• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আই পি এলত‍ ‘শত্ৰু’ দেশৰ খেলুৱৈৰ সৈতে মিলি ডেভিড ৱাৰ্ণাৰে গঢ়িলে ইতিহাস

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 15, 2020 2:25 pm

2 min read

আই পি এলত‍ ‘শত্ৰু’ দেশৰ খেলুৱৈৰ সৈতে মিলি ডেভিড ৱাৰ্ণাৰে গঢ়িলে ইতিহাস
855
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কিংছ ইলেভেন পঞ্জাৱৰ মাজত অনুষ্ঠিত হোৱা মেচখনত ছানৰাইজাৰ্ছে জয়ী হোৱাৰ লগতে অধিনায়ক ডেভিড ৱাৰ্ণাৰে এক ইতিহাস ৰচিবলৈও সক্ষম হয়।

অপেনাৰদ্বয় ৱাৰ্ণাৰ আৰু জনি বেয়াৰষ্ট’ আৰু স্পিনাৰ ৰাছিদ খানৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ভিত্তিত ছানৰাইজাৰ্ছে কিংছ ইলেভেনক পৰাস্ত কৰে।

মেচখনত ৱাৰ্ণাৰে অৰ্ধশতকীয় ইনিংছ খেলে আৰু ইয়াৰ পিছতে তেওঁ আই পি এলত এক ইতিহাস গঢ়াৰ অধিকাৰী হয়।

আই পি এল ইতিহাসত ৱাৰ্ণাৰে ৫০ বাৰ ৫০ৰ অধিক স্ক’ৰ কৰাৰ অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে কোনেও এই অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নাই।

মেচৰ অন্তত ৱাৰ্ণাৰে কয় যে কিদৰে তেওঁ বেয়াৰষ্ট’ৰ সৈতে মিলি দলক সুন্দৰ জয়ৰ উপহাৰ দিয়াৰ লগতে এই অভিলেখ গঢ়ে।

ৱাৰ্ণাৰ আৰু বেয়াৰষ্ট’ৱে প্ৰথম উইকেটৰ যুটীত ১৬০ ৰান কৰে।

উল্লেখ্য যে ক্ৰিকেট ফিল্ডত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ খেলুৱৈ সকলক আক্ৰমক তথা শত্ৰু মনোভাৱ ৰূপত দেখা পোৱা যায়।

কিদৰে ইংলেণ্ডৰ এগৰাকী খেলুৱৈৰ সৈতে মিলি ইমান সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছৈ বুলি ৱাৰ্ণাৰক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দুয়োখন দেশৰ মাজত শত্ৰুতা তথা বেয়া ভাব থকা বুলি মানুহে কিয় ভাবে মই নাজানো।

ইয়াৰ উপৰি বেয়াৰষ্ট’ৰ সৈতে ৱাৰ্ণাৰে বেটিং কৰি সদায় আনন্দ লাভ কৰে বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে ৱাৰ্ণাৰে বৃহস্পতিবাৰৰ মেচখনত ৪০টা বলত ৫২ ৰান কৰে। আই পি এলত ৱাৰ্ণাৰৰ এয়া ৫০ বাৰ ৫০ৰ অধিক স্ক’ৰ কৰাৰ ৰেকৰ্ড। তেওঁৰ এই পৰ্যন্ত ৪৬টা অৰ্ধশতক আৰু চাৰিটা শতক অৰ্জন কৰিছে।

ৱাৰ্ণাৰৰ পিছতে এই তালিকাত আছে বিৰাট কোহলী। তেওঁ ৪২ বাৰ ৫০ৰ অধিক স্ক’ৰ কৰিছে। ইয়াৰ ভিতৰত আছে ৩৭টা অৰ্ধশতক আৰু পাঁচটা শতক।

তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে সুৰেশ ৰাইনা আৰু ৰোহিত শৰ্মা। দুয়োৰে নামত আছে ৩৮টা অৰ্ধশতক আৰু এটা শতক।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd