DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিআইডি তদন্তৰ অন্ত নপৰাকৈ কেনেকৈ ফলাফল দিলে পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগে?: অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 8, 2019 9:23 pm
08-03-19 Guwahati- Akhil Gogoi press meet (2)

গুৱাহাটীত শুকুৰবাৰে অখিল গগৈৰ সংবাদমেল। ফটো : য়ু বি

400
VIEWS
Share on FacebookShare on Twitter

চিআইডিৰ তদন্ত প্ৰক্ৰিয়া অন্ত নোহোৱাকৈ কেনেকৈ ফলাফল দিয়া হ’ল পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ? পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ ফলাফল ঘোষণাৰ পাছতেই নিযুক্তি দিয়াক কেন্দ্ৰ কৰি সংবাদমেলত এই প্ৰশ্ন অখিল গগৈৰ।

ইয়াৰোপৰি, ৰাজ্যৰ বিয়াগোম বিভাগটোৰ পৰীক্ষাত বহু অনিয়ম সংঘটিত হোৱাৰ পাছতেই চিআইডিয়ে তদন্ত কৰা বুলি সদৰী কৰি অখিলে লগতে ডিএছপি আবু ছাদ্দিক মহম্মদ তাহেৰে তদন্ত কৰিছিল বুলি জানিবলৈ দিয়ে।

ইপিনে, ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৬৬/৪০(চি)ৰ অধীনত ৪১৪/২০১৮ ত চিআইডিয়ে গোচৰ ৰুজু কৰি পৰীক্ষাত হোৱা অনিয়মৰ তদন্ত কৰিছিল বুলিও তেওঁ সংবাদমেলত জনায়।

আনহাতে, গগৈয়ে লাভ কৰা চিআইডিৰ প্ৰতিবেদন মতে ১৪ খন জিলাত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ৫ খন জিলাত কোনোধৰণৰ অনিয়ম সংঘটিত হোৱা নাই বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল। তদুপৰি, ৯ খন জিলাত কেলেংকাৰি সংঘটিত হৈছিল তথা ২৮ জন পৰীক্ষাৰ্থী বহিস্কৃত হৈছিল, ৩ জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে পৰীক্ষা গৃহ পৰ্য্যবেক্ষণৰ দায়িত্বত থকা এজনক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি অখিলে সংবাদমেলত জনায়।

তাৎপৰ্য্যপূৰ্ণভাৱে চিআইডিয়ে দিয়া প্ৰতিবেদনত কোৱা হৈছিল যে তদন্ত প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হোৱা নাই। এই কথা সংবাদমেলত সদৰী কৰি অখিলে লগতে কয় ‘ঘটনাৰ সৈতে জড়িত বহু অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে বুলি চিআইডিৰ প্ৰতিবেদনত উল্লেখ আছিল। ফৰেনছিক ৰিপৰ্ট এতিয়ালৈকে অহা নাই। চিআইডি তদন্তৰ প্ৰতিবেদন থকাৰ পাছতো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ল।‘

ইয়াৰোপৰি, এৰাতিৰ ভিতৰতে ৰিজাল্ট আৰু পাছদিনা যোগদান কৰিবৰ বাবে দিয়া নিৰ্দেশৰ ব্যৱস্থাটোক কেন্দ্ৰ কৰি সন্দেহ প্ৰকাশ কৰে কৃষক নেতাজনে। তেওঁ পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে দিয়া বিজ্ঞাপনত উল্লেখ থকা নীতি নিয়ম উলংঘা হৈছে বুলিও গগৈয়ে অভিযোগ তোলে।

তেওঁ কয়, ‘সংৰক্ষণৰ ভিত্তিত মেধাৰ তালিকা প্ৰস্তুত কৰা হ’ব বুলি বিজ্ঞাপনত উল্লেখ আছিল যদিও প্ৰকাশিত ফলাফলৰ তালিকাত তেনেকুৱা সংৰক্ষণৰ ভিত্তিত মেধাৰ কথা উল্লেখ কৰা নাই।‘

তদুপৰি, যিসকল পৰীক্ষাৰ্থী নিৰ্বাচিত হয়, সেইসকলৰ নথি-পত্ৰ পৰীক্ষণ কৰা হোৱা নাই। পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক পোনপটীয়াকৈ নিযুক্তি দিয়া হ’ল বুলি গগৈয়ে সংবাদমেলত কয়। ইপিনে, ৰাতি দহ বজাত ফলাফল প্ৰকাশ কৰিলে পাছদিনা পুৱা ১০ বজাত ক’ত যোগদান কৰিব তাৰ তালিকা প্ৰকাশ কৰা হ’ল বুলিও অখিলে জনায়।

আনহাতে, নিয়ম অনুসৰি অভিজ্ঞতাৰ নম্বৰ আৰু লিখিত পৰীক্ষাৰ নম্বৰ যোগ কৰা হ’ব লাগিছিল কিন্তু কৰা হোৱা নাই বুলি উল্লেখ কৰি অখিলে প্ৰশ্ন কৰে, ‘নথি পৰীক্ষণ নকৰাকৈ কেনেকৈ অভিজ্ঞতাৰ নম্বৰ দিয়া হ’ল?’

তেওঁ লগতে কয়, ‘যাতে, নিযুক্তি লাভ কৰাৰ পাছত চাকৰিৰ পৰা প্ৰাৰ্থীজনক বৰ্খাস্ত কৰিব নোৱাৰে বা প্ৰাৰ্থীজন আদালতৰ কাষ চাপিব পাৰে, সেই সুযোগ দিয়াৰ বাবেই তাৎক্ষণিকভাৱে ফলাফল ঘোষণা কৰিয়েই নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ’ল।‘

গগৈয়ে বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলেক পদত্যাগ কৰাৰ বাবে দাবী জনায়। ‘মন্ত্ৰী নৱ দলে আৰু বিজেপি দলৰ নেতা-পালি নেতাৰ আত্মীয় কুটুমে সাংঘাটিকভাৱে নিযুক্তি লাভ কৰিছে। এই কথাই নিযুক্তিৰ ক্ষেত্ৰত যে ভয়ংকৰ কেলেংকাৰি হৈছে সেই কথা উদঙাই দিছে। সেয়েহে তেওঁ অনতিপলমে পদত্যাগ কৰিব লাগে।‘ অখিলে কয়।

আনহাতে,পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ যি ব্যাপক কেলেংকাৰি সংঘটিত হ’ল, এই কেলেংকাৰিৰ পাছত এইখন চৰকাৰক জনসাধাৰণে আস্থা আৰু বিশ্বাসত ল’ব নোৱাৰে বুলি অখিলে কয়।

Recent News

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd