• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2026 10:09 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফিফা বিশ্বকাপ ২০২৬ ত ক্ৰোৱেচিয়াই নিজৰ অভিযান এক সুন্দৰ জয়েৰে আৰম্ভ কৰিছে। এখন অতি ৰোমাঞ্চকৰ মেচত তেওঁলোকে পানামাক ১-০ গ‘লত পৰাস্ত কৰে। এই পৰাজয়ৰ লগে লগে পানামা দলটোৰ বিশ্বকাপৰ পৰা বিদায় প্ৰায় নিশ্চিত হৈ পৰে।

টৰন্টো ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনৰ প্ৰথম অৰ্ধত পানামাই অতি সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল। খেলৰ ২৩ মিনিটত পানামাৰ খেলুৱৈ জ‘ছ লুইছ ৰড্ৰিগেজে এটা শক্তিশালী হেডাৰ মাৰিছিল আৰু গ‘ল হোৱাৰ উপক্ৰম হৈছিল। কিন্তু ক্ৰোৱেচিয়াৰ গ‘লৰক্ষক ডমিনিক লিভাকোভিচে অতি চতুৰতাৰে বলটো ক্ৰছবাৰলৈ ঠেলি দি নিজৰ দলটোক ৰক্ষা কৰে আৰু পানামাক আগবাঢ়ি যোৱাত বাধা দিয়ে।

Apply Now

খেলৰ দ্বিতীয় অৰ্ধত ক্ৰোৱেচিয়াই খেলখনত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়। ৫৪ মিনিটত জোচিপ ষ্টানিচিচৰ এক সুন্দৰ পাছৰ পৰা সলনি খেলুৱৈ হিচাপে পথাৰত নমা এণ্টে বুডিমিৰে গ‘ল দি ক্ৰোৱেচিয়াক আগবঢ়াই নিয়ে। ইয়াৰ ঠিক তিনি মিনিটৰ পাছতে অৰ্থাৎ ৫৭ মিনিটত মাৰ্কো পাছালিচে গ‘ল দিয়াৰ এক সুবৰ্ণ সুযোগ পাইছিল। কিন্তু পানামাৰ গ‘লৰক্ষক অৰলেণ্ডো মস্কোৱেৰাই প্ৰথমতে বলটো ৰখাই দিয়ে আৰু তাৰ পাছত ৰিবাউণ্ডত পাছালিচে বলটো লক্ষ্যভ্ৰষ্ট কৰে।

ইয়াৰ পাছতো পানামাই অহৰহ আক্ৰমণ চলাই গৈছিল যদিও ক্ৰোৱেচিয়াৰ গ‘লৰক্ষক লিভাকোভিচৰ সুন্দৰ প্ৰদৰ্শনৰ আগত তেওঁলোকৰ সকলো চেষ্টা বিফল হয়। ফলস্বৰূপে পানামাই বিশ্বকাপৰ ইতিহাসত নিজৰ প্ৰথমটো পইণ্ট অৰ্জন কৰাত ব্যৰ্থ হয়। আনহাতে, এই জয়ৰ লগে লগে ক্ৰোৱেচিয়াৰ শিবিৰত আনন্দৰ ঢৌ উঠে। দলটোৰ অধিনায়ক লুকা মড্ৰিচৰ বাবে এই মেচখন আছিল অতি বিশেষ, কিয়নো এইখন আছিল তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ২০০ সংখ্যক মেচ। ফুটবলৰ এই সৰ্ববৃহৎ মঞ্চত নিজৰ এই বিশেষ মেচখন জয়েৰে উদযাপন কৰিবলৈ পাই মড্ৰিচ আৰু তেওঁৰ দল অত্যন্ত সুখী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd