DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘মাৰি-পিটি দেহ ব্যৱসায়ত লগাইছিল’: শিলিগুৰিত উদ্ধাৰ হোৱা অসমৰ যুৱতী

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
July 7, 2019 11:21 pm
DHUBRI GIRL WENT MISSING SINCE LAST THREE MONTHS RESCUED FROM RED LIGHT AREA OF SILIGURI

প্ৰতীকী ছবি।

2.5k
VIEWS
Share on FacebookShare on Twitter

দেহ ব্যৱসায়ৰ নৃশংস জগতৰ দুঃস্বপ্নহেন বাস্তৱৰ সাক্ষী হোৱা অসমৰ ধুবুৰীৰ এগৰাকী যুৱতীক চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ শিলিগুৰিৰ পতিতালয়ত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

দেওবাৰে ধুবুৰীত সাংবাদিকৰ আগত যুৱতীগৰাকীয়ে নিজৰ ভয়ানক অভিজ্ঞতা বৰ্ণনা কৰে।

“যোৱা এমাহতকৈয়ো বেছি দিন মাৰি-পিটি বলপূৰ্বক মোক দেহ ব্যৱসায়ত লগোৱা হৈছিল,” তিনিমাহ পূৰ্বে ধুবুৰীৰ চাউথ চালমাৰাৰ পৰা সন্ধানহীন হোৱা যুৱতীগৰাকীয়ে কয়।

দক্ষিণ চালমাৰাৰ মুতাখাৱা গাৱঁৰ ছোৱালীজনীয়ে মানৱ সৰবৰাহ তথা দেহ ব্যৱসায় চক্ৰটোৰ নে’টৱৰ্কটোৰো বৰ্ণনা কৰে।

যুৱতীগৰাকীৰ অভিযোগ মতে, তেওঁৰ প্ৰেমিক তথা একেখন গাৱঁৰে যুৱক চমেজ আলিয়ে বিয়া কৰাম বুলি বন্ধু আনোৱাৰৰ সৈতে লগ-লাগি তাইক লৈ গৈ শিলিগুৰিত বিক্ৰী কৰিছিল।

“তিনিমাহ আগতে বিয়া পাতিম বুলি চমেজে মোক ধুবুৰী টাউনলৈ লৈ আনিছিল। তাৰ পিছত সি মোক কোচবিহাৰলৈ নি জাহাংগীৰ নামৰ এজন মানুহ আৰু এজনী মানুহৰ হাতত গতাই দিয়ে। সিহঁতে মোক শিলিগুৰিলৈ লৈ আনি প্ৰথমতে পুচকি, তাৰ পিছত মঞ্জুৰ আৰু শেষত প্ৰদীপক বিক্ৰী কৰে। তাৰ পৰাই পুলিচে মোক উদ্ধাৰ কৰিছে,” যুৱতীগৰাকীৰ ভাষ্য।

যুৱতীগৰাকী সন্ধানহীন হোৱা বুলি দেউতাকে যোৱা ১৭ জুনত দিয়া এজাহাৰৰ ভিত্তিত তদন্তকাৰী বিষয়া নয়ন কুমাৰে চলোৱা অভিযানত তেওঁক উদ্ধাৰ কৰা হৈছে।

ঘটনাটো সন্দৰ্ভত এতিয়ালৈকে কোনো ব্যক্তিক আটক কৰা হোৱা নাই, কিন্তু আৰক্ষীয়ে তদন্ত অব্যাহত থকা বুলি সদৰী কৰি শীঘ্ৰেই দোষীক ধৰা পেলোৱাৰ আশ্বাস দিছে।

“আমি ভাৰতীয় দণ্ড বিধিৰ ৩৬৩, ৩৬৫, ৩৮৭ আৰু ৩৪ ধাৰাত এটা গোচৰ (নং ২১২/২০১৯) ৰুজু কৰিছো,” চাউথ চালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আবুল কালাম আজাদে জনায়।

Recent News

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd