বৰপেটাৰোড থানাৰ অন্তৰ্গত উত্তৰ বৰপেটাৰোডত দেওবাৰে এছোচিয়েশ্যন ফৰ প্ৰটেকশ্যন অৱ ইণ্ডিয়ান চিটিজেনশ্বিপ ৰাইটছ তথা আমছুৰ সহযোগত প্ৰায় তিনি শতাধিক ডি ভোটাৰৰ উপস্থিতিত এক প্ৰৱল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদীকাৰীসকলে মুখ্যমন্ত্ৰী সোণোৱালৰ পুত্তলিকাও দাহ কৰে।
উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ধনশ্ৰীখুটি গাঁৱৰ মৃত ছুটকো শ্বেইখৰ পুত্ৰ ৫৮ বছৰীয়া জুব্বাৰ আলীক বিদেশী সজাই চৰকাৰে বিগত তিনি বছৰ ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখিছিল।
দুটি সন্তানৰ পিতৃ জুব্বাৰ আলীৰ যোৱা ৪ অক্টোবৰত তেজপুৰৰ ডিটেনশ্যন কেম্পত বন্দী অৱস্থাত মৃত্যু হোৱাৰ পিছত জুব্বাৰ আলীৰ মৃতদেহ আৰক্ষীয়ে ওদালগুৰিৰ ধনশ্ৰীখুটিৰ পৰিয়ালক গতাই দিয়ে।
এছোচিয়েশ্যন ফৰ প্ৰটেকশ্যন অৱ ইণ্ডিয়ান চিটিজেনশ্বিপ ৰাইটছৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদে প্ৰশ্ন উত্থাপন কৰি কয় যে যদি মৃত জুব্বাৰ আলীক গতাই দিয়া উক্ত পৰিয়ালৰ সদস্য আছিল তেনেহ’লে বিদেশী বুলি তেওঁক কিয় তিনি বছৰ ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা হ’ল?
তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰে যে যদিহে মৃত জুব্বাৰ আলী প্ৰকৃততে বিদেশী আছিল তেনেহ’লে তেওঁক উক্ত পৰিয়ালক গতাই দিয়া হ’ল কিয়।
প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি কয় যে উক্ত পৰিয়ালটোৰ ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকে আদি কৰি বৈধ ভাৰতীয়ৰ সমস্ত নথি থকাৰ পিছতো ৰাজ্য চৰকাৰৰ সীমান্ত আৰক্ষী তথা গৃহ বিভাগৰ দায়িত্বহীনতা তথা মইমতালিৰ বাবে মিছা বিদেশী গোচৰত অভিযুক্ত হৈ জুব্বাৰ আলীয়ে বিদেশী হিচাপে ডিটেশ্বন কেম্পত জীৱন ত্যাগ কৰিব লগা হ’ল।
প্ৰতিবাদকাৰীসকলে বিদেশীৰ নামত ভাৰতীয় সংখ্যালঘু, দৰিদ্ৰ আৰু নিৰক্ষৰক বিদেশী সজাই অত্যাচাৰ কৰা বন্ধ কৰিবলৈ দাবী জনায়। তদুপৰি তেওঁলোকে স্বদেশীক বিদেশী সজোৱা বিষয়ত চিবিআই তদন্তৰ দাবী জনোৱাৰ লগতে জুব্বাৰ আলীৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰো দাবী জনায়।
আন্দেলনৰ কাৰ্যসূচীত বৰপেটা জিলা আমছুৰ কাৰ্যকৰী সভাপতি ছফিউৰ ৰহমান¸ বাক্সা জিলা আমছুৰ সাধাৰণ সম্পাদক শ্বাহাদত হুছেইন¸বৰপেটাৰোড আঞ্চলিক আমছুৰ বিষয়ববীয়াৰ লগতে এছোচিয়েশ্যন ফৰ প্ৰটেকশ্যন অৱ ইণ্ডিয়ান চিটিজেনশ্বিপ ৰাইটছৰ নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।