যোৱা ১০ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে গোলাঘাট জিলাৰ দৈয়াং সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ সংলগ্ন গাঁওসমূহৰ পৰা অনধিকাৰ দখলকাৰীক চিনাক্ত কৰিবলৈ অসম চৰকাৰক এখন কমিটি গঠনৰ অনুমতি প্ৰদান কৰে। অৱশ্যে ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে যিকোনো উচ্ছেদৰ পূৰ্বে উপযুক্ত আইনী প্ৰক্ৰিয়া আৰু সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰাটো বাধ্যতামূলক হ’ব।
ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে অৰণ্য হৈছে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত অন্যতম। বনাঞ্চলত বেদখলৰ সমস্যাটো দেশৰ পৰিৱেশ শাসনৰ ক্ষেত্ৰত এক গম্ভীৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। বিচাৰপীঠখনে জনায় যে এই কমিটিয়ে তথাকথিত দখলকাৰীসকলক জাননী জাৰি কৰিব আৰু যিকোনো ব্যৱস্থা গ্ৰহণৰ পূৰ্বে তেওঁলোকক নিজৰ স্থিতি স্পষ্ট কৰাৰ সুযোগ প্ৰদান কৰিব।
ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে কেৱল বেদখলৰ তথ্য প্ৰমাণিত হ’লেহে উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যাব। যদিহে জাননী প্ৰাপ্ত ভূমি ৰাজহ বিভাগৰ সীমাৰ ভিতৰত আৰু অধিসূচিত বনাঞ্চলৰ বাহিৰত থকা বুলি পোৱা যায়, তেন্তে ৰাজহ বিভাগে সেই সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু যদিহে অনধিকাৰ দখল সংৰক্ষিত বনাঞ্চলৰ ভিতৰত পোৱা যায়, তেন্তে সংশ্লিষ্ট দখলকাৰীক এটা ‘স্পীকিং অৰ্ডাৰ’ (Speaking Order) প্ৰদান কৰিব লাগিব আৰু ভূমি খালী কৰিবলৈ ১৫ দিনৰ সময় দিব লাগিব।
বিচাৰপীঠখনে নিৰ্দেশ দিয়ে যে জাননীৰ ম্যাদ শেষ হোৱাৰ পাছতহে উচ্ছেদ চলাব পৰা যাব। লগতে ‘স্পীকিং অৰ্ডাৰ’ জাৰি নকৰা পৰ্যন্ত আৰু ১৫ দিনীয়া জাননীৰ সময়সীমা অন্ত নপৰা পৰ্যন্ত বিবাদিত ভূমিত বৰ্তমানৰ স্থিতি (Status Quo) বাহাল ৰাখিবলৈ পক্ষসমূহক নিৰ্দেশ দিয়া হৈছে।
বিচাৰপীঠখনে লগতে কয় যে যদিহে কোনো গাঁও পঞ্চায়ত বা দখলকাৰীৰ ওচৰত বন বিভাগৰ ‘জামাবন্দী পঞ্জীয়ন বা ‘বন অধিকাৰ আইন’ (Forest Rights Act)-ৰ অধীনত স্বীকৃত নথি-পত্ৰৰ দৰে পৰ্যাপ্ত প্ৰমাণ থাকে, তেন্তে বনাঞ্চলত তেওঁলোকৰ অৱস্থান বৈধ বুলি গণ্য হ’ব পাৰে। পদ্ধতিগত স্বচ্ছতাৰ ওপৰত গুৰুত্ব দি বিচাৰপীঠখনে কয় যে উচ্ছেদ প্ৰক্ৰিয়াটো যুক্তিসংগত আৰু ন্যায়সংগত হ’ব লাগিব।
আব্দুল খালেক আৰু অন্যান্য ভুক্তভোগী পৰিয়ালে উচ্ছেদ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই দাখিল কৰা এক আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিয়া হৈছে। ন্যায়ালয়ে পুনৰ দোহাৰে যে অৰণ্য কেৱল কাঠৰ ভঁৰাল নহয়, ই এক জটিল পৰিৱেশ তন্ত্ৰ যিয়ে পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাত অপৰিহাৰ্য ভূমিকা পালন কৰে।
অসম চৰকাৰৰ মতে, বিতৰ্কিত এই বনভূমি ১৮৮৭ আৰু ১৮৯৮ চনৰ বন আইনৰ অধীনত সংৰক্ষিত বনাঞ্চল হিচাপে অধিসূচিত কৰা হৈছিল আৰু দখলীকৃত ভূমি এই অধিসূচিত সীমাৰ ভিতৰতে পৰে। ইয়াৰ পূৰ্বে বন বিভাগে আবেদনকাৰীসকলক সাত দিনৰ ভিতৰত ভূমি খালী কৰিবলৈ উচ্ছেদৰ জাননী দিছিল। উচ্চতম ন্যায়ালয়ৰ শেহতীয়া এই আদেশে চিনাক্তকৰণ প্ৰক্ৰিয়াটো আগবঢ়াই নিবলৈ অনুমতি দিলেও সঠিক আইনী প্ৰক্ৰিয়া অবিহনে যিকোনো উচ্ছেদত বাধা প্ৰদান কৰিছে।





