NORTHEAST NOW (Assamese)

ক’ৰ’নাতংকৰ মাজতে মধ্য প্ৰদেশত দুই মহিলা চিকিৎসকসহ স্বাস্থ্য কৰ্মীক আক্ৰমণ স্থানীয় লোকৰ

April 2, 2020 12:53 pm · এন ই নাও নিউজ
Updated: April 2, 2020 1:20 pm
ইণ্ডোৰত চিকিৎসক আক্ৰমণৰ ফ'টো, সৌজন্য- ইন্টাৰনেট

মধ্য প্ৰদেশত হিংস্ৰ জনতাৰ আক্ৰমণৰ বলি হ’ব লগা হৈছে দুগৰাকী মহিলা চিকিৎসকসহ এদল স্থানীয় স্বাস্থ্যকৰ্মী।

ঘটনাৰ বিৱৰণীৰ মতে মধ্য প্ৰদেশৰ ইণ্ডোৰত যোৱা বুধবাৰে ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সন্দেহত আইচ’লেশ্যনত ৰখা লোকসকলৰ স্বাস্থ্যৰ স্ক্ৰীণিঙৰ বাবে যোৱা দুগৰাকী মহিলা চিকিৎসকসহ স্বাস্থ্য কৰ্মী স্থানীয় লোকৰ আক্ৰমণৰ বলি হৈ আহত হয়।

ইণ্ডোৰৰ ৰাণীপুৰা অঞ্চলত স্বাস্থ্যৰ স্ক্ৰীণিঙ কৰি থকাৰ সময়তে হঠাতে স্থানীয় লোকসকলে মহিলা চিকিৎসক দুগৰাকীৰ লগতে অন্যান্য চিকিৎসা কৰ্মীসকলক শিল দলিয়াই আক্ৰমণ কৰে।

উক্ত গণ আক্ৰমণত দুগৰাকী মহিলা চিকিৎসক আহত  হয়।

আৰক্ষীৰ দলে গৈ চিকিৎসকসহ দলটোক উদ্ধাৰ কৰি গণ উন্মাদনাৰ পৰা তেওঁলোকক ৰক্ষা কৰে।

স্থানীয় একাংশ লোকে মহিলা চিকিৎসকসহ দলটোক শিল গুটি দলিয়াই খেদি খেদি আক্ৰমণ কৰা আৰু চিকিৎসকৰ দলটোৱে পলায়ণ কৰাৰ সমগ্ৰ দৃশ্যৰাজি বন্দী হৈ ৰ’ল এটা ভিডিঅ’ত।

এই ভয়ংকৰ আক্ৰমণৰ ঘটনাটোৰ পিছত স্থানীয় আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, মধ্য প্ৰদেশৰ ইণ্ডোৰতেই ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

আক্ৰমণ সংঘটিত হোৱা ইণ্ডোৰ চহৰৰ উক্ত অঞ্চলটো মধ্য প্ৰদেশৰ ক’ৰ’না আক্ৰমণৰ হট স্পষ্টৰূপে চিনাক্ত কৰা হৈছে আৰু অঞ্চলটোৰ ৫৪ পৰিয়ালক আইচ’লেটেড কৰা হৈছে।

স্থানীয় লোকে এই আইচ’লেশ্যনক বাধা প্ৰদান কৰিয়ে চিকিৎসকৰ দলটোক আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে।

Related News