• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 7:26 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত এক প্ৰদূষণমুক্ত আৰু স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে দিল্লীৰ ৰেখা গুপ্তা নেতৃত্বাধীন চৰকাৰে এক অভিলাষী ‘বৈদ্যুতিক বাহন (EV) নীতি‘ত অনুমোদন জনাইছে। সোমবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা এই নতুন নীতি অনুসৰি, ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত গ্ৰাহকৰ পৰা কোনো ধৰণৰ পথ-কৰ (Road Tax) আৰু পঞ্জীয়ন মাচুল (Registration Fee) সংগ্ৰহ কৰা নহ‘ব। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সদৰী কৰা মতে, এই নতুন নীতিটো ইতিমধ্যে চূড়ান্ত অনুমোদনৰ বাবে উপ-ৰাজ্যপাল তৰণজিৎ সিং সান্ধুৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। সকলো ঠিকেই থাকিলে চৰকাৰে অহা ১ জুলাইৰ পৰা এই নীতি কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে আৰু ই ২০৩০ চনৰ ৩১ মাৰ্চ পৰ্যন্ত বলবৎ থাকিব। ইয়াৰ জৰিয়তে দিল্লীত স্বচ্ছ আৰু সেউজ যাতায়াত ব্যৱস্থাই দ্ৰুতগতিত প্ৰসাৰ লাভ কৰিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে।

কেৱল চাৰিচকীয়া বাহনেই নহয়, চৰকাৰে সকলো শ্ৰেণীৰ বৈদ্যুতিক বাহনৰ বাবে এই নীতিৰ অধীনত আকৰ্ষণীয় ৰাজসাহায্যৰ (Subsidy) ব্যৱস্থা কৰিছে।

নতুন নীতি অনুসৰি বৈদ্যুতিক দুচকীয়া বাহন ক্ৰয় কৰিলে গ্ৰাহকে প্ৰথম বছৰত ৩০ হাজাৰ টকা, দ্বিতীয় বছৰত ২০ হাজাৰ টকা আৰু তৃতীয় বছৰত ১০ হাজাৰ টকাৰ ৰাজসাহায্য লাভ কৰিব। বৈদ্যুতিক তিনিচকীয়া বাহনৰ ক্ষেত্ৰত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বছৰত ক্ৰমে ৫০ হাজাৰ, ৪০ হাজাৰ আৰু ৩০ হাজাৰ টকাকৈ ৰাজসাহায্য প্ৰদান কৰা হ‘ব। সৰ্বাধিক ৩,৫০০ কিলোগ্ৰাম ওজনৰ মালবাহী ‘এন-১‘ (N-1) শ্ৰেণীৰ বৈদ্যুতিক ট্ৰাক ক্ৰয় কৰিলে গ্ৰাহকে ১ লাখ টকা পৰ্যন্ত ৰাজসাহায্য লাভ কৰিব পাৰিব।

Apply Now

পুৰণি ‘বিএছ-৪‘ (BS-4) বা তাতকৈ পুৰণি চাৰিচকীয়া বাহন স্ক্ৰেপ (Scrap) অৰ্থাৎ ভাঙি পেলাই নতুন বৈদ্যুতিক বাহন ক্ৰয় কৰিলে ১ লাখ টকাৰ এক বিশেষ ‘স্ক্ৰেপিং ইনচেনটিভ‘ প্ৰদান কৰা হ‘ব।

অৱশ্যে চৰকাৰে স্পষ্ট কৰি দিছে যে এই সুবিধাসমূহ কেৱল শূন্য নিৰ্গমন ক্ষমতাসম্পন্ন (Zero Emission) বৈদ্যুতিক বাহনৰ বাবেহে প্ৰযোজ্য হ‘ব। হাইব্ৰিড (Hybrid) বাহনৰ বাবে কোনো ধৰণৰ ৰাজসাহায্য আগবঢ়োৱা নহ‘ব।

এই যুগান্তকাৰী পৰিকল্পনা অনুসৰি ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা দিল্লীত কেৱল বৈদ্যুতিক অটোৰিক্সাহে পঞ্জীয়ন কৰা হ‘ব। সমান্তৰালভাৱে, নতুন পেট্ৰ‘ল আৰু চিএনজি (CNG) চালিত দুচকীয়া বাহনৰ পঞ্জীয়ন পৰ্যায়ক্ৰমে বন্ধ কৰি ২০২৮ চনৰ ১ এপ্ৰিলৰ পৰা কেৱল বৈদ্যুতিক দুচকীয়া বাহনৰ পঞ্জীয়নহে বাধ্যতামূলক কৰা হ‘ব। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই পদক্ষেপক দিল্লীৰ বাবে এক “ঐতিহাসিক দিন” বুলি অভিহিত কৰিছে। আগন্তুক চাৰি বছৰত এই নীতিৰ ফলশ্ৰুতিত প্ৰায় ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগ আৰু অৰ্থনৈতিক লাভালাভ হোৱাৰ চৰকাৰে পূৰ্বানুমান কৰিছে। ইয়াৰে প্ৰায় ৭ হাজাৰ কোটি টকা ৰাজসাহায্য প্ৰদানৰ বাবে আৰু ৮ হাজাৰ কোটি টকা বৈদ্যুতিক বাহনৰ আন্তঃগাঁথনি উন্নয়ন তথা কৰ ৰেহাইৰ নামত ব্যয় কৰা হ‘ব।

সমগ্ৰ দিল্লী চহৰত ৩২ হাজাৰ বৈদ্যুতিক বাহন চাৰ্জিং পইণ্ট স্থাপনৰ এক সুবৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় ভূমিও ইতিমধ্যে চিনাক্ত কৰা হৈছে। গ্ৰাহকসকলে যাতে কোনো অসুবিধা নোহোৱাকৈ সহজে এই ৰাজসাহায্যৰ বাবে আবেদন কৰিব পাৰে, তাৰ বাবে স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰৰ (Nativity) ভিত্তিত এক সুকীয়া আৰু নিৰ্দিষ্ট অনলাইন প‘ৰ্টেল (Online Portal) মুকলি কৰা হ‘ব।

এই নীতিৰ অধীনত দুচকীয়া, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনৰ লগতে পাতল বাণিজ্যিক মালবাহী বাহন আৰু গ্ৰামীণ সেৱা বাহনসমূহকো সামৰি লোৱা হৈছে। আটাইতকৈ উল্লেখনীয় দিশটো হ‘ল, ৰাজসাহায্য লাভ কৰিবলগীয়া বাহনৰ সংখ্যাৰ ওপৰত চৰকাৰে কোনো ধৰণৰ উৰ্ধসীমা নিৰ্ধাৰণ কৰা নাই। চহৰখনত বৈদ্যুতিক বাহনৰ বহুল ব্যৱহাৰ বৃদ্ধি কৰা, চাৰ্জিং আন্তঃগাঁথনি সুদৃঢ় কৰা, পুৰণি বাহন ভঙা কাৰ্যসূচীক ত্বৰান্বিত কৰা আৰু যান-বাহনৰ পৰা হোৱা প্ৰদূষণ লক্ষণীয়ভাৱে হ্ৰাস কৰাই হৈছে এই যুগান্তকাৰী নীতিৰ মূল উদ্দেশ্য।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd