NORTHEAST NOW (Assamese)

কোকৰাঝাৰত চিকিৎসালয়তে সন্তানৰ মাতৃ হ’ল দুগৰাকী কোভিড-১৯ প’জিটিভ মহিলা; চিকিৎসা কৰ্মীক কৃতজ্ঞতা

July 25, 2020 7:32 am · এন ই নাও নিউজ
চিকিৎসাকৰ্মীৰ সৈতে নৱজাতক শিশুদুটি

কোকৰাঝাৰৰ ৰূপানাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত দুগৰাকী কোভিড-১৯ প’জিটিভ মহিলাই শুকুৰবাৰে সন্তান প্ৰসৱ কৰে।

চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক আৰু নাৰ্চ সকলে গৰ্ভৱতী কোভিড-১৯ প’জিটিভ মহিলা দুগৰাকীক সফলভাৱে সন্তান প্ৰসৱ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়।

চিকিৎসকে জনোৱা মতে, নৱজাতক দুয়োটা শিশুৱে বৰ্তমান অৱস্থাত সুস্থ হৈ আছে।

সন্তান প্ৰসৱ কৰা কোভিড-১৯ প’জিটিভ মহিলা দুগৰাকী হৈছে ক্ৰমে ৰুণজুন মহন্ত(৩২) আৰু কংকনা বৰ্মন(২২)।

ৰুণজুনে এটি কন্যা সন্তান জন্ম দিয়াৰ বিপৰীতে কংকনা এটা পুত্ৰ সন্তানৰ মাতৃ হয়।

আনহাতে, নৱজাতক দুয়োটা শিশু বৰ্তমান ক’ৰ’না নিগেটিভ বুলি চিকিৎসালয়খনত কৰ্তব্যৰত চিকিৎসক সকলে জানিবলৈ দিছে।

কোভিড-১৯ প’জিটিভ মহিলা দুগৰাকীয়ে চিকিৎসাধীন অৱস্থাতে সন্তান জন্ম দিবলৈ সমৰ্থ হোৱা বাবে সকলোৱে চিকিৎসক আৰু নাৰ্চ সকলক উচ্চ প্ৰশংসা কৰিছে।

Related News