DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2022 5:27 pm
Dawood Ibrahim is in Karachi
181
VIEWS
Share on FacebookShare on Twitter

ডাউদ ইব্ৰাহিম, অন্ধকাৰ জগতৰ এই কুখ্যাত সম্ৰাটজনক ভাৰতে ঘোষণা কৰিছে ‘ম’ষ্ট ৱাণ্টেড’ অপৰাধী হিচাপে। এসময়ত দেশৰ বিভিন্ন প্ৰান্তত অপৰাধমূলক কাৰুকাৰ্যৰে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা এই কুখ্যাত ‘আণ্ডাৰৱৰ্ল্ড ডন’ ডাউদ ইব্ৰাহিম বৰ্তমান ক’ত আছে, সেই লৈ সময়ে সময়ে চৰ্চা চলি আহিছে।

সাম্প্ৰতিক সময়ত ভাৰতত ডাউদৰ বিধংসী কাৰ্যকলাপ হ্ৰাস পাইছে যদিও অন্ধকাৰ জগতত থকা তেওঁৰ বিশাল অপৰাধ সাম্ৰাজ্য ম্লান হোৱা নাই। গোলকীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ পাছতো এইপৰ্যন্ত বিশ্বৰ শীৰ্স্থানীয় কোনো চোৰাংচোৱা সংস্থাই ডাউদৰ অৱস্থান ধৰা পেলাবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতে ভাৰতে দীৰ্ঘদিন ধৰি ডাউড ইব্ৰাহিমে পাকিস্তানত আত্মগোপন কৰি আহিছে বুলি দাবী কৰি আহিছে। পাকিস্তানৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ডাউদে পাকিস্তানৰ কৰাচী চহৰত বাহৰ পাতি আছে বুলি ভাৰতে দাবী কৰি আহিছে। কিন্তু ভাৰতৰ এই দাবীক সদায়ে খণ্ডন কৰি আহিছে পাকিস্তানে।

ডাউদ ইব্ৰাহিমক কেন্দ্ৰ কৰি চলি অহা এই জল্পনা-কল্পনাৰ মাজতে ডাউদৰ নিজ ভতিজা আলী শ্বাহ পাৰকাৰে ভাৰতৰ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডিৰ সন্মুখত প্ৰকাশ কৰিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। ইডিৰ সন্মুখত পাৰকাৰে দিয়া ভাষ্য অনুসৰি ডাউদ এতিয়া পাকিস্তানৰ কৰাচীত বাস কৰি আছে।

উল্লেখ্য যে আলী শ্বাহ পাৰকাৰ ডাউদ ইব্ৰাহিমৰ ভগ্নী হাছিনা পাৰকাৰৰ পুত্ৰ। কেইবছৰমান পূৰ্বে আলীৰ মাতৃ হাছিনা পাৰকাৰৰ মুম্বাইত মৃত্যু হৈছিল।

উল্লেখ্য যে ইডি-এ ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰৰ তদন্ত চলাই আছে। এই গোচৰ সন্দৰ্ভতে ইডিয়ে আলী শ্বাহ পাৰকাৰকো জেৰা চলাইছে। জেৰাৰ সময়তে পাৰকাৰে ইডিৰ সন্মুখত এই চাঞ্চল্যকৰ তথ্য সদৰি কৰে।

পাৰকাৰৰ ভাষ্য অনুসৰি ১৯৮৬ চনৰ আশে পাশে ডাউদ ইব্ৰাহিমে ভাৰত ত্যাগ কৰিছিল। ১৯৮৬ চনলৈকে ডাউদে দক্ষিণ মুম্বাইৰ ডাম্বাৰৱালা ভৱনৰ চতুৰ্থ মহলাত বাস কৰিছিল বুলিও সদৰি কৰে পাৰকাৰে।

বিভিন্ন উৎস আৰু আত্মীয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি ডাউদ ইব্ৰাহিম বৰ্তমান কৰাচীত বসতি কৰি আছে বুলি পাৰকাৰে নিজ বিবৃতিত উল্লেখ কৰে।

পাৰকাৰে লগতে কয় যে তেওঁৰ জন্মৰ পূৰ্বেই ডাউদে ভাৰত ত্যাগ কৰিছিল। ইয়াৰ পাছত তেওঁৰ সৈতে পাৰকাৰৰ পৰিয়ালৰ কোনো যোগসূত্ৰ নাছিল বুলিও পাৰকাৰে সদৰি কৰে।অৱশ্যে কোনো উৎসৱ-পাৰ্বনৰ সময়ত ডাউদ ইব্ৰাহিমৰ পত্নী মেহজাবীনে পাৰকাৰৰ পত্নী তথা ভগ্নীৰ সৈতে যোগাযোগ কৰে বুলি তেওঁ লগতে কয়।

Recent News

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd