ক’ৰ’না সংকটৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অসমৰ অবিভক্ত শিৱসাগৰ জিলাৰ ৮ খন তৈলক্ষেত্ৰ লগতে দেশৰ মুঠ ৪৯ খন তৈলক্ষেত্ৰ আৰু ক’ল ইণ্ডিয়া ক্ষেত্ৰ সমূহ ব্যক্তিগত কোম্পানীক গতাই দিয়া কাৰ্যক চি পি আই শিৱসাগৰ জিলা পৰিষদে তীব্ৰ বিৰোধিতা কৰাৰ লগতে উক্ত সিদ্ধান্ত বাতিলৰ দাবী জনাইছে ৷
আজি এক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে চিপিআইৰ ৰাষ্ট্ৰীয় পকিষদৰ সদস্য তথা শিৱসাগৰ জিলা সমিতিৰ সম্পাদক কনক গগৈয়ে কয়, ‘যি সময়ত ক’ৰ’না সংকটে দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে তেনে প্ৰেক্ষাপটত দেশৰ সম্পদসমূহ ৰাষ্ট্ৰীয়কৰণ কৰাটো অতিকে জৰুৰী৷ কিন্তু বিজেপি চৰকাৰে বাৰে বাৰে পুঁজিপতিক সহায় কৰাহে পৰিলক্ষিত হৈছে৷ এনে সিদ্ধান্তক আমি ধীক্কাৰ জনাইছো৷’
উল্লেখ্য যে ঐতিহাসিক অবিভক্ত শিৱসাগৰ জিলাৰ লগতে উজনি অসমৰ উদ্যোগিক বিকাশৰ অন্যতম সম্পদ হৈছে তৈল সম্পদ৷
ৰাজহুৱা খণ্ডৰ নৱৰত্ন উদ্যোগ ONGC আৰু OIL য়ে ৰাজ্যখনৰ লগতে দেশৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে৷
বিশিষ্ট কমিউনিষ্ট তথা শ্ৰমিক নেতা, প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰয়াত প্ৰমোদ গগৈ নেতৃত্বত বিগত ষাঠি দশকৰ পৰা যোৱা দশকলৈকে অসমৰ তথা শিৱসাগৰীয়া ৰাইজে ৰাজহুৱা খণ্ডত তৈল প্ৰতিষ্ঠান গঢ়ি তোলা, ৰিফাইনেৰী গঢ়া আন্দোলন সংগঠিত কৰিছিল, খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদন বৃদ্ধি লগতে থলুৱাক উক্ত উদ্যোগ প্ৰতিষ্ঠান সমূহত নিযুক্তি আদি দাবীত আন্দোলন সংগঠিত কৰাৰ ফলত বহু ৰাইজ আজি উপকৃত হৈছিল৷

কিন্তু আজি পুঁজিপতি ৰক্ষকৰ চৰকাৰে এনেবোৰ সম্পদ বিক্ৰী কৰিছে তথাকথিত নেতাসমূহৰ দুৰ্বলতা সুযোগ গ্ৰহণ কৰি৷
‘আমি চি পি আই দলে খাৰুৱা তেল উৎপাদনৰ বিৰোধী নহয়৷ আমি উৎপাদন বৃদ্ধি পক্ষে আছো৷ কিন্তু ONGC – OIL য়ে নিজাববীয়াকৈ উন্নত প্ৰযুক্তি ক্ৰয় কৰি উৎপাদন বৃদ্ধি কৰক৷’ এইদৰে কয় দলটোৱে।
‘এই সম্পদ শিৱসাগৰ বাসী ৰাইজৰ সম্পদ৷ এই সম্পদৰ জৰিয়তে শিৱসাগৰ বাসী ৰাইজৰ সৰ্বাংগীণ বিকাশ হ’ব লাগিব৷ এয়া শিৱসাগৰবাসী ৰাইজৰ দাবী৷’ দলটোৰ স্পষ্ট মত।
‘ONGCত থকা অসম বিৰোধী চক্ৰটোক আমি সকিয়াই দিওঁ যে আপোনালোকে ONGC সম্পৰ্কে ভুল তথ্য মন্ত্ৰালয় তথা উৰ্দ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাটো বন্ধ কৰক৷ আনহাতে ONGCৰ CSR পুঁজি বন্ধ কৰা সিদ্ধান্ত শীঘ্ৰেই বন্ধ কৰক৷’ দলটোৰ দাবী।