• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৪৩ বছৰৰ কাৰাদণ্ডৰ পিছত দোষমুক্ত, কিন্তু আমেৰিকাত পুনৰ গ্ৰেপ্তাৰ ভাৰতীয় মূলৰ লোক!

by
November 4, 2025 1:53 pm
105
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্দোষী হোৱাৰ পাছতো এজন ভাৰতীয় মূলৰ লোকে আমেৰিকাত হত্যাৰ গোচৰত ৪৩ বছৰ কাৰাবাস খাটিছে। আদালতে তেওঁক হত্যাকাণ্ডৰ গোচৰৰ পৰা নিৰ্দোষী ঘোষণা কৰাৰ পাছতো, ভাৰতীয় মূলৰ এই আমেৰিকান নাগৰিকজনক মুকলি কৰি দিয়া নহ‘ল। বৰঞ্চ, আমেৰিকা প্ৰশাসনে এতিয়া তেওঁক অপৰাধী হিচাপে ভাৰতলৈ প্ৰত্যাৰ্পণ (Deportation) কৰাৰ কথা চিন্তা কৰিছে। অৱশ্যে, প্ৰত্যাৰ্পণৰ এই সিদ্ধান্ত এতিয়াও আমেৰিকাৰ আদালতত বিচাৰাধীন হৈ আছে।

সুব্ৰমণিয়াম বেদম মাত্ৰ ৯ মাহ বয়সতে ভাৰতৰ পৰা আমেৰিকালৈ গৈছিল। তেওঁৰ পৰিয়ালৰ লোকে তেওঁক ‘ছুবু‘ বুলি মাতে। ১৯৮২ চনত তেওঁক এজন বন্ধুৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। উল্লেখযোগ্য যে ইয়াৰ আগতেই ছুবুৰ আমেৰিকাৰ নাগৰিকত্বৰ আবেদন গ্ৰহণ কৰা হৈছিল। অৰ্থাৎ, ছুবুৱে আমেৰিকাত আইনীভাৱে বসবাস কৰিছিল। কিন্তু ১৯৮৩ চনত তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। অভিযোগ আছিল, ছুবুৱে তেওঁৰ বন্ধু কিনছাৰক হত্যা কৰিছিল। যিহেতু ছুবুকে কিনছাৰৰ সৈতে শেষবাৰৰ বাবে দেখা গৈছিল, সেয়েহে সেই প্ৰমাণৰ ভিত্তিত আদালতে তেওঁক দোষী সাব্যস্ত কৰে।

Apply Now

বৰ্তমান ৬৪ বছৰীয়া ছুবুৱে ৪৩ বছৰ কাৰাগাৰত বন্দী হৈ আছে। কাৰাগাৰত থাকোঁতে তেওঁ তিনিটা ডিগ্ৰী অৰ্জন কৰাৰ লগতে সতীৰ্থ বন্দীসকলকো পঢ়াইছে। অৱশ্যে চলিত বৰ্ষৰ আগষ্ট মাহত ছুবুৰ জীৱনলৈ আশাৰ নতুন সঞ্চাৰ আহে। পেনচিলভেনিয়াৰ এখন আদালতে ছুবুক নিৰ্দোষী ঘোষণা কৰে। দীৰ্ঘদিন ধৰি চৰকাৰে লুকুৱাই ৰখা কেইবাটাও প্ৰমাণ ছুবুৰ অধিবক্তাই আদালতত দাখিল কৰাত সেই প্ৰমাণৰ ভিত্তিত ছুবুক নিৰ্দোষী বুলি ধৰা হয় আৰু ৩ অক্টোবৰত তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়।

কিন্তু প্ৰায় লগে লগে, ছুবুক ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে (ICE) গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ অভিযোগ যে হত্যাৰ লগতে ছুবুক ড্ৰাগছ সম্পৰ্কীয় আন এক গোচৰতো দোষী সাব্যস্ত কৰা হৈছিল। যদিও হত্যাকাণ্ডৰ গোচৰৰ পৰা তেওঁক দোষমুক্ত কৰা হৈছিল, তথাপিও তেওঁৰ বিৰুদ্ধে এতিয়াও ড্ৰাগছৰ গোচৰটো আছে। ইফালে, ড’নাল্ড ট্ৰাম্প প্ৰশাসনেও ছুবুৰ আমেৰিকাৰ নাগৰিকত্বক লৈ সন্দেহ প্ৰকাশ কৰিছে। এই সকলোবোৰ বিষয়ৰ বাবে প্ৰশাসনে ছুবুক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে, এতিয়াও আদালতত এই বিষয়ৰ শুনানি অব্যাহত আছে। আপাততঃ প্ৰত্যাৰ্পণ স্থগিত ৰখা হৈছে আৰু ছুবুক নিৰ্বাসন কেন্দ্ৰত (Detention Centre) ৰখা হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd