• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধলা গণহত্যা: বিজেপি চৰকাৰলৈ পোনপটীয়া আঙুলি বাঙালী সংগঠনৰ সৰ্ববৃহৎ মঞ্চ ‘বুফা’ৰ

শিলাদিত্যই হওক, আমিনুল ইছলামেই হওক, ৰাজনৈতিক গে’ম খেলা কোনো ৰাজনৈতিক নেতাৰ মন্তব্যৰ প্ৰতি সমৰ্থন নাই: বুফা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 2, 2018 7:36 pm
bufa press meet

শুকুৰবাৰে দিচপুৰ প্ৰে’ছ ক্লাবত বুফাৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়াৰ ধলাৰ গণহত্যাই সৃষ্টি কৰা চাঞ্চল্যৰ মাজতে সাম্প্ৰদায়িক বিভেদৰ পৰিৱৰ্তে ঘটনাটোৰ বাবে পোনপটীয়াকৈ বিজেপি চৰকাৰক দোষাৰোপ কৰিছে ৰাজ্যৰ বাঙালী সংগঠনসমূহৰ বৃ্হত্তম মঞ্চ বেঙ্গলি ইউনাইটেদ ফ’ৰাম অৱ আছাম (BUFA)এ।

অসম আৰক্ষীয়ে ঘটনাটোত আলফা (স্বাধীন) জৰিত বুলি দাবী কৰাৰ মুহূৰ্তত চৰকাৰকো সন্দেহৰ আওতালৈ আনি ৰাজ্যৰ ২৩টা বাঙালী সংগঠনৰ ঐক্যমঞ্চটোৱে ঘটনাটোত এন আই এ’ৰ তদন্ত দাবী কৰিছে।

Apply Now

“এই হত্যাকাণ্ডৰ সৈতে চৰকাৰ জৰিত থকাৰ আমি সন্দেহ কৰিছো। আমি ঘটনাটোৰ এন আই এ’ তদন্ত দাবী কৰিছো,” শুকুৰবাৰে দিচপুৰ প্ৰে’ছ ক্লাবত এই মন্তব্য বুফাৰ কৰ্ণধাৰ সমিতিৰ সদস্য অৰুণ ৰায়ৰ।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ ভূমিকাক লৈ চৰকাৰলৈ আঙুলি টোঁৱাইছে বুফাই। “সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ঘটনাস্থলীৰ পৰা নাতিদূৰত অৱস্থিত আউটপ’ষ্টৰ আৰক্ষী বিষয়াৰ ম’বাইল ফোন বন্ধ আছিল আৰু চেক প’ষ্টত চেকিঙৰ ব্যৱস্থা নাছিল,” চৰকাৰলৈ আঙুলি উঠোৱাৰ ‘কাৰণ’ দৰ্শাই এই মন্তব্য ৰায়ৰ।

নাগৰিকত্ব বিধেয়কক লৈ একাংশই অসমত ধাৰাৱাহিকভাৱে কৰি অহা ‘উত্তেজক তথা প্ৰৰোচনামূলক মন্তব্য’ক চৰকাৰে লেকাম নলগোৱাৰ পৰিণতিৰূপেই এই ঘটনাক চিহ্নিত কৰিছে মঞ্চটোৱে।

অসমৰ হিন্দু বাঙালীৰ অধিকাৰক লৈ সৰৱ হ’বলৈ গৈ কৰা মন্তব্যৰে বিতৰ্ক কৰি অহা বিজেপি বিধায়ক শিলাদিত্য দেবকে ধৰি সাধাৰণ মানুহক লৈ ‘গে’ম’ খেলা কোনো ৰাজনৈতিক নেতাৰ প্ৰতিয়ে সমৰ্থন নাই বুলি ঘোষণা কৰিছে বুফাই।

“উত্তেজক তথা প্ৰৰোচনামূলক মন্তব্যৰ বাবে এই ঘটনা সংঘটিত হৈছে। শিলাদিত্যই হওক, আমিনুল ইছলামেই হওক ৰাজনৈতিক গে’ম খেলা কোনো ৰাজনৈতিক নেতাৰ মন্তব্যৰ প্ৰতি সমৰ্থন নাই বুফাৰ,” ৰাজনৈতিক নেতাসকলক লক্ষ্য কৰি স্পষ্ট ঘোষণা বুফাৰ নেতা শান্তনু মুখাৰ্জিৰ। কংগ্ৰেছেই হওক বা বিজেপি কোনো দলেই অসমৰ বাঙালী লোকসকলক নিৰাপত্তা দিব পৰা নাই বুলিও দাবী কৰিছে বুফাই।

আততায়ীক কৰায়ত্ত কৰাত ব্যৰ্থ হ’লে ইয়াত চৰকাৰৰে ‘ষড়যন্ত্ৰ থকা’ বুলি ধৰি ল’ম বুলিও বুফাই মত প্ৰকাশ কৰিছে। “৭ দিনৰ ভিতৰত দুষ্কৃতিকাৰীক কৰায়ত্ত কৰক অন্যথা গঢ়ি তোলা হ’ব ব্যাপক ধাৰাৱাহিক আন্দোলনৰ কাৰ্যসূচী,” মন্তব্য অৰুণ ৰায়ৰ।

ধলাৰ গণহত্যাত নিহত প্ৰত্যেক গৰাকী লোকৰ পৰিয়ালৰে এজনক চৰকাৰী চাকৰি আৰু পৰিয়ালক ২০ লাখকৈ টকা দিবলৈও দাবী জনাইছে বুফাই।

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কে অসমৰ পৰিৱেশ বিষময় কৰি তোলাৰ সময়ত ৰাজ্যৰ বাঙালী সংগঠনসমূহৰ বৃ্হত্তম ঐক্য মঞ্চটোৰ অৱস্থান তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে।

সমাৱেশ আয়োজনেৰে ৰাজ্যজোৰা উত্তেজনাৰ সৃষ্টি কৰা, শিলাদিত্য দেব মুখ্য আহ্বায়কৰূপে থকা চি আৰ পি এফ এ’-ৰ সদস্য সংগঠনৰ সংখ্যাক লৈ সন্দেহৰ সৃষ্টি হোৱাৰ বিপৰীতে বুফা হৈছে ৰাজ্যৰ বাঙালী সংস্থাসমূহৰ বৃহত্তম মঞ্চ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd