অসমত হত্যা আৰু ধৰ্ষণৰ দৰে অপৰাধ হ্ৰাস পাইছে। এই দাবী কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
বুধবাৰে (২৫ অক্টোবৰ)ত এই দাবী কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অসমত হত্যা, ধৰ্ষণ, ডকাইটিৰ দৰে অপৰাধ হ্ৰাস পাইছে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমক অপৰাধমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ আমাৰ দায়বদ্ধতা ইতিবাচক দিশত আগবাঢ়িছে।”
মুখ্যমন্ত্রী শৰ্মাই ৰাজ্যত লিপিবদ্ধ হোৱা সকলো ধৰণৰ অপৰাধৰ হ্রাস পোৱা তথ্যও শ্বেয়াৰ কৰিছে৷
মুখ্যমন্ত্ৰী শৰ্মাৰ মতে চৰকাৰৰ আৰু প্ৰশাসনৰ সক্ৰিয়তাৰ বাবেই ৰাজ্যত বৃহৎ অপৰাধসমূহ ক্ৰমশঃ হ্ৰাস পাব ধৰিছে।
“আৰক্ষীৰ সক্ৰিয় টহল, অপৰাধ ব্যৱস্থাপনাৰ দক্ষতা বৃদ্ধি, ফৰেনছিক ব্যৱহাৰ, আৰক্ষী আৰু জনসাধাৰণৰ মাজত সমন্বয়, অসম চৰকাৰৰ দৃঢ় সহযোগৰ আদিৰ বাবেই ৰাজ্যখনত বৃহৎ অপৰাধ হ্ৰাস পোৱাৰ মূল কাৰণ বুলি মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰিছে।
তলত অসমৰ মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা তথ্যৰ তালিকাখন সন্নিৱিষ্ট কৰা হৈছে।