ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙৰ পৰিয়ালত গভীৰ শোকৰ ছাঁ। পিতৃ খচন্দ্ৰ সিঙক হেৰুৱালে ৰিংকুৱে। দীৰ্ঘদিন ধৰি তেওঁ লিভাৰ কেন্সাৰৰ সৈতে যুঁজি আছিল। গ্ৰেটাৰ নয়ডাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
পৰিয়ালৰ সূত্ৰ অনুসৰি খচন্দ্ৰ সিং ষ্টেজ ৪ লিভাৰ কেন্সাৰত আক্ৰান্ত আছিল। যোৱা কেইদিনমানত তেওঁৰ শাৰীৰিক অৱস্থা দ্ৰুতগতিত অৱনতি ঘটিছিল। তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল আৰু নিৰন্তৰ ‘ৰেনাল ৰিপ্লেচমেণ্ট থেৰাপী’ৰ জৰিয়তে সুস্থিৰ কৰি ৰখাৰ প্ৰচেষ্টা চলোৱা হৈছিল। চিকিৎসকৰ তীক্ষ্ণ নিৰীক্ষণত থাকিলেও তেওঁৰ প্ৰাণ ৰক্ষা নহ’ল।
এই দুখৰ খবৰটো এনে এটা সময়ত আহিছে যেতিয়া ৰিংকুৱে ৰাষ্ট্ৰীয় দলৰ সৈতে টি-২০ বিশ্বকাপৰ জটিল পৰ্যায়ত আছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত জিম্বাবুৱেৰ বিৰুদ্ধে খেলাৰ পূৰ্বে তেওঁ হঠাৎ দলৰ শিবিৰ এৰি ঘৰলৈ উভতি আহে। পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক জৰুৰীকালীন ভিত্তিত মাতি অনা হৈছিল।
ৰিংকুৱে পিতৃক লগ পাই খৰধৰকৈ চেন্নাইলৈ উভতি আহে। কিন্তু টিম মেনেজমেন্টে দলৰ কম্বিনেছনত পৰিৱৰ্তন আনে। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন দলটোৱে জিম্বাবুৱেৰ বিৰুদ্ধে আৰম্ভণি একাদশত দুটা পৰিৱৰ্তন কৰিছিল, যাৰ বাবে ৰিংকুৱে দলত স্থান নাপালে।
দললৈ ভাৰসাম্য অনাৰ বাবে অ’পেনাৰ হিচাপে সঞ্জু চেমছনক ঘূৰাই অনা হয়। সোঁহতীয়া বেটছমেনৰ প্ৰয়োজনীয়তাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। আনহাতে ঈশান কিষাণক তিনি নম্বৰলৈ নমাই অনাৰ লগতে তিলক ভাৰ্মাৰ ভূমিকাও সলনি কৰি ফিনিছাৰৰ দায়িত্ব দিয়া হয়। আন এটা পৰিৱৰ্তন হ’ল ৱাশ্বিংটন সুন্দৰৰ ঠাইত অক্ষৰ পেটেল দলত আহিছিল।
এই মুহূৰ্তত টি-২০ বিশ্বকাপ ২০২৬ৰ বাকী থকা মেচসমূহত ৰিংকুৰ খেলৰ ক্ষেত্ৰত অনিশ্চয়তা দেখা গৈছে। বিচিচিআইয়ে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। দিনটোৰ ভিতৰত আৰু আপডেট আহিব পাৰে বুলি ধাৰণা কৰা হৈছে।
ইপিনে, ভাৰতীয় দলটো এতিয়া কলকাতালৈ গৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ’ব। এই মেচখনৰ বিজয়ীয়ে দক্ষিণ আফ্ৰিকাৰ সৈতে ছেমি ফাইনেলত স্থান লাভ কৰিব।


