ৰাছিয়াৰ মধ্যস্থতাত দুবাৰকৈ যুদ্ধ বিৰতি ঘোষণা কৰাৰ পিছতো আজাৰবাইজান-আৰ্মেনিয়াৰ মাজত শান্তি স্থাপন হোৱা নাই।
বাৰে বাৰে উভয় পক্ষই উলংঘা কৰিছে যুদ্ধ বিৰতি।এনে সময়তে শুকুৰবাৰে ৱাশ্বিংটনত আৰ্মেনিয়া আৰু আজাৰবাইজানৰ বিদেশ মন্ত্ৰীৰ সৈতে মাৰ্কিন বিদেশ সচিব মাইক পম্পিঅ’ই সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হৈছে যদিও সেই আলোচনাই ফল ধৰা নাই ।
এতিয়ালৈকে যুদ্ধত ৫ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটা বুলি নিশ্চিত কৰা হৈছে।আজাৰবাইজান-আৰ্মেনিয়াৰ যুদ্ধৰ অচিলালৈ তৃতীয় বিশ্ব যুদ্ধৰ সূচনা হ’ব পাৰে বুলিও বহুতে আশংকা ব্যক্ত কৰিছে।কিয়নো আজাৰবাইজানক সমৰ্থন জনাইছে তুৰস্ক, পাকিস্তানকে ধৰি বহু কেইখন ইছলামিক দেশে।
আনহাতে আৰ্মেনিয়াৰ পক্ষত আছে ফ্ৰান্সৰ লগতে বহু কেইখন ইউৰোপীয় দেশ।এই যুদ্ধকলৈ আমেৰিকা আৰু ৰাছিয়াই নিজা নিজাকৈ অংক কৰাত ব্যস্ত হৈ পৰিছে। ফলত যুদ্ধৰ অৱসান কেতিয়া ঘটে সেয়া অনিশ্চিত হৈ পৰিছে।
উল্লেখ্য নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ যোৱা ২৭ ছেপ্তেম্বৰৰ পৰা ভয়ংকৰ যুদ্ধত লিপ্ত হোৱা আজাৰবাইজান আৰু আৰ্মেনিয়াই উক্ত বিবদমান অঞ্চলত কিছুদিন পূৰ্বে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সন্মত হৈছিল।
ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গে লাভৰভে আজাৰবাইজান আৰু আৰ্মেনিয়াৰ বিদেশমন্ত্ৰীদ্বয়ৰ সৈতে কৰা আলোচনাৰ অন্তত দুয়ো পক্ষই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰদান কৰিছিল।
উল্লেখ্য দীৰ্ঘ দিনৰ বিৰতিৰ অন্তত পুনৰ যুদ্ধৰ দামামা বাজি উঠিছে আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত।
এতিয়ালৈকে এই যুদ্ধত নিহত হৈছে দুয়ো পক্ষৰ পাঁচ হাজাৰৰো অধিক সৈনিক।
এই যুদ্ধ যাতে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰসংঘকে ধৰি বিশ্বৰ বহু দেশে আহ্বান জনাই আহিছে।
যুদ্ধৰ পৰিসমাপ্তি ঘটোৱাৰ বাবে ছুইজাৰলেণ্ডে মধ্যস্থতা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও কোনো পক্ষই সেই প্ৰস্তাৱত সঁহাৰি দিয়া নাছিল।।