DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুলিচৰাজ নহয় আইনৰ শাসন প্ৰতিষ্ঠাৰ দাবীৰে ৰাজ্যজোৰা প্ৰতিবাদ চি পি আই (এম)ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2022 2:59 pm
95
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত পুলিচৰাজ বন্ধ কৰি আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ দাবীৰে সোমবাৰে ৰাজ্যজোৰা প্ৰতিবাদ সাব্যস্ত কৰে চি পি আই(এম) দলে। ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত আইনৰ শাসনক বুঢ়া আঙুলি দেখুৱাই এনকাউন্টাৰৰ দ্বাৰা হত্যা কৰা ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে আৰু পুলিচৰাজ আৰম্ভ কৰিছে।

বটদ্ৰৱাৰ ঘটনাই প্ৰমাণ কৰিছে কেনেকৈ আইনৰ শাসনক ভেঙুচালি কৰা হৈছে। এয়া সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকিস্বৰপ। বিজেপি চৰকাৰৰ দিনত আৰম্ভ হোৱা পুলিচৰাজ ব্যৱস্থাত ক্ষুব্ধ আৰু উদ্বিগ্ন চি পি আই (এম) দলে ইতিমধ্যে প্ৰতিবাদ জনাইছে। কিন্তু অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ দলটোৱে ৰাজ্যজোৰা প্ৰতিবাদৰ আহ্বান দিছিল।

এই আহ্বানৰ প্ৰতি সহাৰি জনাই সোমবাৰে ধুবুৰী, গোৱালপাৰা, বঙাইগাঁ‌ও, বৰপেটা, নলবাৰী, শোণিতপুৰ, নগাঁও, যোৰহাট, কৰিমগঞ্জ, তিনিচুকীয়া, ধুবুৰী, কামৰূপ, যোৰহাট আদি জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

উল্লেখযোগ্য যে নগাঁওত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত পুলিচৰ শেহতীয়া এনকাউণ্টাৰত মৃত্যু বৰণ কৰা আছিকুলৰ পিতৃ-মাতৃ সহ তেখেতৰ আত্মীয়-স্বজনে অংশ গ্ৰহণ কৰে।

কামৰূপ (ম) জিলা সদৰ গুৱাহাটীত দিনৰ ১২ বজাত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয়। প্ৰতিবাদকাৰী সকলে “পুলিচৰাজ বন্ধ কৰক”, “আইনৰ শাসন প্ৰতিষ্ঠা কৰক”, “এনকাউন্টাৰৰ ঘটনাৰ তদন্ত কৰক”- আদি শ্লোগানেৰে গুৱাহাটী ক্লাৱৰ ৰ’টাৰী উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুলিচক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি পুলিচৰাজ আৰম্ভ কৰিছে। তেওঁ শাসনলৈ অহাৰ পাছত শীতল মস্তিকৰে অভিযুক্তক পুলিচৰ জিম্মাত হত্যা কৰাৰ ঘটনা বৃদ্ধি পাইছে। চি পি আই (এম)-এ সদায় আইনৰ শাসনৰ পক্ষে অৱস্থান কৰি আহিছে। আৰক্ষীৰ ডি জি পি ভাস্কৰজ্যোতি মহন্তলৈ আহ্বান জনাই তালুকদাৰে কয়, পুলিচ বাহিনীক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ হ’বলৈ নিদিব।

মূল্যবৃদ্ধিকে ধৰি জনবিৰোধী নীতিক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাইজ ক্ষুব্ধ হৈ উঠাৰ সময়তে চৰকাৰে এনকাউন্টাৰ হত্যাৰে জনসাধাৰণৰ দৃষ্টি অন্যফালে নিবলৈ চেষ্টা কৰিছে আৰু মুছলমানৰ বিৰুদ্ধে হিন্দু মানুহক উচটাব বিচাৰিছে।

আন্দোলনৰ কাৰ্যসূচীত অংশলৈ প্ৰাক্তন জিলা সম্পাদক শতঞ্জীৱ দাসে কয়, এয়া আইনৰ শাসন আৰু গণতন্ত্ৰৰ পক্ষে সংগ্ৰাম, পুলিচৰ বিৰুদ্ধে নহয়। ন্যায় ব্যৱস্থাৰ কাম পুলিচৰ হাতত এৰি দিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব।

প্ৰতিবাদী কাৰ্যসূচীত শিক্ষাবিদ আব্দুল মান্নানেও অংশগ্ৰহণ কৰি চমু বক্তব্য দাঙি ধৰে। শতাধিক লোকে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত প্ৰাক্তন সাংসদ উদ্ধব বৰ্মন, সম্পাদক মণ্ডলীৰ ইচফাকুৰ ৰহমান, অজিত দাস, নয়ন ভূঞা আৰু সংগীতা দাসো উপস্থিত থাকে। 

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd