DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হীৰেন গোহাঁই: ধলাৰ হত্যাকাণ্ড ’ষড়যন্ত্ৰ’, ৰাইজ ‘উত্তেজিত নহ’ব’

“চৰকাৰে যদি পৰিস্থিতি সংঘাতমুক্ত কৰিবই খুজিছে, তেন্তে আজিৰ তাৰিখলৈকে শিলাদিত্য, ৰাজেন গোহাঁই আৰু বাঙালী নেতা সুৰজিৎ চৰকাৰ আটক হোৱা নাই কিয়?” প্ৰশ্ন মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তৰ।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 3, 2018 12:03 am
Hiren Gohain

হীৰেন গোহাঁই। ফাইল ছবি।

687
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ ধলাৰ হত্যাকাণ্ড ঘটনাটোক অসম বিৰোধী চক্ৰৰ ‘ষড়যন্ত্ৰ’ বুলি মন্তব্য কৰি ৰাইজক উত্তেজিত নহৈ সজাগ থাকিবলৈ আহ্বান জনাইছে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে।

ঘটনাটোত শোক প্ৰকাশ কৰি নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই শুকুৰবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত আয়োজন কৰা সংবাদমেলত এই মন্তব্য কৰিছে মঞ্চৰ নেতা বুদ্ধিজীৱীগৰাকীয়ে।

“খেৰাবাৰীৰ ঘটনাটো অসম বিৰোধী চক্ৰৰ ষড়যন্ত্ৰৰ ফল। ষড়যন্ত্ৰকাৰী শক্তিবিলাকে এই হত্যাকাণ্ড সংঘটিত কৰিছে,” ঘটনাটোত আলফা (স্বাধীন) জড়িত নহয় বুলি সংগঠনটোৱে দিয়া স্পষ্টীকৰণৰ বিষয়েও উল্লেখ কৰি এই মন্তব্য গোহাঁইৰ।

শাসকীয় বিধায়কে বহু দিনৰে পৰা ‘প্ৰৰোচনামূলক’ মন্তব্য কৰি অহা বুলি উল্লেখ কৰি এনে মন্তব্যত উত্তেজিত নহৈ ‘দমন’ কৰিবলৈ সকলো শান্তিকামী দল-সংগঠন তথা ৰাইজক আহ্বান জনাইছে বুদ্ধিজীৱীজনে।

‘‘অসমৰ ৰাইজ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ সকলো ৰাইজ ইতিমধ্যে ওলাই আহিছে। বহু দিনৰ পৰা চৰকাৰৰ বিভিন্ন বিধায়কে মানুহৰ মাজত অসৎ ভাব আৰু অবিশ্বাস সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰি আহিছে। অসমৰ জনসাধাৰণৰ মাজত শান্তি বিচৰা দল-সংগঠনসমূহ প্ৰৰোচনামূলক মন্তব্যসমূহৰ পৰা উত্তেজিত নহ’ব,’‘ এই আহ্বান গোহাঁইৰ।

গোহাঁয়ে লগতে কয় যে এন আৰ চিক লৈ অসমৰ থলুৱা ৰাইজ ‘উদ্বিগ্ন তথা উৎসাহিত’ হোৱাৰ বিপৰীতে প্ৰক্ৰিয়াটোত ব্যাঘাত জন্মাবলৈ চৰকাৰে নানা ধৰণৰ কূটকৌশল প্ৰয়োগ কৰি আহিছে।

‘‘সুবোধ বিশ্বাসৰ ঘটনাটোৰ সময়ৰে পৰা অসমখনত অস্থিৰতাৰ সৃষ্টি হৈ আহিছে,” মন্তব্য গোহাঁইৰ।

আনহাতে আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তৰ দৰে বিজেপি বিধায়ক শিলাদিত্য দেব, মন্ত্ৰী ৰাজেন গোহাঁই আৰু বি টি চিৰ বাঙালী সংস্থাৰ নেতা সুৰজিত চৰকাৰকো কিয় গ্ৰেপ্তাৰ কৰা নাই বুলিও বিজেপি চৰকাৰক প্ৰশ্ন কৰিছে মঞ্চটোৱে।

‘‘যদি চৰকাৰে অসমৰ পৰিস্থিতি শান্ত কৰি সংঘাতমুক্ত কৰিব খুজিছে, তেন্তে কিয় আজিৰ তাৰিখলৈকে শিলাদিত্য, ৰাজেন গোহাঁই আৰু বাঙালী নেতা সুৰজিৎ চৰকাৰ আটক হোৱা নাই?” চৰকাৰক প্ৰশ্ন মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তৰ।

মঞ্চৰ আন এজন নেতা জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে ধলাৰ ঘটনাটো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাব্যস্ত হোৱা প্ৰতিবাদ মষিমূৰ কৰিবৰ বাবে ‘ষড়যন্ত্ৰমূলক’ভাৱে কৰোৱাৰো আশংকা কৰিছে। “ৰাজনৈতিক ষড়যন্ত্ৰকাৰীৰ পৃষ্ঠপোষকতাত ঘটনাটো সংঘটিত কৰিব পাৰে বুলি কিছুসংখ্যকে আশংকা কৰিছে,’‘ মন্তব্য হুছেইনৰ।

মঞ্চই হত্যাকাণ্ডটোৰ এন আই এ’ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰিছে।

Recent News

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd