• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ৰবিবাৰে দিনৰ ভাগত সংঘটিত এই অগ্নিকাণ্ডত প্ৰাণহানিৰ লগতে ঘন বসতিপূৰ্ণ এলেকাটোত জুই দ্ৰুতগতিকৈ বিয়পি পৰাৰ আশংকা

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2026 4:41 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লীৰ স্বৰূপ নগৰ এলেকাত অৱস্থিত এটা গুদামত দেওবাৰে এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। দ্ৰুতগতিকৈ বিয়পি পৰা এই জুইৰ ফলত গুদামটোত কমেও দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। জুই লগাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ ১৫খন বাহনে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

 

Apply Now

প্ৰাপ্ত তথ্য অনুসৰি, ৰবিবাৰে দিনৰ ভাগত গুদামটোৰ পৰা জুইৰ সূত্ৰপাত হোৱা প্ৰত্যক্ষ কৰি স্থানীয় লোকসকলে প্ৰথম অৱস্থাত নিজাববীয়াকৈ জুই নিৰ্বাপনৰ বাবে চেষ্টা চলায়। পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ লগে লগে কেইবাখনো বাহন ঘটনাস্থলীত উপস্থিত হয়। সময় বাগৰাৰ লগে লগে জুইৰ প্ৰকোপ বৃদ্ধি পোৱাত অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সংখ্যাও বৃদ্ধি কৰা হয়। সামাজিক মাধ্যমত বিয়পি পৰা কেইবাটাও ভিডিঅ’ত সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাৰে আৱৰি ধৰা দেখা গৈছে। অঞ্চলটো যথেষ্ট ঘন বসতিপূৰ্ণ হোৱাৰ বাবে জুই কাষৰীয়া বাসগৃহলৈ দ্ৰুতগতিকৈ সম্প্ৰসাৰিত হোৱাৰ তীব্ৰ আশংকা কৰা হৈছে।

 

উল্লেখ্য যে, কেইদিনমান পূৰ্বে দিল্লীৰ সত্য নিকেতন এলেকাত এটা আৱাসিক ভৱন খহি পৰাৰ ফলত সাতজন লোকৰ মৃত্যু হৈছিল। উক্ত ভৱনটোত শিক্ষাৰ্থীসকলে পেয়িং গেষ্ট হিচাপে বসবাস কৰিছিল। এই শোকাৱহ ঘটনাৰ পাছৰে পৰা দিল্লী পৌৰ নিগমে সমগ্ৰ দিল্লীজুৰি অবৈধ নিৰ্মাণ কাৰ্য ভঙাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ৰেখা গুপ্তায়ো কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছিল। সত্য নিকেতনৰ ঘটনাৰ শোক মাৰ নৌযাওঁতেই ৰাজধানী চহৰখনত পুনৰ গুদামৰ অগ্নিকাণ্ডত প্ৰাণহানি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

বৰ্তমান ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অনাৰ বাবে অভিযান অব্যাহত ৰাখিছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত প্ৰশাসন আৰু আৰক্ষীয়ে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ তথা ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ পৰৱৰ্তী অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd