DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধলা গণহত্যা: বিজেপি চৰকাৰলৈ পোনপটীয়া আঙুলি বাঙালী সংগঠনৰ সৰ্ববৃহৎ মঞ্চ ‘বুফা’ৰ

শিলাদিত্যই হওক, আমিনুল ইছলামেই হওক, ৰাজনৈতিক গে’ম খেলা কোনো ৰাজনৈতিক নেতাৰ মন্তব্যৰ প্ৰতি সমৰ্থন নাই: বুফা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 2, 2018 7:36 pm
bufa press meet

শুকুৰবাৰে দিচপুৰ প্ৰে’ছ ক্লাবত বুফাৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

573
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ ধলাৰ গণহত্যাই সৃষ্টি কৰা চাঞ্চল্যৰ মাজতে সাম্প্ৰদায়িক বিভেদৰ পৰিৱৰ্তে ঘটনাটোৰ বাবে পোনপটীয়াকৈ বিজেপি চৰকাৰক দোষাৰোপ কৰিছে ৰাজ্যৰ বাঙালী সংগঠনসমূহৰ বৃ্হত্তম মঞ্চ বেঙ্গলি ইউনাইটেদ ফ’ৰাম অৱ আছাম (BUFA)এ।

অসম আৰক্ষীয়ে ঘটনাটোত আলফা (স্বাধীন) জৰিত বুলি দাবী কৰাৰ মুহূৰ্তত চৰকাৰকো সন্দেহৰ আওতালৈ আনি ৰাজ্যৰ ২৩টা বাঙালী সংগঠনৰ ঐক্যমঞ্চটোৱে ঘটনাটোত এন আই এ’ৰ তদন্ত দাবী কৰিছে।

“এই হত্যাকাণ্ডৰ সৈতে চৰকাৰ জৰিত থকাৰ আমি সন্দেহ কৰিছো। আমি ঘটনাটোৰ এন আই এ’ তদন্ত দাবী কৰিছো,” শুকুৰবাৰে দিচপুৰ প্ৰে’ছ ক্লাবত এই মন্তব্য বুফাৰ কৰ্ণধাৰ সমিতিৰ সদস্য অৰুণ ৰায়ৰ।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ ভূমিকাক লৈ চৰকাৰলৈ আঙুলি টোঁৱাইছে বুফাই। “সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ঘটনাস্থলীৰ পৰা নাতিদূৰত অৱস্থিত আউটপ’ষ্টৰ আৰক্ষী বিষয়াৰ ম’বাইল ফোন বন্ধ আছিল আৰু চেক প’ষ্টত চেকিঙৰ ব্যৱস্থা নাছিল,” চৰকাৰলৈ আঙুলি উঠোৱাৰ ‘কাৰণ’ দৰ্শাই এই মন্তব্য ৰায়ৰ।

নাগৰিকত্ব বিধেয়কক লৈ একাংশই অসমত ধাৰাৱাহিকভাৱে কৰি অহা ‘উত্তেজক তথা প্ৰৰোচনামূলক মন্তব্য’ক চৰকাৰে লেকাম নলগোৱাৰ পৰিণতিৰূপেই এই ঘটনাক চিহ্নিত কৰিছে মঞ্চটোৱে।

অসমৰ হিন্দু বাঙালীৰ অধিকাৰক লৈ সৰৱ হ’বলৈ গৈ কৰা মন্তব্যৰে বিতৰ্ক কৰি অহা বিজেপি বিধায়ক শিলাদিত্য দেবকে ধৰি সাধাৰণ মানুহক লৈ ‘গে’ম’ খেলা কোনো ৰাজনৈতিক নেতাৰ প্ৰতিয়ে সমৰ্থন নাই বুলি ঘোষণা কৰিছে বুফাই।

“উত্তেজক তথা প্ৰৰোচনামূলক মন্তব্যৰ বাবে এই ঘটনা সংঘটিত হৈছে। শিলাদিত্যই হওক, আমিনুল ইছলামেই হওক ৰাজনৈতিক গে’ম খেলা কোনো ৰাজনৈতিক নেতাৰ মন্তব্যৰ প্ৰতি সমৰ্থন নাই বুফাৰ,” ৰাজনৈতিক নেতাসকলক লক্ষ্য কৰি স্পষ্ট ঘোষণা বুফাৰ নেতা শান্তনু মুখাৰ্জিৰ। কংগ্ৰেছেই হওক বা বিজেপি কোনো দলেই অসমৰ বাঙালী লোকসকলক নিৰাপত্তা দিব পৰা নাই বুলিও দাবী কৰিছে বুফাই।

আততায়ীক কৰায়ত্ত কৰাত ব্যৰ্থ হ’লে ইয়াত চৰকাৰৰে ‘ষড়যন্ত্ৰ থকা’ বুলি ধৰি ল’ম বুলিও বুফাই মত প্ৰকাশ কৰিছে। “৭ দিনৰ ভিতৰত দুষ্কৃতিকাৰীক কৰায়ত্ত কৰক অন্যথা গঢ়ি তোলা হ’ব ব্যাপক ধাৰাৱাহিক আন্দোলনৰ কাৰ্যসূচী,” মন্তব্য অৰুণ ৰায়ৰ।

ধলাৰ গণহত্যাত নিহত প্ৰত্যেক গৰাকী লোকৰ পৰিয়ালৰে এজনক চৰকাৰী চাকৰি আৰু পৰিয়ালক ২০ লাখকৈ টকা দিবলৈও দাবী জনাইছে বুফাই।

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কে অসমৰ পৰিৱেশ বিষময় কৰি তোলাৰ সময়ত ৰাজ্যৰ বাঙালী সংগঠনসমূহৰ বৃ্হত্তম ঐক্য মঞ্চটোৰ অৱস্থান তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে।

সমাৱেশ আয়োজনেৰে ৰাজ্যজোৰা উত্তেজনাৰ সৃষ্টি কৰা, শিলাদিত্য দেব মুখ্য আহ্বায়কৰূপে থকা চি আৰ পি এফ এ’-ৰ সদস্য সংগঠনৰ সংখ্যাক লৈ সন্দেহৰ সৃষ্টি হোৱাৰ বিপৰীতে বুফা হৈছে ৰাজ্যৰ বাঙালী সংস্থাসমূহৰ বৃহত্তম মঞ্চ।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd