• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ মৃত্যু : মুখ্য চিকিৎসা বিষয়াক নিলম্বন; তদন্ত কমিটী গঠন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2018 10:49 pm
HImanshu Neog

হাৰ্টৰ অসুস্থতাৰ সময়ত উপযুক্ত চিকিৎ,সাৰ অভাৱত মৃত্যুক সাৱটি লোৱা হিমাংশু নেওগ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫ অক্তোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি ছাত্ৰ সমাজৰ মাজত এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া।

হিমাংশু নেওগ নামৰ যোৰহাটৰ ছাত্ৰজনৰ মৃত্যুক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়ত এক অস্থিৰ পৰিৱেশ সৃষ্টি হোৱাও দেখা গৈছে। আজি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ঘটনাটোৰ তদন্তৰ বাবে এখন তদন্ত কমিটী গঠন কৰিছে।

Apply Now

আনহাতে হিমাংশুৰ পিতৃ দেৱজিৎ নেওগে এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে জালুকবাৰীৰ এ চি পি পনজিৎ দুৱৰাই। দেউতাকে চিকিৎসালয়খনত অক্সিজেনৰ ভাল মাক্স নাই, চিকিৎসাৰ সু-ব্যৱস্থা নাই বুলি এজাহাৰত উল্লেখ কৰিছে। লগতে গুৱাহাটী বিশ্ববিদ্যালয় চিকিৎসা কেন্দ্ৰৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ নিয়াৰ সময়ত মেডিকেল ষ্টাফৰ কোনোৱে ছাত্ৰজনৰ লগত যোৱা নাছিল।

ইফালে নাম প্ৰকাশত অনিচ্ছুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ এজনৰ ভাষ্য এনেধৰণৰ,- “হিমাংশুৰ হাৰ্টৰ প্ৰ’বলেম আছিল আৰু চিকিৎসকে কিছুদিন ঘৰতে থাকিবলৈ দিছিল। কিন্তু তেওঁ ঘৰত এমাহ জিৰণি লৈয়ে পুনৰ ক্লাছ কৰিবৰ বাবে আহিছিল। কালি নিশা তেওঁৰ ষ্ট্ৰ’ক হৈছিল। তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় চিকিৎসালয়লৈ নিয়ে যদিও তাত চিকিৎসাৰ বাবে উন্নত সঁজুলি নাই। এম্বুলেন্স আছে যদিও তাতো সঁজুলি নাই।”

ছাত্ৰজনৰ মৃত্যুৰ পিছত কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসা কেন্দ্ৰটোৰ সন্মুখত প্ৰতিবাদ কৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনত বি টেকৰ তৃতীয় ষান্মাসিকত পঢ়ি থকা আৰু আৰি চি চি-২ হোষ্টেলৰ আৱাসী হিমাংশু নেওগ নামৰ ছাত্ৰজন ৫ অক্তোবৰৰ ৰাতি হঠাৎ অসুস্থ হৈ পৰাত সহপাঠীসকলে বিশ্ববিদ্যালয়খনৰ চৌহদত থকা চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰিছিল। কিন্তু তাত উপযুক্ত চিকিৎসাসেৱা আৰু সঁজুলি নথকা বাবে চিকিৎসা কেন্দ্ৰৰ পৰা পাণবজাৰস্থিত মহেন্দ্ৰমোহন চৌধুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। কিন্তু সংকটজনক অৱস্থাত থকা হিমাংশুক দিবৰ বাবে অক্সিজেনৰ ব্যৱস্থা নাছিল চিকিৎসাকেন্দ্ৰটোত। ফলত চিকিৎসালয়লৈ নিয়াৰ পথত হিমাংশুৰ মৃত্যু হয়।

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ মৃদুল হাজৰিকাই নৰ্থ-ইষ্ট নাওক জনায় যে এই ঘটনাটোৰ তদন্ত কৰিবলৈ এখন তদন্ত কমিটী গঠন কৰি দিয়া হৈছে। সাংবাদিকতা বিভাগৰ অধ্যাপক অংকুৰণ দত্ত আৰু আন এজনক লৈ এই তদন্ত কমিটী গঠন কৰি দিয়া হৈছে।

উপাচাৰ্য্যজনে কালিৰ ঘটনাটোত চিকিৎসকৰ গাফিলতি থকা বুলি স্বীকাৰ কৰিছে। তেওঁ কয়, “ৰোগীজনক তালৈ নিয়াৰ পাছতেই যিধৰণে তৎপৰ হ’ব লাগিছিল, সেইধৰণে চিকিৎসক তৎপৰ হোৱা নাছিল। গতিকে আমি স্বাস্থ্যকেন্দ্ৰটোৰ মুখ্য চিকিৎসা বিষয়া এন এন তালুকদাৰক তাৎক্ষণিকভাৱে নিলম্বন কৰিছো আৰু লগতে ঘটনাৰ তদন্তৰ ব্যৱস্থা কৰা  হৈছে।”

ইফালে উপাচাৰ্য্যজনে কয় যে সেইখন বিশ্ববিদ্যালয়ৰ ভিতৰৰ সৰু চিকিৎসাকেন্দ্ৰ। তাত সাধাৰণতে প্ৰাথমিক চিকিৎসাৰ সুবিধাখিনিহে আছে। তাত উন্নত চিকিৎসা ব্যৱস্থা কৰাটো সম্ভৱপৰ হৈ উঠা নাই, তথাপিতো যিমানখিনি পাৰি সেৱা আগ বঢ়োৱাৰ ব্যৱস্থা আছে।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd