DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাবালকৰ গাত উতলা পানী ঢলাত অভিযুক্ত ডিব্ৰুগড়ৰ পলাতক চিকিৎসকৰ পুত্ৰ, কন্যাক আটক

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
September 3, 2020 6:43 pm
Assam: Dibrugarh doctor who poured boiling water on minor absconding

নাবালকগৰাকী। ছবি সৌজন্য-- টুইটাৰ।

293
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় আৰক্ষীয়ে বনকৰা নাবালকৰ গাত উতলা পানী ঢলাত অভিযুক্ত পলাতক চিকিৎসক ডাঃ সিদ্ধি প্ৰসাদ দেউৰীৰ পুত্ৰ, কন্যাক বৃহস্পতিবাৰে আটক কৰিছে।

পুত্ৰ, কন্যা দুগৰাকীক প্ৰিয়াংশু আৰু উপাসনা দেউৰী বুলি চিনাক্ত কৰা হৈছে।

নৰ্থইষ্ট নাওৰ সৈতে হোৱা কথা-বাৰ্তাত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেড্কুৱাৰ্টাৰ) পদ্মনাভ বৰুৱাই কয়, “আমি ডাঃ সিদ্ধি প্ৰসাদ দেউৰীৰ পুত্ৰ আৰু কন্যাক জেৰাৰ বাবে আনিছো। আমাৰ আৰক্ষীৰ দলে ডাঃ দেউৰী আৰু তেওঁৰ পত্নী মিতালী কোঁৱৰৰ সন্ধান চলাই আছে। আমি তেওঁলোকৰ বিৰুদ্ধে আইনমতে কঠোৰ ব্যৱস্থা ল’ম।”

অভিযোগমতে ২৭ আগষ্টৰ ৰাতি ডাঃ দেউৰীয়ে ঘৰৰ মজিয়াত শুই থকা বনকৰা নাবালকজনৰ গাত উতলা পানী ঢালি দিছিল।

২৯ আগষ্টত চাইল্ডলাইন, শিশু কল্যাণ সমিতি আৰু আৰক্ষীৰ দলে দেউৰীৰ ঘৰৰ পৰা নাবালকজনক উদ্ধাৰ কৰিছিল।

বুধবাৰে চিকিৎসকগৰাকীৰ ঘৰলৈ যোৱা মিলন নগৰ আৰক্ষী চকীৰ আৰক্ষীৰ দল তেওঁৰ বন্ধ গেটৰ সন্মুখত বহু ঘণ্টাধৰি অপেক্ষা কৰিব লগা হয়।

পিছত আৰক্ষীয়ে দণ্ডাধীশক খবৰ দিয়ে আৰু দণ্ডাধীশৰ উপস্থিতিত চিকিৎসকগৰাকীৰ ঘৰত গেট বগাই প্ৰৱেশ কৰে।

সূত্ৰমতে, দেউৰীৰ ঘৰ ভিতৰৰ পৰা বন্ধ আছিল আৰু তেওঁলোকে ঘৰত কুকুৰ মুকলি কৰি ৰাখিছিল।

আৰক্ষীয়ে বহু ঘণ্টাধৰি ডাঃ দেউৰী আৰু পত্নী মিতালী কোঁৱৰক ঘৰত বিচাৰে যদিও কোনো সন্ধান পাবলৈ সক্ষম নহ’ল।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেড্কুৱাৰ্টাৰ) পদ্মনাভ বৰুৱাই নৰ্থইষ্ট নাওক জনাইছিল, “আমি শিশু শ্ৰমিক আইন আৰু কিশোৰ ন্যায় আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছো। আমি অভিযুক্ত ডাঃ সিদ্ধি প্ৰসাদ দেউৰীক বিচাৰি আছো আৰু আইনমতে ব্যৱস্থা লোৱা হ’ব।”

১২ বছৰীয়া শিশুটিয়ে দেউৰীৰ ঘৰত বনকৰা ল’ৰা হিচাপে কাম কৰি আহিছিল।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বাৰ্তাত শিশুটিয়ে কয় যে ঘৰৰ মজিয়াত ৰাতি শুই থাকোতে ডাঃ সিদ্ধি প্ৰসাদ দেউৰীয়ে গাত উতলা পানী ঢালি দিয়ে।

শিশুটিয়ে জনোৱা মতে তেওঁলোকৰ সকলো ঘৰুৱা কাম তেওঁ কৰি আহিছে।

শিশুটিয়ে লগতে জনাই যে তেওঁৰ ঘৰ যোৰহাটত, কিন্তু দেউতাকৰ লগত যোগাযোগ কৰিবলৈ তাক দিয়া নহয়।

শিশু কল্যাণ সমিতিৰ এজন সদস্যই জনোৱা মতে তেওঁলোকে শিশুটিৰ প্ৰকৃত ঘৰৰ ঠিকনা বিচৰাত চিকিৎসকজনে সেয়া জনোৱা নাছিল আৰু শিশুটি তেওঁলোকৰ সম্পৰ্কীয় আৰু দেউৰী উপাধিৰ বুলি কৈছিল।

কিন্তু পিছত পোহৰলৈ আহে যে শিশুটিৰ উপাধি ভূঞাহে।

ডাঃ দেউৰী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চিকিৎসক আৰু পত্নী মিতালী কোঁৱৰ মৰাণ কলেজৰ অধ্যক্ষা।

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd