• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2022 5:27 pm
Dawood Ibrahim is in Karachi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডাউদ ইব্ৰাহিম, অন্ধকাৰ জগতৰ এই কুখ্যাত সম্ৰাটজনক ভাৰতে ঘোষণা কৰিছে ‘ম’ষ্ট ৱাণ্টেড’ অপৰাধী হিচাপে। এসময়ত দেশৰ বিভিন্ন প্ৰান্তত অপৰাধমূলক কাৰুকাৰ্যৰে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা এই কুখ্যাত ‘আণ্ডাৰৱৰ্ল্ড ডন’ ডাউদ ইব্ৰাহিম বৰ্তমান ক’ত আছে, সেই লৈ সময়ে সময়ে চৰ্চা চলি আহিছে।

সাম্প্ৰতিক সময়ত ভাৰতত ডাউদৰ বিধংসী কাৰ্যকলাপ হ্ৰাস পাইছে যদিও অন্ধকাৰ জগতত থকা তেওঁৰ বিশাল অপৰাধ সাম্ৰাজ্য ম্লান হোৱা নাই। গোলকীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ পাছতো এইপৰ্যন্ত বিশ্বৰ শীৰ্স্থানীয় কোনো চোৰাংচোৱা সংস্থাই ডাউদৰ অৱস্থান ধৰা পেলাবলৈ সক্ষম হোৱা নাই।

Apply Now

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতে ভাৰতে দীৰ্ঘদিন ধৰি ডাউড ইব্ৰাহিমে পাকিস্তানত আত্মগোপন কৰি আহিছে বুলি দাবী কৰি আহিছে। পাকিস্তানৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ডাউদে পাকিস্তানৰ কৰাচী চহৰত বাহৰ পাতি আছে বুলি ভাৰতে দাবী কৰি আহিছে। কিন্তু ভাৰতৰ এই দাবীক সদায়ে খণ্ডন কৰি আহিছে পাকিস্তানে।

ডাউদ ইব্ৰাহিমক কেন্দ্ৰ কৰি চলি অহা এই জল্পনা-কল্পনাৰ মাজতে ডাউদৰ নিজ ভতিজা আলী শ্বাহ পাৰকাৰে ভাৰতৰ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডিৰ সন্মুখত প্ৰকাশ কৰিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। ইডিৰ সন্মুখত পাৰকাৰে দিয়া ভাষ্য অনুসৰি ডাউদ এতিয়া পাকিস্তানৰ কৰাচীত বাস কৰি আছে।

উল্লেখ্য যে আলী শ্বাহ পাৰকাৰ ডাউদ ইব্ৰাহিমৰ ভগ্নী হাছিনা পাৰকাৰৰ পুত্ৰ। কেইবছৰমান পূৰ্বে আলীৰ মাতৃ হাছিনা পাৰকাৰৰ মুম্বাইত মৃত্যু হৈছিল।

উল্লেখ্য যে ইডি-এ ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰৰ তদন্ত চলাই আছে। এই গোচৰ সন্দৰ্ভতে ইডিয়ে আলী শ্বাহ পাৰকাৰকো জেৰা চলাইছে। জেৰাৰ সময়তে পাৰকাৰে ইডিৰ সন্মুখত এই চাঞ্চল্যকৰ তথ্য সদৰি কৰে।

পাৰকাৰৰ ভাষ্য অনুসৰি ১৯৮৬ চনৰ আশে পাশে ডাউদ ইব্ৰাহিমে ভাৰত ত্যাগ কৰিছিল। ১৯৮৬ চনলৈকে ডাউদে দক্ষিণ মুম্বাইৰ ডাম্বাৰৱালা ভৱনৰ চতুৰ্থ মহলাত বাস কৰিছিল বুলিও সদৰি কৰে পাৰকাৰে।

বিভিন্ন উৎস আৰু আত্মীয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি ডাউদ ইব্ৰাহিম বৰ্তমান কৰাচীত বসতি কৰি আছে বুলি পাৰকাৰে নিজ বিবৃতিত উল্লেখ কৰে।

পাৰকাৰে লগতে কয় যে তেওঁৰ জন্মৰ পূৰ্বেই ডাউদে ভাৰত ত্যাগ কৰিছিল। ইয়াৰ পাছত তেওঁৰ সৈতে পাৰকাৰৰ পৰিয়ালৰ কোনো যোগসূত্ৰ নাছিল বুলিও পাৰকাৰে সদৰি কৰে।অৱশ্যে কোনো উৎসৱ-পাৰ্বনৰ সময়ত ডাউদ ইব্ৰাহিমৰ পত্নী মেহজাবীনে পাৰকাৰৰ পত্নী তথা ভগ্নীৰ সৈতে যোগাযোগ কৰে বুলি তেওঁ লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd