• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কোনোৱে পানী নাপায়’, নিৰ্বাচনত হাৰি পানী যোগান বন্ধ কৰিলে বিজেপি প্ৰাৰ্থীয়ে! পানী বিচাৰি ৰাইজৰ হাহাকাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2026 10:29 am
ফটো সৌজন্যঃ এ আই।

ফটো সৌজন্যঃ এ আই।

119
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰিদিন ধৰি মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দাসকলে খোৱাপানী লাভ কৰা নাই। এখন জিলাত ইচ্ছাকৃতভাৱে খোৱাপানীৰ যোগান বন্ধ কৰি দিয়া হৈছিল। বিজেপিৰ পৰাজিত প্ৰাৰ্থী আৰু তেওঁৰ পিতৃয়ে পৰিকল্পনা অনুসৰি খোৱাপানীৰ যোগান বন্ধ কৰি দিছিল।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ ভাৰুচ জিলাত। সেই জিলাৰ এখন গাঁৱত যোৱা চাৰিদিন ধৰি খোৱাপানীৰ যোগান বন্ধ হৈ আছিল। বিজেপিৰ পৰাজিত প্ৰাৰ্থীৰ পিতৃ আছিল খোৱাপানী যোগান সমিতিৰ মুৰব্বী। এই ঘটনাৰ সৈতে জড়িত খালিদ মালেক আৰু তেওঁৰ পুত্ৰ শাকিল মালেকক শনিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অৱশ্যে কেইঘণ্টামানৰ পিছত তেওঁলোকক মুকলি কৰি দিয়া হয়।

Apply Now

সূত্ৰৰ পৰা জানিব পৰা মতে, জাম্বুছাৰ তালুক পঞ্চায়ত নিৰ্বাচনত কভি-২ আসনত বৃহৎ ব্যৱধানত পৰাস্ত হৈছিল শাকিল। ২৬ এপ্ৰিলত এই সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়।২৮ এপ্ৰিলত ফলাফল ঘোষণা কৰা হয়।নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত শাকিল আৰু তেওঁৰ পিতৃয়ে ডেহগাম গাঁৱত খোৱাপানী যোগান বন্ধ কৰি দিয়ে। এই গাঁৱ ১০ হাজাৰ লোকৰ বাসস্থান।

একেৰাহে চাৰিদিন ধৰি খোৱাপানী নাপালে হাজাৰ হাজাৰ বাসিন্দাই। বিষয়টো পোহৰলৈ অহাৰ লগে লগে শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে গাঁওখনত খোৱাপানী যোগান ধৰিবলৈ আৰম্ভ কৰে।

প্ৰসংগক্ৰমে গুজৰাটৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে অধিকাংশ আসন লাভ কৰিছে। জাম্বুছা তালুক পঞ্চায়তৰ ২২খন আসনৰ ভিতৰত বিজেপিয়ে ১৪খন আসন লাভ কৰিছে। কংগ্ৰেছে লাভ কৰিছে ৬খন আসন। আম আদমী পাৰ্টি আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে এখনকৈ আসন লাভ কৰিছে।

কভি-২ আসনত বিজেপিৰ প্ৰাৰ্থী আছিল শাকিল, কংগ্ৰেছৰ তনবীৰ মালেক আৰু আম আদমি পাৰ্টিৰ সোহেইল শ্বেখ। আটাইকেইজনেই আছিল ডেহগামৰ বাসিন্দা। ২৮ এপ্ৰিলত ফলাফল ঘোষণাৰ পিছত জানিব পৰা গৈছে যে আম আদমী পাৰ্টিৰ সোহেলে ২১০০, শাকিলে ১,০৯৮ আৰু তনবীৰে ১৩০০ ভোট লাভ কৰে।

নিৰ্বাচনত পৰাজয়ৰ পিছত শাকিল আৰু তেওঁৰ পিতৃয়ে ক্ষোভ প্ৰকাশ কৰে। হাতত চোকা তৰোৱাল লৈ গাঁওখন ঘূৰি ফুৰি ৰাইজক ভাবুকি দিবলৈ ধৰে। লগতে ভোট নিদিয়াৰ বাবে কোনেও খোৱাপানী নাপাব বুলিও কয়। এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰে। আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।

গ্ৰাম পঞ্চায়তৰ সদস্য ইব্ৰাহিম মালেকে কয় যে ৩০ বছৰ আগলৈকে এই গাঁৱৰ বাসিন্দাসকলে পুখুৰীৰ পৰা পানী লৈছিল। কিছু মাহ পূৰ্বে ইছলাহুল মুছলিমীন ট্ৰাষ্টে খোৱাপানীৰ বাবে বৃহৎ পৰিমাণৰ আৰ্থিক সাহায্য আগবঢ়াইছিল। তাৰ পিছত ভূগৰ্ভস্থ পানীৰ পাইপলাইন স্থাপন কৰা হ’ল। জানুৰ পাম্পিং ষ্টেচনৰ মাজেৰে নৰ্মাদাৰ পানী এই গাঁৱলৈ যায়। ইয়াৰ পিছত পাঁচজনীয়া এখন কমিটী গঠন কৰা হয়। খালিদ মালেক সেই সমিতিৰ সভাপতি।

একেৰাহে চাৰিদিন খোৱাপানী নোপোৱাৰ পিছত গাঁৱৰ ৰাইজে ওচৰৰ গাঁৱৰ কুঁৱাৰ পৰা পানী আনিছিল। ভাবুকিৰ ভয়ত কোনেও থানাত কোনো অভিযোগ নকৰিলে। শাকিলক কেইবাবাৰো অনুৰোধ কৰা হৈছিল। কিন্তু ইয়াৰ পিছতো খোৱাপানীৰ ব্যৱস্থা কৰা নহ’ল। শেহতীয়াকৈ পঞ্চায়তখনত এখন সভা অনুষ্ঠিত হয়। সেই বৈঠকত গাঁওবাসীয়ে সমিতিৰ সভাপতি সলনি কৰিবলৈও দাবী জনায়।

কভি-২ৰ আসনত জয়ী হোৱা আপৰ সোহেলে কয়, “নিৰ্বাচনত পৰাজয় হজম কৰিব নোৱাৰিলে শাকিল আৰু তেওঁৰ পিতৃ খালিদে। সেইবাবেই পানী যোগান বন্ধ কৰি দিলে। ৩০ বছৰে এই গাঁৱত খোৱাপানীৰ যোগান বন্ধ হোৱা নাই। একেৰাহে চাৰিদিন কোনেও খোৱাপানী পোৱা নাই। গাঁওবাসীয়ে অপৰিসীম হাৰাশাস্তিৰ সন্মুখীন হৈছে।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd