উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি দিল্লী আৰক্ষীয়ে নতুন দিল্লীত সংবাদ সংস্থা ইউনাইটেড নিউজ অৱ ইণ্ডিয়াৰ (UNI) কাৰ্যালয় ছীল কৰিছে। সংবাদ মাধ্যমে আৰক্ষীৰ এই কাৰ্যক ‘সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ’ বুলি অভিহিত কৰিছে।
শুকুৰবাৰে সংঘটিত হয় কাৰ্যালয়টো ছীল কৰাৰ এই ঘটনা। এই সময়ছোৱাত আৰক্ষীৰ দলটোৱে তেওঁলোকৰ মহিলা কৰ্মচাৰীকো হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰিছে ইউএনআই কৰ্তৃপক্ষই।
অৱশ্যে নতুন দিল্লীৰ উপ আৰক্ষী আয়ুক্ত শচীন শৰ্মাই পিটিআইক জনাইছে যে ইয়াত যথাযথ আইনী প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে আৰু কোনো অনিয়ম হোৱা নাই। কাৰণ সমগ্ৰ প্ৰক্ৰিয়াটো ভিডিঅ’ত ৰেকৰ্ড কৰা হৈছিল।
দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, ইউএনআইৰ ভূমি আবণ্টন বাতিলৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ে দাখিল কৰা আবেদন খাৰিজ কৰাৰ পিছতে এই ছীল অভিযান চলাবলৈ ৰফী মাৰ্গত থকা কাৰ্যালয় চৌহদত বিশাল বাহিনী লৈ উপস্থিত হয় আৰক্ষী।
ইউএনআইৰ বৰ্তমানৰ স্বত্বাধিকাৰী প্ৰতিষ্ঠান দ্য ষ্টেটছমেনে ছ’চিয়েল মিডিয়া এক্সত এক পোষ্টত দিল্লী আৰক্ষীৰ এই পদক্ষেপক “অভূতপূৰ্ব নিষ্ঠুৰতা আৰু ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ” বুলি অভিহিত কৰিছে।
পোষ্টটোত লগতে কোৱা হৈছে যে, “কৰ্মীসকলক তেওঁলোকৰ সামগ্ৰী তুলি নিবলৈ বা কৰ্তৃপক্ষৰ কথা শুনিবলৈও সময় দিয়া হোৱা নাছিল। মেনেজমেণ্টক বাহিৰত আৱদ্ধ কৰি ৰাখি ভিতৰত কৰ্মীসকলক মাৰপিট কৰা হৈছে।”
এক্সত দিয়া আন এটা পোষ্টত ইউএনআইয়ে কয় যে, “দেশৰ অন্যতম পুৰণি আৰু সন্মানীয় সংবাদ সংস্থা ইউএনআইৰ কাৰ্যালয় ছীল কৰাটোৱে সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।”
ইপিনে এক্সত প্ৰচাৰিত এটা ভিডিঅ’ত দেখা গৈছে যে এগৰাকী মহিলা আৰক্ষী বিষয়াই বাক-বিতণ্ডাৰ সময়ত এগৰাকী মহিলা সাংবাদিকক নিৰ্যাতন চলাইছে। ফুটেজত দেখা গৈছে সাংবাদিকগৰাকী সন্তুলন হেৰুৱাই মাটিত পৰি গৈছে।





