DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ গণ সংক্ৰমণ : অম্বুবাচীৰ সময়তো নিমাওমাও নীলাচল পাহাৰৰ বুকু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 21, 2020 6:31 pm
929
VIEWS
Share on FacebookShare on Twitter

নিস্তদ্ধ নীলাচলৰ বুকু। কামাখ্যা ধামত নাই কোনো সাধু-সন্ত, নাই কোনো জনসমাগম।

কাইলৈৰ পৰা অৰ্থ্যাৎ অহা ২২ জুনৰ পৰা মহা অম্বুবাচী। কিন্তু এইবাৰ ঐতিহাসিক কামাখ্যাধামত অনুষ্ঠিত নহয় মহাঅম্বুবাচী মেলা।

উল্লেখযোগ্য যে, অম্বুবাচী মেলাৰ এসপ্তাহৰ পূৰ্বৰে পৰা দশক দশক ধৰি কামাখ্যাধামত দেখিবলৈ পোৱা গৈছিল দেশী-বিদেশী ভক্তৰ লানি নিছিগা সোঁত। কিন্তু প্ৰথমবাৰলৈ কামাখ্যাধামত নিমাওমাও পৰিৱেশ বিৰাজমান।

অতি অনুষ্টুপীয়াকৈ কেৱল ধমীয় ৰীতি নীতিৰ লগতে পুজাৰীয়ে পুজা-অৰ্চনা সম্পন্ন কৰিব মা কামাখ্যা মূতিৰ সন্মুখত।

কাইলৈ পুৱা ৭ বাজি ৫৩ মিনিট ১৫ ছেকেণ্ডত প্ৰবৃত্তি হোৱাৰ বিপৰীতে অহা ২৫ জুনৰ নিশা ৮ বাজি ১৬ মিনিট ৫৫ ছেকেণ্ডত নিবৃত্তি হ’ব বুলি কামাখ্যাৰ দলৈ মোহিত চন্দ্ৰ শৰ্মাই আমাৰ সাংবাদিকক জনায়।

ইপিনে যোৱা ২২মাৰ্চৰ পৰা ক’ৰ’নাৰ গণ সংক্ৰমণ ৰোধ কৰাৰ উদ্দ্যেশ্যে তিনিমাহ ধৰি  মা কামাখ্যা ধামলৈ  ভক্তৰ সমাগম নিষিদ্ধ কৰি দিয়াত চৰম হতাশাৰ সন্মুখীন হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকল।

দোকান-পোহাৰ বন্ধ হৈ থকাৰ ফলত উপাৰ্জনৰ পথ হেৰুৱাইছে দোকানী আৰু কমচাৰীসকলে।

পূৰ্বতে গ্ৰাহক বা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰি থকা দোকানসমূহত এতিয়া ওলমি আছে এটা প্ৰকাণ্ড তলা।

‘কামাখ্যা অঞ্চলৰ ৮০ শতাংশৰ পৰা ৮৫ শতাংশ লোকেই মন্দিৰৰ সৈতে জড়িত হৈ আছিল। দৰ্শনাৰ্থীসকলৰ পৰা যি উপাৰ্জন হয় তাৰেই তেওঁলোকে একো একোটা পৰিয়াল পোহপাল দি আছিল। আৰ্থিকভাৱে বেয়া অৱস্থাত পৰিলেও বা জুৰুলা হ’লেও ক’ৰ’না সংক্ৰমণ ৰোধ কৰিবৰ বাবে মন্দিৰ বন্ধ কৰি দিয়াৰ দৰে এনে কঠিন সিদ্ধান্ত লোৱা হৈছে।‘ মোহিত চন্দ্ৰ শৰ্মাই আমাৰ সাংবাদিকৰ আগত কয়।

পূবতে কামাখ্যাধামলৈ উঠি যোৱা পথচোৱাত আজিৰ দিনটোৰে পৰা বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়।

কিন্তু আজি জনশূণ্য এই পথ। ক’ৰ’নাৰ পাদুৰ্ভাৱৰ বাবে এই বছৰ অতি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব অম্বুবাচী।

ক’ৰ’নাৰ গণ সংক্ৰমণ ৰোধৰ বাবে উপায়হীন হ’লেও অম্বুবাচীৰ সময়ছোৱাত ভক্তৰ সমাগম সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে কামাখ্যাৰ চৌহদত।

Recent News

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd