• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘৰ মেৰামতিৰ নামত ৪৫ কোটি ব্যয় কৰি বিপদত কেজৰিৱাল, যাব লগা হ’ব পাৰে জেললৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2023 7:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৈতেন্দ্ৰ জৈন, মনীষ ছিছডিয়াৰ পাছত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক টেঁটুচেপা ভাৰতীয় জনতা পাৰ্টিৰ। মেৰামতিৰ নামতে ৪৫ কোটি ধন ব্যয় কৰি এতিয়া বিপদত কেজৰিৱাল। মুখ্যমন্ত্ৰী আৱাস মেৰামতি কৰি সংকটত পৰিছে মুখ্যমন্ত্ৰী কেজৰিৱাল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে কেজৰিৱালৰ এই বিয়াগোম বিত্তীয় অনিয়মৰ বিৰুদ্ধে CAGএ কৰিব তদন্ত। তদন্তত দোষী হ’লে জেললৈ গমন কৰিবলগীয়া হ’ব পাৰে কেজৰিৱালে। 

Apply Now

আশংকা কৰা দৰেই এইবাৰ মোদী চৰকাৰৰ লক্ষ্য হৈ পৰিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। মংগলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয় যে অৰবিন্দ কেজৰিৱালৰ বিত্তীয় অনিয়নৰ বিৰুদ্ধে তদন্ত কৰিব CAGএ।

উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে। বিজেপিৰ মতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী আৱাস মেৰামতিৰ নামত বিশাল পৰিমাণৰ প্ৰায় ৪৫ কোটি টকা ব্যয় কৰা দেখুওৱাইছে। 

এই তথ্য ফাদিল হোৱাৰ পাছতে নিজকে নীতিনিষ্ঠ তথা ৰজা হৰিচন্দ্ৰৰ অৱতাৰ বুলি আত্মশ্লাঘা কৰি অহা অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰে বিজেপিয়ে। বিজেপিৰ মতে কেজৰিৱালে জনতাৰ ধনেৰে এক ৰাজকীয় জীৱন কটাবলৈ আৱাস মেৰামতিতে এই বিশাল পৰিমাণৰ ধন ব্যয় কৰিছে। ইমানেই নহয় বিজেপিয়ে অভিযোগ কৰে যে কেজৰিৱালে মুখ্যমন্ত্ৰী আৱাস মেৰামতিৰ নামত বিত্তীয় অনিয়মো সংঘটিত কৰিছে। বিজেপিৰ এই অভিযোগৰ পাছতে এল-জিৰ কাৰ্যালয়ে মুখ্য সচিবক ১৫ দিনৰ ভিতৰত সকলো ৰেকৰ্ড কৰি পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিল, আৰু ইয়াৰ পাছতে দিল্লী উপ ৰাজ্যপাল ভি কে ছাক্সেনা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ এক পত্ৰ প্ৰেৰণ কৰে। 

এল জিৰ দাবী, মুখ্যমন্ত্ৰী কেৰিৱালে সংঘটিত কৰিছে বিত্তীয় অনিয়ম। মেৰামতিত প্ৰয়োজনতকৈ তিনিগুণ অধিক খৰচ কৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালে মেৰামতিৰ আঁচনিৰ বিভাগীয় অনুমোদন লোৱা নাছিল মুখ্যমন্ত্ৰী কেজৰিৱালে।

অভিযোগ অনুসৰি, ১০ কোটি টকাতকৈ কমকৈ কেবাবাৰো নিবিদা আহ্বান কৰিছিল কেজৰিৱালে। তদন্ত আৰু PWDৰ অনুমোদনৰ পৰা ৰক্ষা পাবলৈ কৰা হৈছিল এই কাম। 

দিল্লীৰ উপ ৰাজ্যপাল ভি কে ছাক্সেনাই কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৈ প্ৰেৰণ কৰাৰ পত্ৰত এইসমূহ বিস্ফোৰক অভিযোগ কৰিছে। এল জি ছাক্সেনাৰ মতে মুখ্যমন্ত্ৰী কেজৰিৱালে গড় কাপ্তানি বিভাগৰ অনুমোদন আৰু ভৱিষ্যতে হবলগীয়া তদন্তৰ পৰা হাত হাৰি থাকিবলৈ কেবাবাৰো নিবিদা আহ্বান কৰিছিল। 

ইফালে এল জি ছাক্সেনাই সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু PWDৰ বিভাগৰ প্ৰতিবেদনৰ ভিত্তিত এই পত্ৰ প্ৰেৰণ কৰা বুলি দাবী কৰিছে। 

উল্লেখ্য যে দিল্লী চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সংঘাত কোনো নতুন কথা নহয়। দিল্লীৰ প্ৰশাসনিক ক্ষমতাকলৈ দুয়োখন চৰকাৰৰ মাজৰ সংঘাতে তুংগত উঠিছে। উচ্চতম ন্যায়ালয়ৰ মজিয়া পোৱাৰ পাছতো এই সংঘাত মীমাংসা হোৱা নাই। বৰং উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰৰ সপক্ষে ৰায় দিয়াৰ পাছতো মোদী চৰকাৰে অধ্যাদেশ আনি দিল্লী চৰকাৰৰ প্ৰশাসনিক ক্ষমতা কাঢ়ি নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। 

ইফালে ইয়াৰ পূৰ্বে মোদী চৰকাৰে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী চৈতেন্দ্ৰ জৈন আৰু শিক্ষামন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰী মনীষ ছিছদিয়াক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। কেজৰিৱালৰ দাবী যে জৈন আৰু ছিছদিয়াই দিল্লীত স্বাস্থ্য আৰু শিক্ষা খণ্ডত অভূতপূৰ্ব উন্নয়ন সাধন কৰাৰ বাবে আক্ৰোশমূলকভাৱে মোদী চৰকাৰে জৈন আৰু ছিচদিয়াক গ্ৰেপ্তাৰ কৰিছে। 

কেৰজিৱালৰ সতীৰ্থ জৈন আৰু চিছদিয়াৰ পাছতে মোদী চৰকাৰে কেজৰিৱালৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ কাৰ্যই সেয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। মোদী চৰকাৰৰ বিৰুদ্ধে যুদ্ধংদেহী হোৱা আৰু পাটনাৰ বিৰোধী ঐক্যৰ বৈঠকত কেজৰিৱালে অংশগ্ৰহণ কৰাৰ পাছতে মোদী চৰকাৰে লোৱা এই পদক্ষেপক ৰাজনৈতিক আক্ৰোশমূলক বুলিও চৰ্চা লাভ কৰিছে। কাৰণ মোদী চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হোৱা প্ৰায়বোৰ ৰাজনৈতিক নেতাকে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰ লগতে কাৰাৰুদ্ধ কৰাতো এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বাবে তেনেই সুলভ কথা হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd