দেশজুৰি কুৱাৰেণ্টাইন কৰা হৈছে ২২,০০০ জামাত কৰ্মী, সংস্পৰ্শৰ লোকক

Nizamuddin’s Tablighi Jaamat spread Corona virus in 23 states & UTs: Centre

নিজামুদ্দিনৰ জামাতত অংশ লোৱা লোক।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শনিবাৰে প্ৰকাশ কৰা মতে দেশজুৰি ২২,০০০ তাবলিগি জামাত কৰ্মী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকক কুৱাৰেণ্টাইন কৰা হৈছে।

অসমকে ধৰি দেশৰ ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই লোকসকলক কুৱাৰেণ্টাইন কৰা হৈছে।

মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব পুনিয়া চালিলা শ্ৰীবাস্তৱে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে চলোৱা বৃহৎ কণ্টেক্ত ট্ৰেচিঙৰ ফলতে এই কাম সম্ভৱ হৈছে।

“কেন্দ্ৰ আৰু ৰাজ্যসমূহে লোৱা বৃহৎ কাৰ্য্যপন্থাৰ বাবেই দেশজুৰি ২২,০০০ জামাত কৰ্মী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোক বৰ্তমান কুৱাৰেণ্টাইনত আছে,” শ্ৰীবাস্তৱে কয়।

ইফালে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিষয়াই সদৰী কৰা মতে ভাৰতৰ ৩০ শতাংশ ক’ভিড-১৯ ঘটনাৰে জামাত সমাৱেশৰ সৈতে সম্পৰ্ক আছে।

“ক’ভিড-১৯ ঘটনা হঠাৎ বৃদ্ধি পোৱাৰ আৰত জামাত সমাৱেশৰ অৰিহনা আছে। দেশজুৰি ১৭খন ৰাজ্যত জামাত কৰ্মী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকৰ উপস্থিতি আছে,” স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই কয়।

তেওঁ কয় যে অসম, দিল্লী, তামিল নাডু, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, জম্মু আৰু কাশ্মীৰ, কৰ্নাটক, অন্দামান আৰু নিকোবৰ, উত্তৰাখণ্ড, হাৰিয়ানা, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, কেৰালা, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ঝাৰখণ্ডত জামাতৰ সমাৱেশে প্ৰভাৱ পেলাইছে।

এই বাতৰি লিখাৰ পৰলৈকে দেশজুৰি ২৯০২টা ক’ভিড-১৯ৰ ঘটনা চিনাক্ত হৈছে।

বৰ্তমান দেশত ২৬৫০গৰাকী সক্ৰিয় ক’ভিড-১৯ ৰোগী আছে। ১৮৩গৰাকীয়ে আৰোগ্য লাভ কৰিছে আৰু ৬৮ গৰাকী লোকৰ মৃত্যু ঘটিছে।

ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে দেশৰ বিভিন্ন প্ৰান্তত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক আক্ৰমণৰ ঘটনা সম্পৰ্কে গৃহ মন্ত্ৰ্যালয় অৱগত হৈছে।

তেওঁ সদৰী কৰে যে এনে আক্ৰমণকাৰীসকলৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কৰ্তৃপক্ষক কঠোৰ ব্যৱস্থা ল’বলৈ গৃ্হ মন্ত্ৰ্যালয়ে নিৰ্দেশ দিছে।

মন্ত্ৰীগৰাকীয়ে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক আক্ৰমণ নকৰিবলৈ জনসাধাৰণ আৰু ৰোগীৰ পৰিয়ালবৰ্গক আহ্বান জনাইছে।

চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে কৰ’নাভাইৰাছত আক্ৰান্তসকলৰ সুৰক্ষাৰ কাৰণে তেওঁলোকৰ মূল্যৱান জীৱন আৰু সময় দিছে।