সমগ্ৰ বিশ্বতে মাৰাত্মক কৰ’না ভাইৰাছে আকৌ এবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিশ্বৰ বিভিন্ন দেশত যোৱা ২৪ঘন্টাত আৰু ১০হাজাৰ ৬০০ৰো অধিক লোকৰ প্ৰাণ লৈছে কৰ’নাই।
গোটেই বিশ্বতে কৰ’নাই এতিয়ালৈকে মুঠ ২৮লাখ ১৫হাজাৰৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে।
দৈনিক সংক্ৰমণ তথা মৃত্যুৰ শীৰ্ষত থকা দেশ ব্ৰাজিলত এটা দিনতে ৩হাজাৰ ৬৫০জনতকৈয়ো অধিক লোকৰ মৃত্যু ঘটিছে।
দেশখনত মুঠ কৰ’নাত মৃত্যু হোৱাৰ লোকৰ সংখ্যাই প্ৰায় ৩লাখ ১৮হাজাৰ স্পৰ্শ কৰিছে। সেইদৰে, নতুনকৈ ৮৬হাজাৰ ৭০০ৰো অধিক লোক আক্ৰান্ত হৈছে।
আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰত নতুনকৈ ৮৫৮জনৰ মৃত্যু হৈছে আৰু সেইদৰে দেশখনত কৰ’নাত মুঠ মৃত্যুৰ সংখ্যা ৫লাখ ৬৪হাজাৰ অতিক্ৰম কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰত নতুনকৈ আক্ৰান্ত হৈছে ৬১হাজাৰৰো অধিক লোক।
ইপিনে, ইটালীত নতুনকৈ ৫০০ লোকৰ আৰু সেইদৰে পোলেণ্ড আৰু ৰাছিয়াত ৪০০তকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।
ভাৰততো নতুনকৈ ৩৫৪জনে প্ৰাণ হেৰুৱাইছে। মুঠ মৃত্যুৰ তালিকাত বিশ্বৰ তৃতীয় স্থানত আছে ভাৰত।
বিগত ২৪ বিশ্বত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে প্ৰায় ৫লাখ ২৯হাজাৰ। সেইদৰে মুঠ আক্ৰান্তৰ সংখ্যা পাইছেগৈ ১২কোটি ৮৭লাখ ৭৬হাজাৰতকৈয়ো অধিক।