শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দিচাং দলংৰ সমীপত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা।
এই দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ থিতাতে নিহত হয়।
এখন ট্ৰাকে পাছফালৰ খুন্দা মৰা ফলত থিতাতে নিহত হয় চাইকেল আৰোহীজন।
নিহত ব্যক্তিজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ এ এছ ২৩ ডি চি ২৩৫৭।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাকখন স্থানীয় ৰাইজে কৰায়ত্ব কৰিছে। বৰ্তমান ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰিছে।





