• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ সংঘৰ্ষ: আইবি বিষয়া অংকিত শৰ্মাৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত আপৰ প্ৰাক্তন নেতা তাহিৰ হুছেইন

উত্তৰ-পূব দিল্লীত হোৱা ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত ইণ্টেলিজেন্স ব্যুৰো চমুকৈ আইবিৰ বিষয়া অংকিত শৰ্মাক হত্যা কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2026 8:03 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব দিল্লীত হোৱা ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত ইণ্টেলিজেন্স ব্যুৰো চমুকৈ আইবিৰ বিষয়া অংকিত শৰ্মাক হত্যা কৰা হৈছিল। এই ঘটনাৰ প্ৰায় ছয় বছৰৰ পাছত সোমবাৰে দিল্লীৰ এখন আদালতে আম আদমী পাৰ্টীৰ প্ৰাক্তন কাউঞ্চিলৰ তাহিৰ হুছেইন আৰু আন চাৰিজনক এই হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰিছে। আনহাতে, উপযুক্ত প্ৰমাণৰ অভাৱত আন ছয়জন অভিযুক্তক দোষমুক্ত কৰা হৈছে।

অতিৰিক্ত সত্ৰ ন্যায়াধীশ প্ৰবীণ সিঙে এই গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। তেওঁ মুঠ ১১ জন অভিযুক্তৰ ভিতৰত তাহিৰ হুছেইনৰ লগতে নাজিম, কাছিম, জাভেদ আৰু আনাছক দোষী সাব্যস্ত কৰে। হুছেইনক হত্যা, ধৰ্মীয় গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা, মৰপিট কৰা আৰু এজন ব্যক্তিক অপদস্থ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছে। অৱশ্যে তেওঁৰ বিৰুদ্ধে থকা অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগটো প্ৰত্যাহাৰ কৰা হৈছে। আদালতৰ ভিতৰৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ৰায়দান শুনাৰ পাছতে তাহিৰ হুছেইন কান্দি পেলাইছিল।

Apply Now

এই গোচৰটো অংকিত শৰ্মাৰ পিতৃ ৰবিন্দৰ কুমাৰে দয়ালপুৰ আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰম্ভ হৈছিল। এজাহাৰ অনুসৰি, ২০২০ চনৰ ২৫ ফেব্ৰুৱাৰীত অংকিত শৰ্মা কামৰ পৰা ঘৰলৈ উভতি আহি পুনৰ বাহিৰলৈ গৈছিল আৰু তাৰ পাছৰ পৰাই নিৰুদ্দেশ হৈছিল। পাছত স্থানীয় লোকে পৰিয়ালটোক জনায় যে শৰ্মাক হত্যা কৰি চান্দ বাগ পুলিয়া অঞ্চলৰ এটা মছজিদৰ ওচৰৰ খজুৰী খাছ নলাত পেলাই দিয়া হৈছে। পাছত সেই নলাটোৰ পৰাই তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। পিতৃ ৰবিন্দৰ কুমাৰে অভিযোগ কৰিছিল যে তাহিৰ হুছেইন আৰু আন একাংশ লোকে মিলি তেওঁৰ পুত্ৰক হত্যা কৰিছিল।

আদালতে হুছেইন, নাজিম, কাছিম, জাভেদ আৰু আনাছক দোষী সাব্যস্ত কৰাৰ বিপৰীতে হাছিন, সমীৰ খান, ফিৰোজ, গুলফাম, শোয়েব আলম আৰু মুন্তাজিমক প্ৰমাণৰ অভাৱত মুকলি কৰি দিয়ে। ২০২৩ চনৰ ২৪ মাৰ্চত আদালতে এই আটাইকেইজনৰ বিৰুদ্ধে হত্যা, মৰপিট আদি বিভিন্ন ধাৰাত অভিযোগ গঠন কৰিছিল।

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত উত্তৰ-পূব দিল্লীত এই ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। এই হিংসাত্মক ঘটনাত শিলগুটি নিক্ষেপ, অগ্নিসংযোগ আৰু ভাঙি-চিঙি পেলোৱা আদিৰ দৰে ঘটনা ঘটিছিল, য’ত ৫৩ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু বহু লোক আহত হৈছিল। দিল্লীৰ সংঘৰ্ষৰ লগত জড়িত এইটো এটা অতি গুৰুত্বপূৰ্ণ ৰায়। দোষী সাব্যস্ত হোৱা লোকসকলৰ শাস্তিৰ পৰিমাণ আদালতৰ দ্বাৰা পাছত সুকীয়াকৈ ঘোষণা কৰা হ’ব।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd