• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

মহাৰাষ্ট্ৰ কংগ্ৰেছে আই পি এছ বিষয়া বিশ্বাস নাংগৰে পাটিলৰ এটা ভাষণৰ তদন্তৰ দাবী জনাইছে। হিন্দু সকল সমাজৰ এক অনুষ্ঠানত তেওঁ আৰ এছ এছৰ বিষয়ে কৰা মন্তব্যই তেওঁৰ নিৰপেক্ষতা আৰু চাকৰিৰ নিয়ম মানি চলাৰ ক্ষেত্ৰত প্ৰশ্নৰ সৃষ্টি কৰিছে বুলি দলটোৱে প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2026 5:03 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰ কংগ্ৰেছে আই পি এছ বিষয়া বিশ্বাস নাংগৰে পাটিলৰ এটা ভাষণৰ তদন্তৰ দাবী জনাইছে। হিন্দু সকল সমাজৰ এক অনুষ্ঠানত তেওঁ আৰ এছ এছৰ বিষয়ে কৰা মন্তব্যই তেওঁৰ নিৰপেক্ষতা আৰু চাকৰিৰ নিয়ম মানি চলাৰ ক্ষেত্ৰত প্ৰশ্নৰ সৃষ্টি কৰিছে বুলি দলটোৱে প্ৰকাশ কৰিছে।

যোৱা বৃহস্পতিবাৰে সকল হিন্দু সমাজৰ দ্বাৰা আয়োজিত হিন্দু সন্মিলনত নাংগৰে পাটিলে দিয়া ভাষণৰ এটা ভিডিঅ‘ ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছতেই কংগ্ৰেছে এই দাবী জনাইছে। উল্লেখযোগ্য যে, এই সপ্তাহৰ আৰম্ভণিতে বিষয়াজনক নাগপুৰৰ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল।

Apply Now

ছচিয়েল মিডিয়াত কৰা এটা পোষ্টত বিৰোধী দলটোৱে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছক প্ৰশ্ন কৰিছে যে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে নাংগৰে পাটিলে চৰকাৰৰ পৰা আগতীয়া অনুমতি লৈছিল নেকি। কংগ্ৰেছে কয় যে সৰ্বভাৰতীয় সেৱা নিয়ম অনুসৰি এজন আই পি এছ বিষয়াই এনে অনুষ্ঠানত অংশ ল‘বলৈ চৰকাৰৰ অনুমতি লোৱাটো বাধ্যতামূলক। যদি তেওঁ অনুমতি লোৱা নাছিল, তেন্তে চৰকাৰে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নেকি বুলিও দলটোৱে প্ৰশ্ন কৰিছে।

দলটোৱে লগতে কয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, হিন্দুত্ব আৰু আৰ এছ এছৰ প্ৰতিষ্ঠাপক কে বি হেডগেৱাৰক প্ৰশংসা কৰি দিয়া এই ভাষণে বিষয়াগৰাকীৰ ৰাজনৈতিক নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছৰ মতে, এই বিষয়টো কেৱল এজন বিষয়াৰ মাজতেই আৱদ্ধ নহয়, বৰঞ্চ ই প্ৰশাসনিক সেৱাৰ বিশ্বাসযোগ্যতা, সাংবিধানিক নিৰপেক্ষতা আৰু আৰক্ষী প্ৰশাসনৰ ওপৰত জনসাধাৰণৰ আস্থাৰ সৈতেও জড়িত। চৰকাৰী বিষয়াই ৰাজনীতিত অংশগ্ৰহণ কৰা সংগঠনৰ সৈতে জড়িত হোৱাত বাধা থকাৰ পিছতো এখন মঞ্চৰ পৰা এনেদৰে প্ৰশংসা কৰাটো নিয়ম ভংগ কৰা বুজায় নেকি বুলিও কংগ্ৰেছে প্ৰশ্ন কৰে।

আন এটা পোষ্টত কংগ্ৰেছে কয় যে আৰক্ষীৰ কাম হৈছে সমাজত আইন-শৃংখলা বজাই ৰখা, সমাজত বিভাজন সৃষ্টি কৰা বুলি অভিযোগ থকা কোনো সংগঠনক গৌৰৱান্বিত কৰা নহয়। নাংগৰে পাটিলক নাগপুৰলৈ বদলি কৰা সন্দৰ্ভত দলটোৱে কটাক্ষ কৰি কয় যে ইয়াৰ জৰিয়তে তেওঁক সেইসকল লোকক পোনপটীয়াকৈ সেৱা কৰাৰ সুযোগ দিয়া হৈছে যাক তেওঁ সন্তুষ্ট কৰিব বিচাৰিছে, যিটো নাগপুৰত থকা আৰ এছ এছৰ মুখ্য কাৰ্যালয়ৰ প্ৰতি এক স্পষ্ট ইংগিত। সামগ্ৰিকভাৱে মহাৰাষ্ট্ৰ চৰকাৰে এই ক্ষেত্ৰত নিয়ম মানি চলা হৈছেনে নাই আৰু বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা লোৱা হ’বনে নাই সেয়া স্পষ্ট কৰিবলৈ দাবী জনাইছে কংগ্ৰেছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd