• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ৰহস্যজনক আত্মগোপন; আইন-শৃংখলা পৰিস্থিতিলৈ পিঠি

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , October 7, 2018 6:24 pm

3 min read

Cotton University

ভোটৰ ফলাফলত অসন্তুষ্ট আৰু পুনৰ ভোট গণনা দাবী কৰা ছাত্ৰ-ছাত্ৰীয়ে আজি দুপৰীয়া কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পথ অৱৰোধ কৰি ৰাখে।

321
VIEWS
Share on FacebookShare on Twitter

কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচক সিদ্ধান্তৰ বাবে যি কোনো পৰিস্থিতিৰ উদ্ভৱ হ’ব পৰা এটা অৱস্থালৈ গতি কৰিছে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়।

৬ অক্তোবৰৰ নিৰ্বাচনৰ ভোট গণনাৰ সময়ত একাংশ ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি আৰু ক্ষোভৰ উদগিৰণৰ পাছত দায়বদ্ধতাৰ পৰিচয়েৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে নিজৰ পলায়নবাদী চৰিত্ৰ উদঙাই দিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে ৬ অক্তোবৰত অনুষ্ঠিত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনাৰ সময়ৰ পৰাই সৃষ্টি হোৱা প্ৰতিবাদমুখৰ পৰিৱেশৰ এতিয়াও শাম কটা নাই। আনহাতে, এই পৰিস্থিতিক সম্পূৰ্ণৰূপে আওকাণ কৰিছে বিশ্ববিদ্যালখনৰ উপাচাৰ্য আৰু পঞ্জীয়কে।

জানিব পৰামতে, ৬ অক্তোবৰৰ নিশা উপ-সভাপতি আৰু সাংস্কৃতিক সম্পাদক পদৰ ভোট গণনাক লৈ আপত্তি দৰ্শাইছিল একাংশ ছাত্ৰ ছাত্ৰীয়ে। ছাত্ৰ-ছাত্ৰীসকলে এই দুয়োটা পদৰ বাবে পুনৰ ভোট গণনাৰ দাবী কৰিছিল। কিন্তু এই দাবীক অগ্ৰাহ্য কৰে বিশ্ববিদ্যালয়খনৰ নিৰ্বাচন কমিটীয়ে। তাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাসক আবদ্ধ কৰি ৰাখে।

পৰৱৰ্তী সময়ত, পুৱতি নিশা পঞ্জীয়ক দাসে ৭ অক্তোবৰ অৰ্থাৎ আজি এই বিষয়ত বিবেচনা কৰা হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি দি তাৰ পৰা গুচি যায়। কিন্তু প্ৰতিশ্ৰুতি দিও আজি বিশ্ববিদ্যালয়ৰ পৰিস্থিতিৰ প্ৰতি সম্পূৰ্ণৰূপে পিঠি দিলে পঞ্জীয়ক দাস আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

৭ অক্তোবৰত এই বিষয়ত বিবেচনা কৰা হ’ব বুলি পঞ্জীয়কে দিয়া লিখিত প্ৰতিশ্ৰুতিৰ কপি।

যোৱা নিশাটো ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰি আৰু ষ্ট্ৰং ৰুম পহৰা দি থকাৰ পাছত আজি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ কোনো লোক উপস্থিত হৈ বিষয়টো মীমাংসা কৰাৰ ক্ষেত্ৰত ব্যৱস্থা নোলোৱাত ক্ষুব্ধ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল।

অসন্তুষ্ট ছাত্ৰীয়ে আজি দুপৰীয়া কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পথ অৱৰোধ কৰি ৰাখে। ফলত সেই পথেৰে যাতায়াত কৰা সাধাৰণ ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হ’ব লগীয়া হয়। ইয়াৰ উপৰি প্ৰতিবাদস্থলীতে অসুস্থ হৈ পৰে এগৰাকী ছাত্ৰী। কিন্তু এই পৰিস্থিতিসমূহৰ প্ৰতি তিলমানো গুৰুত্ব দেখা নগ’ল উপাচাৰ্য ড০ ভৱেশ চন্দ্ৰ গোস্বামী আৰু দিগন্ত কুমাৰ দাসৰ।

প্ৰতিবাদ সাব্যস্ত কৰি থকা এজন ছাত্ৰই কয়, “উপ-সভাপতি আৰু সাংস্কৃতিক সম্পাদক পদৰ ভোট গণনাত আমি অনিয়ম হোৱাৰ সন্দেহ কৰিছো। গতি পুনৰ গণনা বিচেৰিছো। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি ইয়ালৈ আহি বিষয়টো মীমাংসা কৰাটো আমি বিচাৰো। যদি পুনৰ গণনাত আমি ভুল বুলি প্ৰমাণিত হওঁ আমি তাক মানি ল’ম। কিন্তু আমাৰ উপাচাৰ্য আৰু পঞ্জীয়কে এই ক্ষেত্ৰত গুৰুত্ব নিদি পলাই ফুৰাহে যেন ভাৱ হৈছে।”

আনহাতে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিষয়টো মীমাংসাৰ বাবে আগ বাঢ়ি নাহিলে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন অধিক তীব্ৰতৰ কৰিব বুলিও হুংকাৰ দিয়ে।

ইপিনে, ছাত্ৰী-ছাত্ৰীসকলৰ একাংশই পুনৰ ভোটগণনা বিচাৰি প্ৰতিবাদ কৰি থকাৰ বিপৰীতে আন একাংশই একেটা স্থানতেই পুনৰ ভোটগণনাৰ বিৰোধিতা কৰি ধৰ্ণা দিয়াও দেখা গৈছে। কিন্তু এই দুয়োটা পক্ষৰ মাজত সৃষ্টি হ’ব পৰা অনাকাংক্ষিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তাত নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।

আমাৰ সাংবাদিকেও কেইবাবাৰো উপাচাৰ্য আৰু পঞ্জীয়কৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও তেওঁলোকে ফ’ন ৰিচিভ কৰা নাই।

Recent News

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd