• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সাৰ নাগ্ৰীজুলিত শোকৰ বন্যা : মাহ-হালধীৰ গোন্ধ নৌযাওঁতেই ৰে’ললাইনত উদ্ধাৰ নৱপৰিণীতাৰ মৃতদেহ

মানসিক নিৰ্যাতন, অত্যাচাৰ আৰু তাৰ পিছতে হত্যাৰ অভিযোগ স্বামী পংকজ সৰকাৰৰ বিৰুদ্ধে

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 13, 2021 3:37 pm
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ মেধাৱী ছাত্ৰী তথা নৱবিবাহিতা মমতা বাঢ়ৈৰ মৃতদেহ বিজনীৰ ৰে’ললাইনত উদ্ধাৰকলৈ সৃষ্টি হোৱা চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই।

ঘটনাৰ বিৱৰণী অনুসৰি, নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত কুম্ভীঝাৰ গাঁওৰ নাৰায়ণ বাঢ়ৈৰ দ্বিতীয় কন্যা মমতা বাঢ়ৈ মাত্ৰ চাৰিমাহ পূৰ্বে বিজনীৰ ভেটাগাঁও অঞ্চলৰ পংকজ সৰকাৰ নামৰ এজন যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

Apply Now

মমতাৰ পৰিয়ালৰ অভিযোগ মতে বিবাহৰ পিছৰে পৰা স্বামীগৃহত মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ সন্মুখীন হৈছিল মমতা। আৰু তাৰ পিছতে যোৱা ৬ এপ্ৰিল তাৰিখে ৰহস্যজনকভাৱে বিজনীৰ ৰে’লৰ লাইনত উদ্ধাৰ হয় মমতাৰ মৃতদেহ। স্বামী পংকজ সৰকাৰে হত্যা কৰি ৰে’লৰ আলিৰ দাঁতিত পেলাই থোৱাৰ অভিযোগ মমতাৰ পৰিয়ালৰ।

যোৱা বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অসম চৰকাৰৰ ফালৰ পৰা স্কুটি লাভ কৰা মমতাৰ এই মৃত্যুক এতিয়া সহজভাৱে লব পৰা নাই পিতৃ মাতৃ, আত্মীয় তথা অঞ্চলবাসীয়ে।

সৰুৰে পৰা সামাজিক-সাংস্কৃতিক দিশত ওতঃপ্ৰোতভাৱে জড়িত মমতাৰ সহপাঠী তথা শিক্ষকসকলেও এতিয়া ভাঙি পৰিছে শোকত।

অভিযোগ মতে মমতা পঙ্কজৰ বাবে আছিল দ্বিতীয় পত্নী। প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ কৰাই দ্বিতীয় বাৰৰ বাবে পঙ্কজে বিয়া কৰাইছিল মমতাক। কিন্ত বিবাহৰ পিছৰে পৰা যৌতুকৰ বাবে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল মমতাক। বিভিন্ন অপৰাধমূলক কামৰ সৈতেও জড়িত থকাৰ অভিযোগ পঙ্কজৰ বিৰুদ্ধে।

ইতিমধ্যে মমতাৰ পিতৃ পৰিয়ালৰ লোকে বিজনী ৰে’লৱে আৰক্ষীক ঘটনা সন্দৰ্ভত দাখিল কৰিছে এখন এজাহাৰ। সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ পিতৃ পৰিয়াল, তথা ওচৰ চুবুৰীয়াৰ।

সামাজিক মাধমতো তীব্ৰ চৰ্চা লাভ কৰিছে সমগ্ৰ ঘটনাটোৱে। শীঘ্ৰেই পংকজ সৰকাৰক কৰায়ত্ত কৰি ফাঁচী দিয়াৰ দাবী উত্থাপন কৰিছে স্থানীয় দল-সংগঠন তথা ৰাইজে।

সোমবাৰে মমতাৰ পিতৃ পৰিয়ালৰ আৰু নাগ্ৰীজুলি আঞ্চলিক যুৱ ছাত্ৰ ফেডাৰেচনে আয়োজন কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। অনুষ্ঠানৰ পৰাই মমতাৰ দৰে কোনো ছোৱালী যাতে এনে ঘটনাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰতিজন লোকে পঙ্কজৰ চৰম শাস্তিৰ দাবী উত্থাপন কৰিছে।

আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd