ্বকাপ জিকা নাই সেয়েহে তেওঁলোকৰ সেই সাতটা তৰা আঁতৰাই দিয়াৰ নিৰ্দেশ দিছে ফিফাই।

কেৱল এই তৰা আঁতৰোৱাই নহয়, ইয়াৰ লগতে ছালাহৰ দলৰ জাৰ্ছীত যি নাম আৰু সংখ্যা লিখা আছে, সেই লিখনিৰ ৰঙো সলনি কৰিবলৈ কোৱা হৈছে। আচলতে ইজিপ্তৰ মূল জাৰ্ছীত সোণালী ৰঙেৰে খেলুৱৈসকলৰ নাম আৰু জাৰ্ছীৰ সংখ্যা লিখা থাকে। ফিফাৰ যুক্তি অনুসৰি সেই ৰঙেৰে লিখা থাকিলে খেল পৰিচালক আৰু সম্প্ৰচাৰকসকলৰ অসুবিধা হয়। ফিফাই স্পষ্টকৈ জনাই দিছে যে প্ৰথমখন খেলত নমাৰ আগতেই জাৰ্ছীত এই দুটা সালসলনি কৰিব লাগিব।

Apply Now

ইয়াৰ পূৰ্বে হাইটিৰ জাৰ্ছীক লৈয়ো একেধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিল। হাইটিৰ জাৰ্ছীত দেশখনৰ স্বাধীনতা সংগ্ৰামৰ এখন যুদ্ধৰ দৃশ্য অংকন কৰা আছিল। বিশ্বকাপৰ পূৰ্বে দুখন প্ৰস্তুতিমূলক খেলত হাইটিৰ খেলুৱৈসকলে যি জাৰ্ছী পৰিধান কৰিছিল, তাত ওঠৰশ তিনি চনৰ ঐতিহাসিক বাৰ্টিয়াৰৰ যুদ্ধৰ এখন চিত্ৰ আছিল। ফৰাচী ঔপনিৱেশিক বাহিনীৰ বিৰুদ্ধে হোৱা এই যুদ্ধতেই হাইটিয়ে স্বাধীনতা লাভ কৰিছিল। জাৰ্ছীত সেই দৃশ্যৰ লগতে পোলেণ্ডৰ পতাকাও আঁকা আছিল। ফিফাৰ ক্ৰীড়া সামগ্ৰী সম্পৰ্কীয় নিয়ম অনুসৰি কোনো খেলৰ সামগ্ৰীত ৰাজনৈতিক, ধৰ্মীয় বা ব্যক্তিগত বাৰ্তা আৰু শ্লোগান ব্যৱহাৰ কৰাৰ অনুমতি নাই। সেয়েহে হাইটিক সেই পতাকা সলনি কৰিবলৈ কোৱা হৈছিল। এইবাৰ একেই কাৰণত সলনি হ’ল ইজিপ্তৰ জাৰ্ছীও।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd