• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে প্ৰদৰ্শনৰ সমালোচনাৰ অন্তত উজবেকিস্তানৰ বিৰুদ্ধে পৰ্তুগালৰ প্ৰথম একাদশ নিৰ্বাচনক লৈ প্ৰশিক্ষকৰ দোধোৰ-মোধোৰ অৱস্থা।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 9:33 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলমান ফিফা বিশ্বকাপৰ পৰৱৰ্তী মেচত উজবেকিস্তানৰ বিৰুদ্ধে পৰ্তুগালৰ তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে প্ৰথম একাদশত স্থান পাব নে নাই, তাক লৈ বৰ্তমান তীব্ৰ চৰ্চা চলিছে। প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত কংগোৰ বিৰুদ্ধে ৰোনাল্ডোৰ নিস্প্ৰভ প্ৰদৰ্শনৰ পাছত দলৰ প্ৰশিক্ষক ৰবাৰ্টো মাৰ্টিনেজ প্ৰথম একাদশ নিৰ্বাচনক লৈ এক কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। অৱশ্যে প্ৰশিক্ষকগৰাকীয়ে উজবেকিস্তানৰ বিৰুদ্ধে মেচখনৰ পূৰ্বে ৰোনাল্ডোৰ অংশগ্ৰহণৰ সন্দৰ্ভত কোনো স্পষ্ট সিদ্ধান্ত প্ৰকাশ কৰাৰ পৰা বিৰত আছে।

কংগোৰ বিৰুদ্ধে অনুষ্ঠিত বিশ্বকাপৰ প্ৰথমখন মেচত ৰোনাল্ডোক একেবাৰেই স্বাভাৱিক ছন্দত দেখা পোৱা হোৱা নাছিল। সমগ্ৰ মেচখনত তেওঁ প্ৰভাৱ বিস্তাৰ কৰাত ব্যৰ্থ হোৱাৰ লগতে গ‘ল কৰাৰ কোনো সুযোগো সৃষ্টি কৰিব পৰা নাছিল, যাৰ ফলত তেওঁক দলৰ বাবে বোজা স্বৰূপ যেন অনুভৱ হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী মেচত তেওঁৰ স্থানক লৈ প্ৰশ্ন উত্থাপন হোৱাত প্ৰশিক্ষক মাৰ্টিনেজে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। প্ৰশিক্ষকগৰাকীয়ে প্ৰকাশ কৰে যে খেলপথাৰত কোন এঘাৰগৰাকী খেলুৱৈ অৱতীৰ্ণ হ‘ব, সেই বিষয়ে তেওঁ নিজৰ দলটোকো এতিয়ালৈকে অৱগত কৰা নাই। ৰোনাল্ডোৰ দৰে এগৰাকী তাৰকা খেলুৱৈক দলৰ পৰা বাহিৰত ৰখাটো যিদৰে এক কঠিন সিদ্ধান্ত, ঠিক সেইদৰে তেওঁৰ দুৰ্বল ফৰ্মৰ বাবে দলটোৱে দহগৰাকী খেলুৱৈৰে খেলাৰ দৰে অনুভৱ হোৱাটোৱেও প্ৰশিক্ষকগৰাকীক চিন্তাত পেলাইছে।

Apply Now

প্ৰথমখন মেচৰ পাছত পৰ্তুগাল দলে সন্মুখীন হোৱা সমালোচনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মাৰ্টিনেজে ইয়াক খেলৰ এক স্বাভাৱিক অংশ বুলি অভিহিত কৰে। তেওঁ কয় যে বিশ্বকাপৰ দৰে এক বৃহৎ প্ৰতিযোগিতাত বেয়া প্ৰদৰ্শন কৰিলে সমালোচনা আৰু চাপ অহাটো নিশ্চিত। অৱশ্যে এই পৰিস্থিতিয়ে দলটোৰ একতাত কোনো প্ৰভাৱ পেলোৱা নাই বুলি তেওঁ দাবী কৰে। খেলুৱৈসকলৰ মাজত একতা অধিক বৃদ্ধি পোৱা বুলি উল্লেখ কৰি প্ৰশিক্ষকগৰাকীয়ে পৰৱৰ্তী মেচসমূহত পৰ্তুগাল দলে অধিক আক্ৰমণাত্মক মানসিকতাৰে খেলপথাৰত অৱতীৰ্ণ হৈ নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব বুলি দৃঢ়তা প্ৰকাশ কৰে।

সমালোচনাৰ মাজতো প্ৰশিক্ষক মাৰ্টিনেজে অধিনায়ক ৰোনাল্ডোৰ প্ৰশংসা কৰিবলৈ পাহৰা নাই। তেওঁৰ মতে, ৰোনাল্ডো সকলোৰে বাবে এক আদৰ্শ আৰু সমগ্ৰ দলে তেওঁক সন্মান কৰে। পৰ্তুগালৰ ফুটবললৈ ৰোনাল্ডোৰ অৱদান আৰু তেওঁৰ সুদীৰ্ঘ অভিজ্ঞতাৰ কথা স্মৰণ কৰি মাৰ্টিনেজে কয় যে খেলুৱৈগৰাকীৰ সামৰ্থ্যক লৈ প্ৰশ্ন উত্থাপন কৰাৰ কোনো অৱকাশ নাই। ৰোনাল্ডোৱে পূৰ্বৰ দৰেই কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি প্ৰশিক্ষকগৰাকীয়ে তেওঁ পুনৰ উন্নত প্ৰদৰ্শন কৰিব বুলি বিশ্বাস ব্যক্ত কৰে।

উল্লেখ্য যে উত্তৰ আমেৰিকাৰ তিনিখন দেশ ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ যৌথ আতিথ্যত চলিত বৰ্ষৰ এঘাৰ জুনৰ পৰা আঠচল্লিশ খন দেশৰ অংশগ্ৰহণেৰে ফুটবল বিশ্বকাপ আৰম্ভ হৈছে। আয়োজক তিনিওখন দেশতে সুকীয়াকৈ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে মেক্সিকোৰ এজটেকা ষ্টেডিয়ামত মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মেচখনৰ জৰিয়তে এইবাৰৰ বিশ্বকাপৰ শুভাৰম্ভণি ঘটিছিল। এই প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন ঊনৈশ জুলাইত অনুষ্ঠিত হ‘ব।

উজবেকিস্তানৰ বিৰুদ্ধে পৰ্তুগালৰ আগন্তুক মেচখন দুয়োটা দলৰ বাবেই অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। কংগোৰ বিৰুদ্ধে নিৰাশাজনক প্ৰদৰ্শনৰ অন্তত পৰ্তুগাল দলে কি দৰে প্ৰত্যাৱৰ্তন কৰে আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে প্ৰথম একাদশত স্থান লাভ কৰি নিজৰ হেৰোৱা ছন্দ ঘূৰাই পাবলৈ সক্ষম হ‘ব নে নাই, তাৰ ওপৰত সমগ্ৰ ফুটবল বিশ্বৰ দৃষ্টি নিৱদ্ধ থাকিব। মেচখনৰ পূৰ্বে প্ৰশিক্ষক ৰবাৰ্টো মাৰ্টিনেজে গ্ৰহণ কৰা চূড়ান্ত সিদ্ধান্তই দলটোৰ পৰৱৰ্তী যাত্ৰাৰ দিশ নিৰ্ণয় কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

August 5, 2026 1:21 pm
মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

August 5, 2026 11:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd