• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2026 12:07 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰো ২০২১ৰ সেই কৰুণ দৃশ্য এতিয়াও ফুটবল অনুৰাগীৰ স্মৃতিত সতেজ হৈ আছে। পাঁচ বছৰৰ পাছত সেই পুৰণি আতংক ঘূৰি আহিল। পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰে ক্রিষ্টিয়ান এৰিক্সন। দেওবাৰে ইউক্ৰেইনৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত ডেনিছ মিডফিল্ডাৰগৰাকী হঠাতে বুকুত হাত থৈ মাটিত পৰি যায়। লগে লগে ৰেফাৰীয়ে খেল বন্ধ কৰাৰ সিদ্ধান্ত লয়। পিছত খেলখন পৰিত্যাগ কৰা হয়।

খেলৰ ৭৯ মিনিটত সংঘটিত হয় এই ঘটনা। সেই সময়ত ডেনমাৰ্কে ২-১ গ’লত আগবাঢ়ি আছিল। তেনে সময়তে এৰিক্সনে হঠাতে বুকুত হাত থৈ মাটিত ঢলি পৰে। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি সতীৰ্থ, প্ৰতিদ্বন্দ্বী আৰু মেচৰ বিষয়াসকলে ততাতয়াকৈ চিকিৎসকক মাতি পঠালে। কেইছেকেণ্ডমানৰ ভিতৰতে খেলপথাৰত উপস্থিত হ’ল চিকিৎসা দলটো। পিছত এৰিক্সনক চিকিৎসালয়লৈ লৈ যোৱা হয়।

Apply Now

এই কাণ্ডৰ লগে লগে ডেনিছ ফুটবল এছ’চিয়েশ্যনে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, “ক্ৰিষ্টিয়ান এৰিক্সন সচেতন অৱস্থাত আছে আৰু সুস্থ হৈ আছে।” পিছত গম পোৱা গ’ল যে এৰিক্সনে কিছু সময়ৰ বাবে চেতনা হেৰুৱাইছিল যদিও সোনকালে চেতনা ঘূৰাই পাইছিল। চিকিৎসাৰ অন্তত তেওঁ নিজেই খেলপথাৰৰ পৰা ওলাই আহিল। বিতং পৰীক্ষাৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।

ডেনমাৰ্কৰ অধিনায়ক পিয়েৰ-এমিল হ’বজাৰ্গে ডেনিছ সম্প্ৰচাৰক টিভি২ক কয় যে, “এটা থ্ৰ’-ইন হৈছিল। মই চাৰিওফালে চালোঁ আৰু দেখিলোঁ যে খ্ৰীষ্টিয়ান মাটিত পৰি গৈছে। সকলোৱে অতি দ্ৰুত আৰু দায়িত্বশীল আচৰণ দেখুৱালে। খেলপথাৰত তেওঁক চোৱা-চিতা কৰাসকলৰ সাহসক প্ৰশংসা কৰিবই লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল খ্ৰীষ্টিয়ান ভালেই আছে।”

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে পুনৰ ঘুৰি আহিল ইউৰো ২০২১ৰ স্মৃতি। কোপেনহেগেনত ফিনলেণ্ডৰ বিৰুদ্ধে খেলৰ সময়ত হাৰ্ট এটেকত আক্ৰান্ত হৈ খেলপথাৰত ঢলি পৰিছিল এৰিক্সন। খেলপথাৰতে দিয়া হৈছিল চিপিআৰ। অটোমেটিক ডিফিব্ৰিলেটৰ ব্যৱহাৰৰ ফলত তেওঁৰ হৃদস্পন্দন পুনৰ ঘূৰি আহিছিল। পিছত খবৰ পোৱা যায় যে চিকিৎসকৰ ক্ষীপ্ৰ পদক্ষেপেই এৰিক্সনৰ জীৱন ৰক্ষা কৰে।

এই ঘটনাৰ পিছতে ডেনিছ তাৰকাগৰাকীৰ শৰীৰত এটা বিশেষ ধৰণৰ ইমপ্লাণ্টেবল কাৰ্ডওভৰ্টাৰ-ডিফিব্ৰিলেটৰ স্থাপন কৰা হয়। বহুতে ভাবিছিল যে তেওঁৰ ফুটবল কেৰিয়াৰ শেষ হৈ গৈছে। কিন্তু এৰিক্সনে নিজৰ ধাৰণা ভুল প্ৰমাণ কৰি ২০২২ চনত ব্ৰেণ্টফোৰ্ডলৈ উভতি আহে। পিছলৈ তেওঁ মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰে। বৰ্তমান তেওঁ জাৰ্মান ক্লাব উলফছবাৰ্গৰ অন্যতম খেলুৱৈ।

২০২৬ চনৰ বিশ্বকাপত ডেনমাৰ্ক বা ইউক্ৰেইনৰ কোনোৱেই স্থান লাভ কৰা নাছিল। সেইবাবেই ভৱিষ্যতৰ আন্তঃৰাষ্ট্ৰীয় সূচীৰ প্ৰস্তুতিৰ বাবে এই মেচখন গুৰুত্বপূৰ্ণ আছিল। কিন্তু শেষত ফলাফলতকৈ ফুটবলাৰ এজনৰ শাৰীৰিক অৱস্থা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিল।

ডেনমাৰ্কৰ দলটোৰ চিকিৎসক মৰ্টেন ব’চেনে কয়, ‘পেচমেকাৰে সঠিকভাৱে কাম কৰি আছে। কিছুসময়ৰ বাবে চেতনা নোহোৱা হৈছিল যদিও অতি সোনকালে তেওঁৰ চেতনা ঘূৰি আহিল। এতিয়া চিকিৎসালয়ত তেওঁক পৰীক্ষা কৰি চোৱা যাব এই ঘটনাৰ সঠিক কাৰণ। তেওঁৰ লগতে চিকিৎসকৰ সৈতে আমি নিয়মীয়াকৈ যোগাযোগত আছো। খ্ৰীষ্টিয়ানে মোক তেওঁ ভালেই আছে বুলি গোটেই দলটোক জনাবলৈ কৈছিল।’

খেলখন বাতিল হোৱাৰ পাছত দুয়োটা দলৰ খেলুৱৈ আৰু প্ৰশিক্ষক কৰ্মচাৰীয়ে খেলপথাৰৰ মাজত সমবেত হয়। ডেনমাৰ্কৰ প্ৰশিক্ষক ব্রায়ান ৰিমাৰে মন্তব্য কৰে যে, ‘আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল খ্ৰীষ্টিয়ান ভালেই আছে। তেওঁ খেলপথাৰ এৰি গোটেই দলটোক শুভেচ্ছা জনাইছে। এতিয়া একেলগে থকাৰ সময়। যাতে সকলোৱে প্ৰয়োজন হ’লে কাৰোবাৰ কান্ধত মূৰ থব পাৰে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd