• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ৰহস্যজনক আত্মগোপন; আইন-শৃংখলা পৰিস্থিতিলৈ পিঠি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 7, 2018 5:55 pm
Cotton University

ভোটৰ ফলাফলত অসন্তুষ্ট আৰু পুনৰ ভোট গণনা দাবী কৰা ছাত্ৰ-ছাত্ৰীয়ে আজি দুপৰীয়া কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পথ অৱৰোধ কৰি ৰাখে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচক সিদ্ধান্তৰ বাবে যি কোনো পৰিস্থিতিৰ উদ্ভৱ হ’ব পৰা এটা অৱস্থালৈ গতি কৰিছে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়।

৬ অক্তোবৰৰ নিৰ্বাচনৰ ভোট গণনাৰ সময়ত একাংশ ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি আৰু ক্ষোভৰ উদগিৰণৰ পাছত দায়বদ্ধতাৰ পৰিচয়েৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে নিজৰ পলায়নবাদী চৰিত্ৰ উদঙাই দিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

Apply Now

উল্লেখযোগ্য যে ৬ অক্তোবৰত অনুষ্ঠিত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনাৰ সময়ৰ পৰাই সৃষ্টি হোৱা প্ৰতিবাদমুখৰ পৰিৱেশৰ এতিয়াও শাম কটা নাই। আনহাতে, এই পৰিস্থিতিক সম্পূৰ্ণৰূপে আওকাণ কৰিছে বিশ্ববিদ্যালখনৰ উপাচাৰ্য আৰু পঞ্জীয়কে।

জানিব পৰামতে, ৬ অক্তোবৰৰ নিশা উপ-সভাপতি আৰু সাংস্কৃতিক সম্পাদক পদৰ ভোট গণনাক লৈ আপত্তি দৰ্শাইছিল একাংশ ছাত্ৰ ছাত্ৰীয়ে। ছাত্ৰ-ছাত্ৰীসকলে এই দুয়োটা পদৰ বাবে পুনৰ ভোট গণনাৰ দাবী কৰিছিল। কিন্তু এই দাবীক অগ্ৰাহ্য কৰে বিশ্ববিদ্যালয়খনৰ নিৰ্বাচন কমিটীয়ে। তাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাসক আবদ্ধ কৰি ৰাখে।

পৰৱৰ্তী সময়ত, পুৱতি নিশা পঞ্জীয়ক দাসে ৭ অক্তোবৰ অৰ্থাৎ আজি এই বিষয়ত বিবেচনা কৰা হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি দি তাৰ পৰা গুচি যায়। কিন্তু প্ৰতিশ্ৰুতি দিও আজি বিশ্ববিদ্যালয়ৰ পৰিস্থিতিৰ প্ৰতি সম্পূৰ্ণৰূপে পিঠি দিলে পঞ্জীয়ক দাস আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

৭ অক্তোবৰত এই বিষয়ত বিবেচনা কৰা হ’ব বুলি পঞ্জীয়কে দিয়া লিখিত প্ৰতিশ্ৰুতিৰ কপি।

যোৱা নিশাটো ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰি আৰু ষ্ট্ৰং ৰুম পহৰা দি থকাৰ পাছত আজি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ কোনো লোক উপস্থিত হৈ বিষয়টো মীমাংসা কৰাৰ ক্ষেত্ৰত ব্যৱস্থা নোলোৱাত ক্ষুব্ধ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল।

অসন্তুষ্ট ছাত্ৰীয়ে আজি দুপৰীয়া কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পথ অৱৰোধ কৰি ৰাখে। ফলত সেই পথেৰে যাতায়াত কৰা সাধাৰণ ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হ’ব লগীয়া হয়। ইয়াৰ উপৰি প্ৰতিবাদস্থলীতে অসুস্থ হৈ পৰে এগৰাকী ছাত্ৰী। কিন্তু এই পৰিস্থিতিসমূহৰ প্ৰতি তিলমানো গুৰুত্ব দেখা নগ’ল উপাচাৰ্য ড০ ভৱেশ চন্দ্ৰ গোস্বামী আৰু দিগন্ত কুমাৰ দাসৰ।

প্ৰতিবাদ সাব্যস্ত কৰি থকা এজন ছাত্ৰই কয়, “উপ-সভাপতি আৰু সাংস্কৃতিক সম্পাদক পদৰ ভোট গণনাত আমি অনিয়ম হোৱাৰ সন্দেহ কৰিছো। গতি পুনৰ গণনা বিচেৰিছো। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি ইয়ালৈ আহি বিষয়টো মীমাংসা কৰাটো আমি বিচাৰো। যদি পুনৰ গণনাত আমি ভুল বুলি প্ৰমাণিত হওঁ আমি তাক মানি ল’ম। কিন্তু আমাৰ উপাচাৰ্য আৰু পঞ্জীয়কে এই ক্ষেত্ৰত গুৰুত্ব নিদি পলাই ফুৰাহে যেন ভাৱ হৈছে।”

আনহাতে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিষয়টো মীমাংসাৰ বাবে আগ বাঢ়ি নাহিলে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন অধিক তীব্ৰতৰ কৰিব বুলিও হুংকাৰ দিয়ে।

ইপিনে, ছাত্ৰী-ছাত্ৰীসকলৰ একাংশই পুনৰ ভোটগণনা বিচাৰি প্ৰতিবাদ কৰি থকাৰ বিপৰীতে আন একাংশই একেটা স্থানতেই পুনৰ ভোটগণনাৰ বিৰোধিতা কৰি ধৰ্ণা দিয়াও দেখা গৈছে। কিন্তু এই দুয়োটা পক্ষৰ মাজত সৃষ্টি হ’ব পৰা অনাকাংক্ষিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তাত নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।

আমাৰ সাংবাদিকেও কেইবাবাৰো উপাচাৰ্য আৰু পঞ্জীয়কৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও তেওঁলোকে ফ’ন ৰিচিভ কৰা নাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm
পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd