• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চন্দ্ৰপুৰ তাপ বিদ্যুৎ প্ৰকল্পত “বিদ্যুৎ উৎপাদন”ৰ সপোন ধ্বংস কৰি ট্ৰাকে-ট্ৰাকে জাৱৰ ঢালিলে GMC-APGCLয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 8, 2021 9:12 pm
Chandra
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদ্যুতৰ লোডশ্বেডিং কোনো নতুন কথা নহয়, অসমৰ গাঁৱে-চহৰে বিদ্যুতৰ নাটনি এক ডাঙৰ সমস্যা। তাৰ এটাই কাৰণ বিদ্যুতৰ চাহিদাৰ নাটনি।

তথ্য মতে ‘অসমে মুঠ বিদ্যুৎ চাহিদাৰ মাত্ৰ ১/৫ শতাংশ উৎপাদন কৰে। ৰাজ্যখনত প্ৰায় প্ৰতি বছৰে শক্তিৰ সৰ্বাধিক অভাৱ বৃদ্ধি পাইছে’।

Apply Now

ৰাজ্যখনত বিদ্যুতৰ চাহিদা ২০২০-২১ বৰ্ষলৈ ২২২৭ মেগাৱাট যদিও ১৫০৮ মেগাৱাটহে লাভ কৰিছে তথা প্ৰয়োজনীয় মেগাৱাট ৭২০ মেগাৱাট বৰ্তমানো লাভ কৰিবলৈ সক্ষম হোৱা নাই।

কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে ৰাজ্যত বিদ্যুৎ উৎপাদনৰ মুঠ স্থাপিত ক্ষমতা ৩৭৯.৭ মেগাৱাট আৰু পিক উৎপাদন প্ৰায় ২৫০ মেগাৱাট। অৰ্থ্যাৎ মাত্ৰ ২৫০ মেগাৱাট বিদ্যুতহে অসমে নিজাববীয়াকৈ উৎপাদন কৰে। সেয়েহে চৰকাৰে ২৪ ঘন্টাই বিদ্যুত যোগান দিব বুলি ভাষণত ফুলজাৰি উৎপাদিত ২৫০ মেগাৱাট বিদ্যুতৰে সেই সপোন বাস্তৱত ৰূপায়িত নহয়।

যাৰ বাবে বিদ্যুতৰ লুকা-ভাকু, ভল্টেজ কম ইত্যাদি সমস্যাত জৰ্জৰিত অসমবাসী। যদিও নেশ্যেনেল গ্ৰীড, ৰিজিঅ’নেল গ্ৰীডৰ মাধ্যমেৰে নিপক’, NHPC, NTPC, OTPC ৰ পৰা অসমে বিদ্যুৎ লাভ কৰি আহিছে তথাপি সিমান পৰ্য্যায়ত বিদ্যুৎ নিজাববীয়াকৈ উৎপাদন কৰিব পৰা নাই। সেয়েহে আজিৰ তাৰিখত ‘ৰাজ্যৰ লগতে দেশজুৰি শক্তি সুৰক্ষাৰ ক্ষেত্ৰত বৃহৎ সমস্যাৰ সৃষ্টি হৈছে’।

ইপিনে, বহু বিতৰ্কত সোমাই পৰিছে নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। বিতৰ্কত সোমাই পৰাৰ বাবেই বৰ্তমানো সম্পূৰ্ণ হৈ উঠা নাই নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠাহেঁতেন নিশ্চয়কৈ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ পৰা উদ্ধাৰ পালেহেঁতেন অসমবাসীয়ে।

যি সময়ত বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ কথা আহি পৰে, তেনে সময়ত বন্ধ হৈ আছে উত্তৰ-পূৱৰ ভিতৰতে প্ৰথম তাপ বিদ্যুৎ প্ৰকল্প। চৰকাৰৰ অৱহেলাৰ বাবেই ধ্বংসস্তুপত পৰিণত গুৱাহাটীৰ চন্দ্ৰপুৰস্থিত উত্তৰ-পূৱৰ প্ৰথমটো তাপ-বিদ্যুৎ প্ৰকল্প। বিদ্যুৎ উৎপাদন পিছৰ কথা চন্দ্ৰপুৰত ‘জাৱৰৰ দ’ম কৰাৰ প্ৰতিযোগিতাতহে নামিছে GMC । ঠিক সেইদৰে মহানগৰীৰ বোন্দাত ৰেমকিৰ জৰিয়তে GMC য়ে জাৱৰৰ পৰা শক্তি উৎপাদনৰ চিন্তা চৰ্চা কৰিছিল যদিও সেয়াও সম্পূৰ্ণ হৈ নুঠিল।

চৰকাৰে ইচ্ছা প্ৰকাশ কৰাহেঁতেন এই তাপবিদ্যুৎ প্ৰকল্পকেইটাত কমকৈ হ’লেও বিদ্যুৎ উৎপাদন কৰিব পাৰিলেহেঁতেন।

উল্লেখযোগ্য যে, ১৯৭২ চনত স্থাপিত হোৱা এই তাপবিদ্যুৎ প্ৰকল্প ১৯৯৮ চনতেই ধ্বংসৰ গৰাহলৈ গৈছিল। কিন্তু উত্তৰ-পূৱৰ তাপ বিদ্যুৎ প্ৰকল্পটো পুনৰুদ্ধাৰৰ বাবে চেষ্টা নকৰিলে বিজেপি কংগ্ৰেছ কোনো এখন চৰকাৰেই।

তাৰ পাছতেই ২০০৮ চনৰ জুন মাহত হায়দৰাবাদস্থিত ৰেমকি ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডে গুৱাহাটী পৌৰ নিগমৰ সৈতে বিদ্যুৎ ব্যৱস্থাপনা চুক্তি তৈয়াৰ কৰিবলৈ সাজু হৈছিল। গুৱাহাটীৰ পশ্চিম বৰাগাঁওৰ জাৱৰৰ দ’মৰ পৰা মহানগৰীৰ বোন্দাত নিম্ন অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে আৱৰ্জনাৰ পৰা ৬ মেগাৱাট বিদ্যুত উৎপাদনৰ বাবে ৰেমকিৰ লগত চুক্তিবদ্ধ হৈছিল। কিন্তু সেয়াও যেন ফুটুকাৰ ফেনত পৰিণত হ’ল। ১০০ কোটি টকীয়া প্ৰকল্পটোৰ ৬০ কোটি টকা ৰেমকিয়ে বিনিয়োগ কৰাৰ কথা আছিল। কিন্তু সেয়াও আজি পৰ্য্যন্ত হৈ নুঠিল।

তাৰ পাছতেই ২০১৩ চনত চন্দ্ৰপুৰ তাপ বিদ্যুৎ প্ৰকল্প পুনৰুজ্জীৱিত কৰিবলৈ জাইকাৰ সৈতে APGCL য়ে দুয়োপক্ষৰ প্ৰত্যেকেই ৩০ মেগাৱটকৈ মুঠ ৬০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে চুক্তিবদ্ধ হৈছিল। কিন্তু সময়ৰ সোঁতত সেয়াও এতিয়া পাহৰণিৰ গৰ্ভত।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৪ চনতে দ্বীপৰ বিলৰ জৈৱ বৈচিত্ৰতা তথা জলাহভুমিৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখিবলৈ বিলৰ পাৰৰ পৰা পশ্চিম বৰাগাওঁস্থিত ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ নিৰ্দেশ দিছিল। তাৰ পাছতো গা নলৰা গুৱাহাটী পৌৰ নিগমে হঠাৎ কোনোধৰণৰ পূৰ্ব পৰিকল্পনা নকৰাকৈ চন্দ্ৰপুৰৰ APGCL ৰ ৪০ বিঘা ভুমিত জাৱৰ পেলোৱা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। যাক লৈ চন্দ্ৰপুৰবাসীৰ ধাৰাবাহিক প্ৰতিবাদ চলি থকা পৰিলক্ষিত হৈছে। তেওঁলোকে ‘কোনোপধ্যে চন্দ্ৰপুৰত জাৱৰৰ নগৰী হিচাপে গঢ় দিবলৈ নিদিয়ে ।

এতিয়া পুনৰ পূৰ্বৰ দৰেই বাট বুলি কঠিন জাৱৰৰ পৰা তাপ শক্তি উৎপাদনৰ বাবে বদ্ধপৰিকৰ গুৱাহাটী পৌৰ নিগম। এইবাৰ APGCL ৰে চুক্তিবদ্ধ গুৱাহাটী পৌৰ নিগম

‘APGCL ৰ দ্বাৰা ৱেষ্ট টু এনাৰ্জি এটা প্লেন্ট নিৰ্মাণ কৰাৰ সপোন’ গুৱাহাটী পৌৰ নিগমৰ। জিএমছিৰ এই প্ৰকল্প বাস্তৱ সন্মত হ’ব নে?

যদি প্ৰকৃততে ৱেষ্ট টু এনাৰ্জি প্ৰকল্প প্ৰস্তুত কৰাৰ কথাই আছিল তেন্তে ‘কিয় প্ৰস্তাৱিত ভুমিত এচপৰা ইটাও প্ৰকল্প নিৰ্মাণৰ বাবে পৰা নাই?  অথচ যোৱা ২৬ জুনৰ পৰা জাৱৰ পেলোৱা আৰম্ভ কৰিলে GMCয়ে।

তাৎপয্যপূৰ্ণভাৱে এই ৱেষ্ট টু এনাৰ্জি প্ৰকল্পৰ কোনোধৰণৰ ডিপিআৰ প্ৰস্তুত হোৱা নাই তথা আন্তঃগাঁথনি নিৰ্মাণৰ কামো আৰম্ভ হোৱা নাই।

উল্লেখযোগ্য যে, ২০২০ চনৰ ২৬ ফেব্ৰুৱাৰিত Assam Electricity Regulatory Committee ৰ উপদেষ্টা পৰিষদৰ এক বৈঠকত প্ৰস্তাৱ লোৱা হৈছিল যে প্ৰকল্পৰ পৰিকল্পনা সম্পূৰ্ণ নোহোৱাকৈ যদি প্ৰস্তাৱিত মাটিত জাৱৰৰ দ’ম কৰে তেন্তে পৰিৱেশৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত প্ৰভাৱ পৰিব। কিন্তু বৈঠকৰ প্ৰায় ডেৰ বছৰৰ পাছতো প্ৰকল্প নিৰ্মাণৰ ডিপিআৰ ৰাজহুৱা নকৰিলে APGCL য়ে। যাৰ ফলত চন্দ্ৰপুৰৰ জৈৱ বৈচিত্ৰ আৰু পৰিৱেশৰ ভাৰসাম্যতাৰ ওপৰত বহু কু-প্ৰভাৱ পৰিব বুলি আশংকা কৰিছে স্থানীয় ৰাইজে।

সু-নিৰ্দিষ্ট পৰিকল্পনাৰ অভাৱতেই এনেদৰে সম্ভাৱনাপূৰ্ণ প্ৰকল্পৰ সুবিধাৰ পৰা বঞ্চিত হৈছে অসমবাসী।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd