• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰি বিজেপিৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে একো নহয়ঃ ভবেন চৌধুৰী

বিজেপিয়ে যিমানেই ষড়যন্ত্ৰ নকৰক, তেওঁলোকে আপক কেতিয়াও নিঃশেষ কৰিব নোৱাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2024 4:40 pm
Delhi liquor scam AAP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ নতুন আবকাৰী নীতিৰ অনিয়মৰ ভুৱা গোচৰত আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক ই ডিয়ে অন্যায় ভাৱে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। সাংসদ গৰাকীৰ বিৰুদ্ধে ইডিয়ে দুৰ্নীতিৰ কোনো ধৰণৰ তথ্য প্ৰমাণ আদালতত দাখিল কৰিব নোৱাৰাৰ বাবে ন্যায়ালয়ে সাংসদ সঞ্জয় সিঙক জামিনত মুক্তি দিয়ে। আম আদমি পাৰ্টীৰ গুৱাহাটীৰ গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেলত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই অভিযোগ কৰে।

ডাঃ ভবেন চৌধুৰীৰ মতে, আপৰ সাংসদ সঞ্জয় সিঙে জামিন পোৱাৰ কথাটোৱে ইয়াকেই প্ৰমাণ কৰে যে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰী বিজেপিৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে একো নহয়। EDৰ ওচৰত দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধনৰ লেনদেনৰ কোনো তথ্য নাই আৰু সেইবাবে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ মজিয়াত জামিনৰ বিৰোধিতা কৰাৰ কোনো সুবিধা লাভ নকৰিলে। এই কথাই ইয়াকে প্ৰমাণ কৰে যে বিজেপি আৰু EDয়ে ষড়যন্ত্ৰমূলকভাৱে আম আদমি পাৰ্টীৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি ৰাখিছে।

Apply Now

দিল্লীৰ সুৰা কেলেংকাৰীৰ ৰাজসাক্ষী দিনেশ আৰোৰাৰ সম্পৰ্কে উল্লেখ কৰি ডাঃ চৌধুৰীয়ে কয় যে যিজন দিনেশ আৰোৰাৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছিল সেইজন দিনেশ আৰোৰাই EDক এঘাৰবাৰ বক্তব্য প্ৰদান কৰিছিল, কিন্তু এই এঘাৰটা বক্তব্যৰ ভিতৰৰ দহটাতেই তেওঁ সঞ্জয় সিঙৰ বিপক্ষে কোনোধৰণৰ অভিযোগ উত্থাপন কৰা নাছিল। একেবাৰে শেষৰটো ভাষ্যতহে তেওঁ সঞ্জয় সিঙৰ নাম লৈছিল। যি দহটা ভাষ্যত তেওঁ সঞ্জয় সিঙৰ নাম লোৱা নাছিল সেইকেইটা ভাষ্যক EDয়ে নোহোৱা কৰি পেলোৱা কাৰ্যত উচ্চতম ন্যায়ালয় ক্ষুব্ধ হৈছে।

উল্লেখ্য যে সঞ্জয় সিঙৰ জিম্মাৰ পৰা এটকাও উদ্ধাৰ কৰিব নোৱাৰাৰ পাছতো সঞ্জয় সিঙৰ বিৰুদ্ধে কেনেকৈ PMLA প্ৰয়োগ কৰিলে আৰু বিগত ছমাহে গ্ৰেপ্তাৰ কৰি ৰাখিলে সেই প্ৰশ্ন কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। সংবাদমেলত এই সন্দৰ্ভত আপৰ জ্যেষ্ঠ মুখপাত্ৰ হেমন্ত ফুকনে উল্লেখ কৰে যে অৰবিন্দ কেজৰিৱাল, মনিশ ছিছোদিয়া, সঞ্জয় সিং বা সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰৰ Modus Operandi একেই। কোনো এজন লোকক EDয়ে প্ৰথমতে গ্ৰেপ্তাৰ কৰি তেওঁক ব্যাপক মানসিক চাপ প্ৰদান কৰি তেওঁৰ মুখেৰে আপৰ এজন নেতাৰ নাম লোৱাব আৰু সেই ব্যক্তিজনক ৰাজসাক্ষী হিচাপে মুকলি কৰাই আপৰ নেতাজনক EDয়ে গ্ৰেপ্তাৰ কৰে।

এই সম্পৰ্কে অধিক উল্লেখ কৰি হেমন্ত ফুকনে কয় যে অৰবিন্দ কেজৰিৱালক সাৰথ ৰেড্ডীৰ ভাষ্যৰ আধাৰত গ্ৰেপ্তাৰ কৰে। সেইজন সাৰথ ৰেড্ডীয়ে বিজেপিক ইলেক্ট’ৰেল বণ্ডৰ যোগেদি ৫৫ কোটি টকা প্ৰদান কৰিছে। সেইদৰে আন দুজন ৰাজসাক্ষী হৈছে পিতা-পুত্ৰ বাগুন্তা শ্ৰীনিবাসন ৰেড্ডী আৰু ৰাঘৱ ৰেড্ডী। এই বাগুন্তা ৰেড্ডীক কেজৰিৱালৰ বিৰুদ্ধে সাক্ষ্য দিয়াৰ উপহাৰস্বৰূপে বিজেপিৰ সহযোগী NDAৰ তেলেগু দেশম (TDP) দলে তেওঁক লোকসভা নিৰ্বাচনৰ বাবে দলীয় টিকট প্ৰদান কৰিছে।

ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ হেমন্ত ফুকনে লগতে কয় যে বিজেপিয়ে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰী সৃষ্টি কৰি আম আদমি পাৰ্টীক নিঃশেষ কৰাৰ চেষ্টা কৰিলেও কাৰ্যতঃ তেওঁলোক সফল নহ’ব। তেওঁ কয় যে এজন কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলে আৰু দহজন কেজৰিৱাল ওলাই আহিব। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলে, দ্বিতীয় লাইনৰ মনিষ ছিছোদিয়া আৰু সঞ্জয় সিঙকো গ্ৰেপ্তাৰ কৰিলে, কিন্তু লগে লগে তৃতীয় লাইনৰ আতিশী, সৌৰভ ভাৰদ্বাজ আদিৰ দৰে নেতা ওলাই আহিল। তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে চতুৰ্থ শাৰীৰ নেতাসকল ওলাই আহিব।

হেমন্ত ফুকনে লগতে কয় যে আম আদমি পাৰ্টী দুৰ্নীতিবিৰোধী জন আন্দোলনৰ যোগেৰে জন্ম হোৱা এটা ৰাজনৈতিক দল। বিজেপিৰ দৰে এটা দুৰ্নীতিকাৰী আৰু সাম্প্ৰদায়িক দলে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় তথাপিও এই দলটোক কেতিয়াও ধ্বংস কৰিব নোৱাৰে। আম আদমি পাৰ্টীয়ে সকলো প্ৰত্যাহ্বান নেওচি ভাৰতক বিশ্বৰ ভিতৰত এক নম্বৰ দেশ হিচাপে প্ৰতিষ্ঠা লক্ষ্যত কাম কৰিব। সংবাদমেলত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, মুখপাত্ৰ হেমন্ত ফুকনৰ লগতে দলৰ সংখ্যালঘু কোষৰ নেতা আৰিফ শিকদাৰো উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd