• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু বাঙালী সংগঠনক সমাৱেশ অনুষ্ঠিত কৰিবলৈ অনুমতি নিদিয়া প্ৰশাসনৰ সিদ্ধান্ত অতি কৌশলপূৰ্ণ : মৃণাল হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 21, 2018 9:28 pm
Mrinal Hazarika_Ulfa

সংবাদমেলত খিলঞ্জীয়া মঞ্চৰ সচিব তথা আলফাৰ নেতা মৃণাল হাজৰিকা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“হিন্দু বাঙালী সংগঠনক সমাৱেশ অনুষ্ঠিত কৰিবলৈ অনুমতি নিদিয়া প্ৰশাসনৰ সিদ্ধান্ত অতি কৌশলপূৰ্ণ।” বাঙালী সংগঠনক সমাৱেশ অনুষ্ঠিত কৰিবলৈ নিদিয়া সিদ্ধান্তৰ ক্ষেত্ৰত এনেদৰে সন্দেহ প্ৰকাশ কৰে খিলঞ্জীয়া মঞ্চ, অসমৰ সদস্য সচিব তথা আলোচনাপন্থী আলফা মৃণাল হাজৰিকাই।

উল্লেখযোগ্য যে, প্ৰস্তাৱিত সমাৱেশক কেন্দ্ৰ কৰি আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱাৰ আশংকাতে সমাৱেশ আয়োজনত অনুমতি নিদিয়াৰ কথা প্ৰকাশ কৰিছিল অসম আৰক্ষীৰ বিশেষ শাখাৰ এ ডি জি পি পল্লৱ ভট্টাচাৰ্যই।

Apply Now

আজি তাৰ প্ৰতিক্ৰিয়াত গুৱাহাটীৰ হাতীগাঁৱস্থিত খিলঞ্জীয়া মঞ্চৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এখন সংবাদমেলৰ জৰিয়তে খিলঞ্জীয়া মঞ্চৰ সদস্য সচিবগৰাকীয়ে এনেদৰে নিজৰ সন্দেহ প্ৰকাশ কৰে।

হাজৰিকাই সন্দেহ প্ৰকাশ কৰি কয়, “প্ৰশাসনৰ তৰফৰ পৰা কৰা মন্তব্য কৌশলপূৰ্ণ, অৰ্থাৎ সমাৱেশৰ স্থান সলনিও হ’ব পাৰে ।”

তদুপৰি খানাপাৰাত সমাৱেশ অনুষ্ঠিত নকৰি বেলেগ ক’ৰবাত এই সমাৱেশখন অনুষ্ঠিত কৰিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰে হাজৰিকাই।

তেওঁ লগতে কয়, “ইতিমধ্যে অসম চৰকাৰে গম পাইছে যে অহা ১৭ নৱেম্বৰত বঙালী সংগঠনে অনুষ্ঠিত কৰিবলৈ বিচৰা উক্ত সমাৱেশত বাধা দিবলৈ সকলো দল-সংগঠনে মানুহ আনিব। তেতিয়া এক মুখামুখি সংঘাতৰ সৃষ্টি হোৱাৰ আশংকা আছে।”

সেয়েহে, জাতীয় দল-সংগঠনৰ খানাপাৰালৈ অহাৰ বাবে চলাই থকা প্ৰস্তুতিটো নাইকিয়া অথবা স্থিমিত কৰিবৰ কাৰণে আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই এইদৰে কোৱা বুলি সন্দেহ প্ৰকাশ কৰে মৃণাল হাজৰিকাই।

হাজৰিকাৰ মতে, “তেনেদৰে ঘোষণা কৰি দিলে জাতীয় দল-সংগঠনসমূহে ভাবিব, আমি নিশ্চিন্ত আৰু ১৭ নৱেম্বৰৰ কাৰণে প্ৰস্তুতি চলাব নালাগে।”

শেষ মুহূৰ্তত বাঙালী সংগঠনৰ যৌথ মঞ্চই উক্ত সমাৱেশখন পাতিবও পাৰে বুলি সন্দেহ কৰে মৃণাল হাজৰিকাই।

ইয়াৰোপৰি, “অসম চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা যদি প্ৰশাসনৰ মুৰব্বীসকলক এইখন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে তেন্তে আৰক্ষী প্ৰশাসনেতো নিদিওঁ বুলি থমকি ৰ’ব নোৱাৰে” এই বুলি কয় হাজৰিকাই।

তেওঁৰ মতে, “যদি আদালতলৈ যোৱা হয় বা আদালতে কোনো নিৰ্দেশনা দিয়ে, তেতিয়া কথাটো বেলেগ। কিন্তু প্ৰশাসনিক ক্ষেত্ৰত এই কথাবোৰ কেতিয়াও বিশ্বাসযোগ্য হৈ থকা নাই।”

আনহাতে, এই সম্পৰ্কত খিলঞ্জীয়া মঞ্চৰ আহ্বায়ক ৰুবুল দাসে কয়, “চৰকাৰৰ ফালৰ পৰা উক্ত সমাৱেশখন বাতিল কৰিবৰ বাবে কোনো নিৰ্দেশনা নাই, এই কথা আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই কৈছে।”

তেওঁ লগতে কয়, “অসম চৰকাৰৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত নহয়, অসমৰ বাঙালী লোকসকল অসমীয়াসকলৰ লগত মিলি-জুলি থাকক।‘ -এনেকৈ ক’বলৈ সোণোৱালৰ এতিয়াও সাহস হোৱা নাই। দিল্লীত অমিত শ্বাহৰ ওচৰত হয় হজুৰ কৰা মুখ্য মন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত একো ক’ব নোৱাৰে, এই ক্ষেত্ৰত পল্লৱ ভট্টাচাৰ্য্য কোন অনুমতি নিদিবলৈ?”

তদুপৰি, আজি খিলঞ্জীয়া মঞ্চৰ কাৰ্য্যালয়তে তেওঁলোকৰ এখন কাৰ্য্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে খিলঞ্জীয়া মঞ্চ অসমে।

উক্ত বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অহা ২৩ অক্টোবৰত ৪৬টা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে ঘোষণা কৰা অসম বন্ধৰ প্ৰতি খিলঞ্জীয়া সুৰক্ষা মঞ্চৰ পূৰ্ণ সমৰ্থন আছে। লগতে উক্ত বন্ধৰ প্ৰতি অসমৰ জনসাধাৰণক সমৰ্থন জনাবৰ বাবে খিলঞ্জীয়া মঞ্চ অসমে সংবাদমেল যোগে আহ্বান জনায়।

তদুপৰি কাইলৈ খিলঞ্জীয়া মঞ্চ অসমৰ ফালৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন বিৰোধিতা কৰি যুটীয়া সংসদীয় কমিটীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি উক্ত বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, উক্ত বৈঠকতে অহা শীতকালীন অধিবেশনৰ পূৰ্বে খিলঞ্জীয়া মঞ্চ, অসমৰ এটি সঁজাতী দলে দিল্লীত গৈ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰোপৰি কাইলৈ খিলঞ্জীয়া মঞ্চ, অসমে অহা ১৭ নৱেম্বৰত হিন্দু বঙালী সংগঠনসমূহক গুৱাহাটীৰ খানাপাৰাত সমাৱেশ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান নকৰিবৰ বাবে মুখ্য মন্ত্ৰীক আহ্বান জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd