ব্ৰডগজ হোৱাৰ আগতেই ৰে’ল কৰ্তৃপক্ষই মাহুৰ-হাৰাংগাজাও ৪৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ মিটাৰগজ ৰে’লপথক হেৰিটেজ হিচাপে ৰখাৰ সিদ্ধান্ত লৈছিল। বিশেষকৈ শতাব্দী প্ৰাচীন সেঁতু, ৰে’ল ষ্টেশ্যন, সুৰংগপথ সংৰক্ষণৰ উপৰি পৰ্যটকৰ আকৰ্ষণৰ কাৰণে এই সিদ্ধান্ত লোৱা হৈছিল। কিন্তু ব্ৰডগজ ৰে’লৰ শুভাৰম্ভ হোৱাৰ আজি তিনি বছৰ অতিক্ৰম হোৱাৰ পাছতো মিটাৰগজৰ সেঁতু, ট্ৰ্যাক আদি খুলি দিয়াৰ উপৰি ৰে’ল ষ্টেশ্যন আদিও পৰিত্যক্ত হৈ ৰৈছে।
আনহাতে, হেৰিটেজ সংৰক্ষণৰ যেন উমঘামেই নাই। অথচ মিটাৰগজ ৰে’লপথক হেৰিটেজ ৰে’লপথ হিচাপে ঘোষণা কৰাৰ কাৰণে পাৰ্বত্য জিলাৰ বিভিন্ন দল- সংগঠনে দীৰ্ঘ দিনৰ পৰাই দাবী জনাই আহিছিল। কিন্তু এই দাবীৰ প্ৰতি বৰ্তমান কেন্দ্ৰীয় চৰকাৰ বা আগৰ ৰাজ্য চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। ইপিনে, ৰে’ল কৰ্তৃপক্ষৰ ফালৰ পৰা শতাব্দী প্ৰাচীন দৈয়াং সেঁতু নিলাম কৰাৰ লগতে দুখন ল’কমটিভো নিলাম কৰি দিয়া হয়।
অবশ্যে, শেহতীয়াভাৱে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে ডিমা হাচাও জিলাৰ মাহুৰ-হাৰাংগাজাও মিটাৰগজ ৰে’লপথ হেৰিটেজ হিচাপে সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে। চৰকাৰৰ পৰ্যটন বিভাগে ইয়াৰ চোৱাচিতা কৰিব। অলপতে এন এফ ৰে’লৱেৰ মুখ্য কাৰ্যালয় মালিগাওৰ পৰা লামডিং ৰে’ল ডিভিজনৰ ডিআৰএমক প্ৰেৰণ কৰা পত্ৰত মিটাৰগজ ৰে’লপথ খুলি পেলোৱা কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিয়া হয়।
পত্ৰখনত লগতে উল্লেখ কৰা হৈছে যে ল’ৱাৰ হাফলঙত এখন ট্ৰেনিঙ স্কুলৰ উপৰি ৰে’ল মিউজিয়াম স্থাপন কৰা হ’ব। এন এফ ৰে’লৰ পত্ৰখনতেই ৰাজ্য চৰকাৰে হেৰিটেজ ৰে’লৰ কাৰণে পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰা হৈছে।
উল্লেখ্য যে ব্ৰডগজ ৰে’লপথটো মাহুৰ ষ্টেশ্যনৰ পৰা ফালৰি কাটি গৈ বেলেগ দিশলৈ যায়। য’ত মিটাৰগজৰ মাহুৰ, মিগ্ৰেনদিচা, ল’ৱাৰ হাফলং,বাগেতাৰ, হাফলং হিল,জাতিঙ্গা,লংৰংগাজও, মাইলংদিচা আৰু হাৰাংগাজাও ষ্টেশ্যন বাদ পৰি ৰয়। ইপিনে, এই ষ্টেশ্যন কেইটাৰ ওপৰত নিৰ্ভৰ কৰি বৃটিছ আমোলৰ পৰা ৰে’লপথৰ দুই পাৰত এক সভ্যতাই গঢ় লৈ উঠে। ইয়াৰ লগতে এই ৰে’লপথ বহুতৰ জীবিকাৰো উৎস আছিল।
আনহাতে, মাহুৰৰ পৰা হাৰাংগাজাওলৈকে ৰে’লৰ দুই পাৰত দুই শতাধিক গাঁওত সহস্ৰাধিক লোকৰ বাসভূমি আছিল। কিন্তু ২০১৪ চনৰ ৩০ চেপ্টেম্বৰত অন্তিম বাৰৰ কাৰণে মিটাৰগজ ৰে’ল চলাৰ বিপৰীতে ১ অক্টোবৰৰ পৰা চিৰ দিনৰ বাবে মিটাৰগজ বন্ধ হৈ পৰাত বিপাঙত পৰে পাহাৰীয়া ৰাইজ। কিয়নো ৰে’লেই আছিল এওঁলোকৰ একমাত্ৰ যাতায়তৰ মাধ্যম।
এতিয়া ৰাজ্য চৰকাৰে যদি মিটাৰগজ ৰে’লপথক হেৰিটেজ হিচাপে সংৰক্ষণ কৰে তেতিয়াহ’লে ৰে’লৰ দাঁতিত থকা গাঁওৰ ৰাইজ অৱশ্যেই উপকৃত হোৱাৰ বিপৰীতে পাৰ্বত্য পৰ্যটনৰ উন্নয়ন হ’ব তাত সন্দেহ নাই।